ETV Bharat / lifestyle

পুৰুষৰ গৌণ বন্ধ্যাত্বৰ কাৰণ কি ?

author img

By

Published : Nov 1, 2021, 12:05 PM IST

আমি বন্ধ্যাত্ব শব্দটো অথবা এই সম্পৰ্কীয় সমস্যাৰ বিষয়ে প্ৰায়ে শুনিবলৈ পাওঁ । কিন্তু আপুনি জানেনে বহু লোকে গৌণ বন্ধ্যাত্বৰ সমস্যাৰো সন্মুখীন হয় ? পুৰুষৰ গৌণ বন্ধ্যাত্বৰ কাৰণবোৰৰ বিষয়ে জানো আহক ।

পুৰুষৰ গৌণ বন্ধ্যাত্বৰ কাৰণ
পুৰুষৰ গৌণ বন্ধ্যাত্বৰ কাৰণ

নিউজ ডেস্ক, ১ নৱেম্বৰ : যেতিয়া এক দম্পতীয়ে এটা সন্তান প্ৰাপ্তিৰ পাচত পুনৰ আন এটি সন্তান জন্ম দিয়াৰ বাবে চেষ্টা কৰে আৰু প্ৰায় এবছৰ চেষ্টা কৰাৰ পিছতো গৰ্ভধাৰণ নহয়, তেতিয়া গৌণ বন্ধ্যাত্বৰ সমস্যা উদ্ভৱ হয় । এই ৰোগ নিৰ্ণয় কৰাটো বিভ্ৰান্তিকৰ হোৱাৰ সম্ভাৱনা থাকে । এই ক্ষেত্ৰত বহু প্ৰশ্ন উত্থপন হ'ব পাৰে । যেনে, প্ৰথমবাৰ গৰ্ভধাৰণত কোনো অসুবিধা হোৱা নাছিল, কিন্তু এতিয়া কিয় গৰ্ভধাৰণ হোৱা নাই ?

বহু ক্ষেত্ৰত, গৌণ বন্ধ্যাত্বৰ সমস্যা থকা পুৰুষৰ প্ৰায় এক-তৃতীয়াংশৰ ক্ষেত্ৰত এনে সমস্যা বেছি উদ্ভৱ হোৱা পৰিলক্ষিত হয় । চণ্ডীগড়ৰ ক্লাউডনাইন গ্ৰুপ অৱ হাস্পতালৰ জ্যেষ্ঠ ফাৰ্টিলিটী কন্সালটেণ্ট কাঞ্চী খোৰানাই এই বিষয়ত কয় যে, বয়স বাঢ়ি অহাৰ লগে লগে এজন পুৰুষে গৌণ বন্ধ্যাত্বৰ সমস্যাত ভোগে । সাধাৰণতে যেতিয়া স্বামী-স্ত্ৰীয়ে দ্বিতীয় সন্তানৰ বাবে চেষ্টা কৰে আৰু গৰ্ভধাৰণ কৰিবলৈ সক্ষম নহয় তেতিয়া এই সমস্যা পোহৰলৈ আহে ।

কিন্তু সকলো পুৰুষে গৌণ বন্ধ্যাত্বৰ সমস্যাৰ সন্মুখীন নহয় । স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ, ব্যায়াম নিয়ামীয়াকৈ কৰিলে আৰু সুৰা আৰু ধপাতৰ দৰে ক্ষতিকাৰক দ্ৰৱ্য ব্যৱহাৰৰ পৰা বিৰত থাকিলে পুৰুষৰ শুক্ৰাণুৰ মান উন্নত হৈ থাকে । কিন্তু আশ্চৰ্যজনকভাৱে এই সকলোবোৰ পৰামৰ্শ মানি স্বাস্থ্যকৰ জীৱনশৈলীক আকোঁৱালি লোৱা পুৰুষো গৌণ বন্ধ্যাত্বৰ সমস্যাত ভোগা দেখা যায় ।

