নগাঁও, 13 মে': দীৰ্ঘদিন ধৰি নগাওঁ চহৰৰ বিভিন্ন প্ৰান্তত একাংশ দুষ্ট চক্ৰই চলাই আহিছে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় । ইতিমধ্যে নগাওঁ আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত অভিযান চলাই বহুকেইজন ড্ৰাগছ সৰবৰাহকাৰীক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ পিছতো চহৰখনত অব্যাহত আছে ড্ৰাগছৰ বেহা ৷
নিচাজাতীয় ঔষধ, ভাং , হেৰ'ইনকে ধৰি বিভিন্ন মাৰাত্মক ড্ৰাগছ বেহাত একাংশ যুৱকৰ সৈতে জড়িত হৈ পৰিছে মহিলাসকলো । শেহতীয়াকৈ নগাওঁ আৰক্ষীৰ নগৰ শাখাই চহৰখনৰ ভূঞাঁপট্টিত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ভাং, নিচাজাতীয় ঔষধ ৷ লগতে এই অবৈধ বেহাত জড়িত ভূঞাপট্টিৰ মনু বেগম নামৰ মহিলাগৰাকীকো আটক কৰে আৰক্ষীয়ে । আৰক্ষীৰ অভিযানত ধৃত মনু বেগমৰ ঘৰৰ পৰা জব্দ হয় প্ৰায় আধা কেজি ভাঙৰ লগতে নিচাজাতীয় টেবলেট ।