ETV Bharat / jagte-raho

দুখনকৈ ব্যক্তিগত বিদ্যালয়ত অগ্নিসংযোগ দুৰ্বৃত্তৰ

author img

By

Published : Dec 19, 2020, 4:44 PM IST

দুখনকৈ ব্যক্তিগত বিদ্যালয়ত অগ্নিসংযোগ দুৰ্বৃত্তৰ ৷ বাক্সাৰ শালবাৰীত সংঘটিত হৈছে এই ঘটনা ৷

দুখনকৈ ব্যক্তিগত বিদ্যালয়ত অগ্নিসংযোগ দুৰ্বৃত্তৰ
দুখনকৈ ব্যক্তিগত বিদ্যালয়ত অগ্নিসংযোগ দুৰ্বৃত্তৰ

বাক্সা, ১৯ ডিচেম্বৰ : বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত কালপানীৰ শংকৰদেৱ শিশু নিকেতন আৰু বডোফা একাডেমীত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ প্রকাশ কৰা হয় । শুক্রবাৰে ৰাতি প্ৰায় ৮ মান আৰু ১০ মান বজাত শংকৰদেৱ শিশু নিকেতনখনত দুবাৰকৈ অগ্নি সংযোগ কৰাৰ পিছত পুনৰ দুই ঘণ্টাৰ পিছত বডোফা একাডেমীতো অগ্নি সংযোগ কৰে ।

বডোফা একাডেমীত দুৰ্বৃত্তৰ অগ্নিসংযোগ

শংকৰদেৱ শিশু নিকেতনখনৰ বেছিকৈ ক্ষতিগ্রস্ত হোৱা নাই যদিও বডোফা একাডেমীখনৰ কিতাপ পত্ৰৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ইউনিফৰ্মকে আদি কৰি প্ৰায় লাখ টকাৰ সা-সামগ্ৰী জুইত জাহ যোৱাৰ সন্দেহ প্রকাশ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ।

কালপানীৰ শংকৰদেৱ শিশু নিকেতনত দুৰ্বৃত্তৰ অগ্নিসংযোগ

ঘটনাস্থলীৰ পৰা স্থানীয় ৰাইজে এজনী পাগলী তিৰোতাক আটক কৰি আৰক্ষীক গটাই দিয়ে বুলি জানিব পৰা গৈছে । ইতিমধ্যে বিদ্যালয় দুখনৰ তৰফৰ পৰা বাঁহবাৰী উপ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে এই অগ্নিকাণ্ডৰ ঘটনা কোনে কেনেকৈ সংঘটিত কৰিলে তাৰ সঠিক তদন্ত বিচাৰিছে ৷

লগতে পঢ়ক : নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.