পুৰুষৰ গৌণ বন্ধ্যাত্বৰ কাৰণঃ

ভেৰিক'চেলে : গৌণ বন্ধ্যাত্বৰ সমস্যাত ভোগা ৫ জন পুৰুষৰ ভিতৰত ১ জনৰ ক্ষেত্ৰত এই সমস্যাৰ সৃষ্টি হয় । ভেৰিক'চেলে হৈছে অণ্ডকোষত শিৰা বৃদ্ধি হোৱা অথবা অণ্ডকোষক আৱৰি থকা ছালৰ এটা মোনা । পুৰুষৰ শুক্ৰাণু উৎপাদন হ্ৰাস হোৱা কাৰকবোৰৰ ভিতৰত এইটো এটা অন্যতম কাৰণ । বন্ধ্যাত্বৰ সমস্যাত ভোগা প্ৰায় ৩০ শতাংশ পুৰুষৰ ভেৰিক'চেলে থাকিব পাৰে । গৰম পৰিৱেশ শুক্ৰাণুৰ বাবে মাৰাত্মক হ'ব পাৰে । এনে পৰিৱেশত শুক্ৰাণু হ্ৰাস হয় আৰু লগতে মৃত্যুও হয় ।

টেষ্ট'ষ্টেৰনৰ স্তৰ হ্ৰাস : টেষ্ট'ষ্টেৰন বা পুৰুষৰ যৌন হৰমনক সাধাৰণতে শুক্ৰাণু উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি জনা যায় । বয়স বৃদ্ধি, যৌনাংগ অথবা প্ৰস্ৰাৱৰ অংগত পোৱা আঘাত, জেনিটউৰিনেৰী সংক্ৰমণ, থাইৰয়ড ৰোগ, ডিএম, টিবি, মাম্পচ, স্মলপক্স, চাপ বা অস্ত্ৰোপচাৰৰ ফলত টেষ্ট'ষ্টেৰনৰ স্তৰ হ্ৰাস হোৱাৰ সম্ভাৱনা থাকে ।

অস্বাস্থ্যকৰ অভ্যাস : ধপাত, ড্ৰাগছ আৰু সুৰাপানে শুক্ৰাণুৰ জীৱন কঠিন কৰি তোলাৰ সম্ভাৱনা থাকে । পূৰ্বতে স্বাস্থ্যকৰভাৱে এজন পুৰুষৰ পত্নীয়ে গৰ্ভধাৰণ কৰাটো বেলেগ কথা । কিন্তু পুৰুষজনৰ শৰীৰত বিষাক্ত পদাৰ্থ জমা হ'লে শেষত গৌণ বন্ধ্যাত্বৰ সমস্যাত ভূগিব লাগিব ।

বীৰ্যৰ নিম্ন মান : বয়স বাঢ়ি যোৱাৰ লগে লগে শুক্ৰাণু বহনকাৰী বীৰ্যৰ মান নিম্নগামী হয় । ৪০ বছৰ বয়সৰ পাচত নিম্ন মানৰ বীৰ্য হৈছে পুৰুষৰ গৌণ বন্ধ্যাত্বৰ মূল কাৰণ ।

মানসিক চাপ : মানসিক চাপৰ ফলতো এই ক্ষেত্ৰত বিফলতা আহিব পাৰে । বয়স অধিক হোৱাৰ পূৰ্বে বলিৰেখা দেখা পোৱা, অনিদ্ৰা, দীৰ্ঘদিনীয়া চিন্তা আদি বন্ধ্যাত্বৰ কাৰণ । প্ৰথম সন্তান জন্ম হোৱাৰ আগতে এই একেবোৰ চাপ থাকিলেও বয়স বৃদ্ধি হোৱাৰ লগে লগে সম্ভৱতঃ এই মানসিক চাপে শৰীৰত ক্ষতি কৰিবলৈ আৰম্ভ কৰিছে ।

