চিটাৰা ডেস্ক, 27 ছেপ্তেম্বৰ : বলীউডৰ অভিনেতা আমিৰ খান আৰু পত্নী কিৰণ ৰাওৰ বিবাহ বিচ্ছেদ সকলোৰে বাবে এক আশ্বৰ্যকৰ বাতৰি আছিল ৷ দুয়ো গৰাকীয়ে একত্ৰিতভাৱে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বাতৰি সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলক জনাইছিল ৷
বিচ্ছেদৰ পিছতো কৰণে আমিৰৰ আহিবলগীয়া ছবি লাল সিং ছড্ডা আৰু কেইবাখনো ছবিৰ কামত জড়িত হৈ আছে ৷ ইয়াৰ মাজতে দেওবাৰে আমিৰ খান আৰু কিৰণ ৰাওক পুত্ৰ আজাদ খানৰ সৈতে এখন হোটেলৰ বাহিৰত দেখা যায় ৷ তিনিও হোটেলখনত নৈশ আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল ৷
যোৱা মাহৰ আৰম্ভণিতে আমিৰ আৰু পুত্ৰ আজাদক লাডাখত লাল সিং ছড্ডাৰ শ্বুটিং সামৰি অহাৰ সময়তে এয়াৰপ’ৰ্টত আনিবলৈ গৈছিল কিৰণে ৷
15 বছৰীয়া বৈবাহিক জীৱনৰ পিছত যোৱা জুলাই মাহত খান দম্পতীয়ে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লয় ৷ দুয়ো গৰাকীয়ে 2001 চনত Lagaan ছবিখনৰ শ্বুটিঙৰ সময়ত লগ পাইছিল ৷ ইয়াৰ পিছতে তেওঁলোকে 2005 চনত বিবাহপাশত আৱদ্ধ হয় ৷ 2011 চনত তেওঁলোকে চাৰ’গেছীৰ জৰিয়তে পুত্ৰ আজাদক আদৰিছিল ৷
লগতে পঢ়ক : যোধপুৰত হ’ব আলিয়া-ৰণবীৰৰ বিয়া !