শিৱসাগৰ, 25 জুনঃ শিৱসাগৰত কিশোৰীক যৌন নিৰ্যাতন অভিযোগ ৷ পিতৃৰ বয়সৰ এজন লোকে ১৩ বছৰীয়া কিশোৰী এগৰাকীক ধৰ্ষণৰ চেষ্টা চলোৱা বুলি কিশোৰীগৰাকীৰ মাতৃয়ে অভিযোগ কৰে ৷ শিৱসাগৰ নগৰৰ পুৰণি আমোলা পট্টিত এই জঘন্য ঘটনা সংঘটিত হৈছে ৷
ঘৰত কোনো নথকাৰ সুযোগত নৃপেন বৈশ্য নামৰ লোকজনে বুধবাৰে দিনৰ ভাগত সংঘটিত কৰে এই দুষ্কাৰ্য ৷ ঘটনা সম্পৰ্কে কিশোৰী গৰাকীৰ মাতৃয়ে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ৷ কিন্তু আৰক্ষীৰ গাফিলতিৰ বাবে সেইদিনাই কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা নহ'ল বুলি কিশোৰী গৰাৰীৰ মাতৃয়ে অৱগত কৰে ৷ বৃহস্পতিবাৰে স্বাস্থ্য পৰীক্ষা কৰাৰ সম্ভাৱণা আছে ৷
লগতে পঢ়কঃ 6 জুলাইত আলিগড় আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ শ্বাৰ্জিল ইমামক