প্ৰষ্টেট বৃদ্ধি বা প্ৰষ্টেট আঁতৰ কৰা : প্ৰষ্টেট বৃদ্ধিৰ ফলত শুক্ৰাণুৰ সংখ্যা কম হয় আৰু স্খলনত বাধাৰ সৃষ্টি কৰিব পাৰে । কৰ্কট ৰোগ বা আন ৰোগৰ বাবে প্ৰষ্টেট আঁতৰোৱাৰ ফলত ৰিট্ৰ'গ্ৰেড এজাকুলেশ্যনৰ সম্ভাৱনা থাকে । এনেবোৰ কাৰণতে বন্ধ্যাত্বৰ সমস্যাৰ উদ্ভৱ হ'ব পাৰে ।

ঔষধৰ ব্যৱহাৰ : কিছুমান এণ্টিবায়'টিক গ্ৰহণ আৰু উচ্চ ৰক্তচাপৰ চিকিৎসাৰ বাবে ব্যৱহৃত কেইটামান ঔষধে শুক্ৰাণুৰ সংখ্যা আৰু মানৰ ক্ষেত্ৰত প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে । লগতে, কৰ্কট ৰোগৰ বাবে ব্যৱহৃত কেমোথেৰাপী বা ৰেডিঅ'থেৰাপীয়ে শুক্ৰাণুৰ সংখ্যা আৰু মান হ্ৰাস কৰিব পাাৰে ।

বাণিজ্যিক যৌন লুব্ৰিকেণ্টৰ ব্যৱহাৰ : চীনাবাদাম, সূৰ্যমুখী ফুল আৰু বনস্পতি তেল আৰু পেট্ৰ'লিয়াম জেলিকে ধৰি এই অ-বিষাক্ত, প্ৰাকৃতিক লুব্ৰিকেণ্টবোৰ শুক্ৰাণুৰ বাবে বিষাক্ত । সেয়েহে এইবোৰ ক্ষতিকাৰক হোৱাৰ সম্ভাৱনা থাকে ।

ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ অহা : কীটনাশক দ্ৰৱ্য, সীহ, ঔদ্যোগিক ৰাসায়নিক পদাৰ্থ আৰু অত্যাধিক গৰম বা ঠাণ্ডাই এজন পুৰুষৰ শুক্ৰাণুক প্ৰভাৱিত কৰিব পাৰে । আমি বাস কৰা পৃথিৱীখনত আমি অজানিতে প্ৰতিদিনে বিষাক্ত পদাৰ্থৰ সংস্পৰ্শলৈ আহো । কিন্তু কিছুমান অধিক ক্ষতিকাৰক পদাৰ্থই ভয়াৱহ স্বাস্থ্য সংকটত পেলাব পাৰে । সীহ থকা সামগ্ৰী, কীটনাশক দ্ৰৱ্য, ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ আৰু ৰেডিয়েশ্যন শুক্ৰাণুৰ বাবে ক্ষতিকাৰক ।

অত্যাধিক ওজন বৃদ্ধি : মেদবহুলতাই টেষ্ট'ষ্টেৰনৰ স্তৰ হ্ৰাস কৰে আৰু এষ্ট্ৰোজেনৰ স্তৰ বৃদ্ধি কৰে । ওজন বৃদ্ধি আৰু মধুমেহ বন্ধ্যাত্বৰ আন এক কাৰণ । প্ৰায়ে ওজন বৃদ্ধিয়ে হৰ্ম'নেল সন্তুলন ব্যাহত কৰে । ফলত শুক্ৰাণুৰ উৎপাদন আৰু মানত যথেষ্ট প্ৰভাৱ পৰে ।

লগতে পঢ়ক:ভাৰতত কাম, স্বাস্থ্য আৰু বিত্তীয় সমস্যাই প্ৰাপ্তবয়স্কৰ মাজত অধিক চাপ সৃষ্টি কৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.