ETV Bharat / jagte-raho

আৰক্ষীক আক্ৰমণৰ সৈতে জড়িত অভিযুক্তৰ আত্মসমৰ্পণ

author img

By

Published : Apr 22, 2020, 4:35 PM IST

বৰপেটাৰ কলগাছিয়াৰ বামুনটাৰীত লক ডাউনত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণৰ লগত জড়িত অভিযুক্তৰ আত্মসমৰ্পণ। ১৬ এপ্ৰিলত কৰ্তব্যৰত আৰক্ষীৰ সৈতে হোৱা হতাহতিৰ ফলত আয়নাল হক নামৰ যুৱকজনক আৰক্ষীয়ে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে যদিও জুলহাশ আলী আৰু সাংবাদিক আব্দুল আলিমে পলায়ন কৰে । ১৯ এপ্ৰিল তাৰিখে বালিকুৰী আৰক্ষী চকীত জুলহাশ আলীয়ে আত্মসমৰ্পণ কৰাৰ বিপৰীতে বুধবাৰে সাংবাদিক আব্দুল আলিমে আত্মসমৰ্পণ কৰে ৷

আৰক্ষীক আক্ৰমণৰ সৈতে জড়িত অভিযুক্তৰ আত্মসমৰ্পন

বৰপেটা, 22 এপ্ৰিল : লক ডাউনৰ মাজতে ১৬ এপ্ৰিলত বৰপেটা জিলাৰ লগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বামুনটাৰীত আৰক্ষীৰ সৈতে 3 যুৱকৰ হতাহতিৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ ঘটনা সংঘটিত কৰা যুৱক 3 জনৰ আয়নাল হক নামৰ যুৱকজনক লগে লগে আৰক্ষীয়ে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে যদিও বাকী দুজন যুৱক জুলহাশ আলী আৰু সাংবাদিক আব্দুল আলিমে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ ইয়াৰে জুলহাশ আলী নামৰ যুৱকজনে ১৯ এপ্ৰিলত বালিকুৰি আৰক্ষী চকীত আত্মসমৰ্পণ কৰে ৷

ইফালে সাংবাদিক আব্দুল আলিমেও বুধবাৰে ৰাতিপুৱা বালিকুৰি আৰক্ষী চকীত আত্মসমৰ্পণ কৰে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে,কলগাছিয়া আৰক্ষী থানা, বালিকুৰি আৰক্ষী চকী,বৰভিটা আৰক্ষী চকীকে ধৰি বৰপেটা আৰক্ষী প্ৰশাসনে অতি তৎপৰতাৰে কৰ্তব্য পালন কৰি আহিছে ।
লগতে পঢ়ক : কলগাছিয়াৰ বালাৰপাথাৰত চাঞ্চল্যকৰ চুৰিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.