চিটাৰা ডেস্ক, 6 জুনঃ 2020 বৰ্ষত বলীউড ছবিজগতৰ বাবে আহিছে আন এটা দুঃখবৰ । COVID-১৯ ত আক্ৰান্ত হৈ শুকুৰবাৰে মৃত্যুক আঁকোৱালি ল'লে বলীউডৰ ছবি নিৰ্মাতা অনিল সুৰীয়ে । 77 বয়সত শেষ নিশ্বাস ত্যাগ কৰে জেষ্ঠ ছবি নিৰ্মাতাগৰাকীয়ে । এক ৱেব চাইটৰ তথ্য অনুসৰি ছবি নিৰ্মাতাগৰাকীক বুধবাৰে এডভান্স মল্টিস্পেছিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । য'ত ভেন্টিলেটৰত ৰখা হৈছিল পৰিচালকগৰাকীক । কিন্তু শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত মৃত্য়ু হয় ছবি নিৰ্মাতা অনিল সুৰীৰ ।
ভাতৃ ৰাজীৱ সুৰীয়ে জানিবলৈ দিয়ে যে, পোন প্ৰথমে লিলাৱটি আৰু হিন্দুজা হাস্পতাল লৈ যোৱা হৈছিল যদিও তাত তেওঁক ভৰ্তি কৰাবলৈ অমান্তি হৈছিল দুয়োখন হাস্পতাল কৰ্তৃপক্ষই ।
অনীল সুৰীয়ে ৰাজ কাপুৰ, জিতেন্দ্ৰ, ৰেখা অভিনীত কৰ্মযোগী (1978) আৰু ধৰমেন্দ্ৰ, সুনীল দত্ত, ৰাজ কুমাৰ, হেমা মালিনী, ৰীণা ৰয়, শাৰিকা আৰু কমল হাচান অভিনীত ৰাজ তিলিক (1984 ) নামৰ বলিউডৰ ছবি দুখনৰ প্ৰযোজনা কৰিছিল ।