ETV Bharat / jagte-raho

হায়দৰাবাদত গ্ৰেপ্তাৰ ৰোহিংগিয়া শৰণাৰ্থী

author img

By

Published : Jul 30, 2020, 6:30 PM IST

ম্যানমাৰৰ মহম্মদ ফাৰুক নামৰ এগৰাকী ৰোহিংগিয়া শৰণাৰ্থীক গ্ৰেপ্তাৰ কৰিছে হায়দৰাবাদ আৰক্ষীয়ে ৷ ব্যক্তিগৰাকীয়ে ভোটাৰ কাৰ্ড,আধাৰ কাৰ্ডকে ধৰি অন্যান্য ভাৰতীয় প্ৰমাণপত্ৰ অধিগ্ৰহণ কৰিছিল ৷ মহম্মদ ফাৰুকক এই কামত সহায় কৰিছিল ছৈয়দ কাদিৰুদ্দিন নামৰ এগৰাকী ব্যক্তিয়ে ৷ তেওঁকো হায়দৰাবাদ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷

হায়দৰাবাদত গ্ৰেপ্তাৰ ৰোহিংগিয়া শৰণাৰ্থী
হায়দৰাবাদত গ্ৰেপ্তাৰ ৰোহিংগিয়া শৰণাৰ্থী

নিউজ ডেস্ক, 30 জুলাই : ভাৰতত আহি অনৈতিকভাৱে ভোটাৰ কাৰ্ড,আধাৰ কাৰ্ড আৰু অন্যান্য প্ৰমাণ-পত্ৰ অধিগ্ৰহণ কৰি নিজকে ভাৰতীয় বুলি চিনাকী দিয়া এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে হায়দৰাবাদ আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ হোৱা লোকগৰাকী মহম্মদ ফাৰুক বুলি জানিব পৰা গৈছে আৰু ফাৰুক এগৰাকী ৰোহিংগিয়া শৰণাৰ্থী ৷ ফাৰুকক প্ৰমাণ পত্ৰ অধিগ্ৰহণৰ এই কামত সহায় কৰা ছৈয়দ কাদিৰুদ্দিন নামৰ এগৰাকী ব্যক্তিকো লগতে গ্ৰেপ্তাৰ কৰে হায়দৰাবাদ আৰক্ষীয়ে ৷

ৰোহিংগিয়া শৰণাৰ্থী হৈয়ো এইসমূহ ভুৱা প্ৰমাণ-পত্ৰৰ সহায়ত ফাৰুকে বিভিন্ন ভাৰতীয় আঁচনিৰ সুবিধা লৈ আহিছিল ৷ হায়দৰাবাদৰ ছাউথ জোন টীমৰ কমিছনাৰ টাস্ক টীম আৰু মোগলপুৰা আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰে ফাৰুকক ৷ ফাৰুকৰ ভাষ্যৰ ভিত্তিতে আৰক্ষীয়ে কাদিৰুদ্দিনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে,ফাৰুকে 2009 চনতেই ভাৰতত প্ৰৱেশ কৰিছিল আৰু জম্মু-কাশ্মীৰত তিনিবছৰ থকাৰ পিচত 2011 চনত হায়দৰাবাদলৈ আহিছিল ৷ হায়দৰাবাদৰ জলপল্লিত বাস কৰি আহিছিল ফাৰুকে ৷

ইতিমধ্যে দুয়োকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ মণিপুৰত আছাম ৰাইফলছৰ ওপৰত ভয়াৱহ এম্বুশ্ব, অসমৰ এগৰাকী ৰাইফলমেনসহ 3 শ্বহীদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.