ETV Bharat / international

আমেৰিকা-কানাডা সীমান্তত বাহন বিস্ফোৰণত নিহত ২ - FBI Buffalo Field Office

আমেৰিকাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই চিবিএছ নিউজক জনোৱা মতে, গাড়ীখন আমেৰিকাৰ ফালৰ পৰা আহি আছিল । তেনে সময়তে কাষ্টমছ ষ্টেচনত খুন্দা মৰাৰ ফলত বাহনখন জ্বলি যায় । অৱশ্যে গাড়ীখন কি কাৰণত বিস্ফোৰণ হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।

vehicle explosion in US
আমেৰিকা-কানাডা সীমান্তত বাহন বিস্ফোৰণত নিহত ২
author img

By ANI

Published : Nov 23, 2023, 11:19 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ নৱেম্বৰ : নায়েগ্ৰা জলপ্ৰপাতৰ ওচৰত আমেৰিকা-কানাডা সীমান্তচকীত এক 'বাহন বিস্ফোৰণ'ত দুজন লোক নিহত হয় । চিবিএছ নিউজৰ সূত্ৰ অনুসৰি বুধবাৰে আবেলিৰ সময়ত এই ঘটনাটো সংঘটিত হয় । অনুসন্ধানকাৰী দলে পৰিস্থিতি অধ্যয়নৰ বাবে ঘটনাস্থলীত উপস্থিত হয় আৰু অঞ্চলটোত চাৰিটা আমেৰিকা-কানাডা সীমান্তচকী বন্ধ কৰি দিয়া হৈছে ।

আনহাতে, চিবিএছ নিউজৰ বাতৰিৰ সত্যতা প্ৰমাণ কৰি আমেৰিকা প্ৰশাসনৰ কেইবাজনো বিষয়াই কৈছে যে বিস্ফোৰণ হোৱা বাহনখনৰ ভিতৰত দুজন লোক নিহত হৈছে । অৱশ্যে মৃত্যু হোৱা লোক দুজনৰ নাগৰিকত্ব সম্বন্ধে এতিয়াও জানিব পৰা হোৱা নাই বুলিও বিষয়াসকলে কয় । আমেৰিকাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই চিবিএছ নিউজক জনোৱা মতে, গাড়ীখন আমেৰিকাৰ ফালৰ পৰা আহি আছিল । সেই সময়তে গাড়ীখনে কাষ্টমছ ষ্টেচনত খুন্দা মাৰে জ্বলি যায় ।

কিন্তু গাড়ীখনত বিস্ফোৰণ হোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই ঘটনাটোক এক অতি আচৰিত দুৰ্ঘটনা বুলি বৰ্ণনা কৰি লগতে কয় যে এই দুৰ্ঘটনা সন্দৰ্ভত তেওঁলোকৰ ওচৰত এতিয়াও কোনো পৰ্যাপ্ত তথ্য আহি পৰা নাই । আনহাতে, আমেৰিকা-কানাডা সীমান্তত হোৱা এই বাহন বিস্ফোৰণৰ ঘটনাটো হোৱাইট হাউছে নিবিড়ভাৱে নিৰীক্ষণ কৰিছে বুলিও বিষয়াজনে কয় ।

বুধবাৰে (স্থানীয় সময় অনুসৰি) এগৰাকী জ্যেষ্ঠ বিষয়াই সাংবাদিকক জনোৱা মতে, আমেৰিকা-কানাডা সীমান্তত সংঘটিত 'বাহন বিস্ফোৰণ'ৰ ঘটনাত দুজন লোক নিহত হোৱাৰ পিছত হোৱাইট হাউছে পৰিস্থিতিটো নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে । হোৱাইট হাউছৰ বিষয়াজনে এইটোও জনায় যে সংসদীয় প্ৰতিনিধি ঘটনাস্থলীত উপস্থিত হৈছে আৰু বিষয়টোৰ তদন্ত কৰা হৈছে ।

হোৱাইট হাউছৰ জ্যেষ্ঠ বিষয়াজনে কয়, "হোৱাইট হাউছে পৰিস্থিতিটো নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে । সংসদীয় প্ৰতিনিধি ঘটনাস্থলীত আছে আৰু অনুসন্ধান কৰি আছে ।"

উল্লেখ্য যে নিউয়ৰ্কলৈ অহা এগৰাকী কানাডিয়ান দৰ্শনাৰ্থীয়ে জনোৱা মতে, ঘটনাটো সংঘটিত হোৱাৰ সময়ত তেওঁ ওচৰেৰে খোজকাঢ়ি গৈ আছিল আৰু তেওঁ বাহনখন সীমান্ত পাৰ হোৱাৰ দিশত দ্ৰুত গতিত যোৱা প্ৰত্যক্ষ কৰিছিল । ইফালে, এফবিআই বাফেলো ফিল্ড অফিচে এক বিবৃতিত কয় যে ঘটনাটোৰ স্থানীয়, ৰাজ্যিক আৰু ফেডাৰেল প্ৰতিনিধিৰ সৈতে সমন্বয়ত তদন্ত কৰা হৈছে ।

"এফবিআই বাফেলো ফিল্ড অফিচে নায়েগ্ৰা জলপ্ৰপাতত আমেৰিকা আৰু কানাডাৰ মাজত থকা সীমান্ত পাৰ হৈ থকা ৰেইনবো ব্ৰীজত এখন বাহন বিস্ফোৰণৰ তদন্ত কৰি আছে । এফবিআয়ে এই অনুসন্ধানত আমাৰ স্থানীয়, ৰাজ্যিক আৰু ফেডাৰেল প্ৰতিনিধিৰ সৈতে সমন্বয় কৰি আছে । যিহেতু এই পৰিস্থিতিটো অতি গুৰুতৰ, আমি এই সময়ত এয়াই ক'ব পাৰোঁ ।" এক্সত পোষ্টত এফবিআয়ে লিখিছে ।

উল্লেখ্য যে নায়েগ্ৰা জলপ্ৰপাত, অণ্টাৰিঅ', কানাডা নিউয়ৰ্কৰ সৈতে সংযোগ স্থাপন কৰা ৰেইনবো ব্ৰীজ হৈছে এক ভাললগা পৰ্যটনস্থলী । লুইষ্টন-কুইন্সটন দলং, ভাৰ্লপুল ৰেপিডছ ব্ৰীজ আৰু পীচ ব্ৰীজ হৈছে অঞ্চলটোৰ আনকেইটা সীমান্ত অতিক্ৰম কৰা চকী । ঘটনাটোৰ পিছত নিউয়ৰ্কৰ গভৰ্ণৰ কেথি হোচুলে এক বিবৃতিত কয়, "মোৰ নিৰ্দেশত নিউয়ৰ্ক ৰাজ্যিক আৰক্ষীয়ে নিউয়ৰ্কত প্ৰৱেশৰ সকলো দিশ নিৰীক্ষণ কৰিবলৈ এফবিআই যুটীয়া সন্ত্ৰাসবাদ টাস্ক ফ'ৰ্চৰ সৈতে সক্ৰিয়ভাৱে কাম কৰি আছে ।"

লগতে পঢ়ক :ইজৰাইলী বন্দীৰ পৰিয়ালৰ প্ৰতিনিধিক সাক্ষাৎ পোপ ফ্ৰান্সিছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.