ETV Bharat / international

G20 in Delhi: G20 ৰ সন্মিলনত বিশেষ গুৰুত্ব পাব ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 9:52 AM IST

আগন্তুক G 20 ৰ সন্মিলন ছেপ্তেম্বৰ মাহত দিল্লীত অনুষ্ঠিত হ’ব ৷ 9 আৰু 10 ছেপ্টেম্বৰত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-20 সন্মিলনৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে অংশগ্ৰহণ কৰিব ৷ এই সন্মিলনত বাইডেনে “জি-20 য়ে আমেৰিকাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিব” বুলি হোৱাইট হাউচৰ সচিবে কয় ।

G20 in Delhi
দিল্লীত অনুষ্ঠিত হ’ব G 20 ৰ সন্মিলন

ইণ্টাৰনেশ্যনেল ডেস্ক, 29 আগষ্ট: মঙলবাৰে হোৱাইট হাউছে কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে বিশ্বজুৰি অৰ্থনৈতিক সহযোগিতাৰ প্ৰধান মঞ্চ হিচাপে “জি-20 ৰ প্ৰতি আমেৰিকাৰ দায়ৱদ্ধতাক পুনৰ দৃঢ় কৰিব” আৰু ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধৰ সামাজিক প্ৰভাৱকে ধৰি একাধিক বিষয়ৰ ওপৰতো বক্তব্য আগবঢ়াব । হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰিন জিন পিয়েৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷

ৰাষ্ট্ৰপতিৰ সূচী ঘোষণা কৰি পিয়েৰে কয় যে বাইডেনে “নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া G20 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত 10 ছেপ্টেম্বৰত ভিয়েটনামৰ হানয়লৈ যাত্ৰা কৰিব ।” ৰাষ্ট্ৰপতি বাইডেনে জি-20 ত সফলতা লাভ কৰিবলৈ আশা কৰা লক্ষ্য সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত হোৱাইট হাউছৰ প্ৰেছ সচিবগৰাকীয়ে কয় যে, “ৰাষ্ট্ৰপতি বাইডেনে বিশ্বজুৰি অৰ্থনৈতিক সহযোগিতাৰ প্ৰধান মঞ্চ হিচাপে জি-20 ৰ প্ৰতি আমেৰিকাৰ দায়ৱদ্ধতাক পুনৰ দৃঢ় কৰিব ।”

ৰাষ্ট্ৰপতি বাইডেনে “স্বচ্ছ শক্তিৰ পৰিৱৰ্তন আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰা আৰম্ভ কৰি ইউক্ৰেইনত ৰাছিয়া যুদ্ধৰ অৰ্থনৈতিক আৰু সামাজিক প্ৰভাৱ লাঘৱ কৰালৈকে, বহুপক্ষীয় উন্নয়ন বেংকসমূহৰ সামৰ্থ বৃদ্ধিলৈকে বিশ্বৰ সমস্যাসমূহ মোকাবিলা কৰাৰ বাবে একাধিক যৌথ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰিব ৷ লগতে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু সমগ্ৰ বিশ্বৰ দেশসমূহক জুৰুলা কৰা উল্লেখযোগ্য আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহৰ মষিমূৰ কৰিবলৈ গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সন্দৰ্ভতো আলোচনা কৰা হ’ব ।”

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-20 সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰিব ৷ য’ত তেওঁ সদস্য ৰাষ্ট্ৰৰ সৈতে ইউক্ৰেইন যুদ্ধকে ধৰি জলবায়ু পৰিৱৰ্তনৰ দৰে বিশ্বব্যাপী সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে যৌথ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰিব বুলি হাউছে 22 আগষ্টত প্ৰকাশ কৰা এক বিবৃতিযোগে জনায় । বাইডেন আৰু জি-20 ৰ অংশীদাৰসকলে বহুপক্ষীয় উন্নয়ন বেংকৰ সামৰ্থ বৃদ্ধি কৰি স্বচ্ছ শক্তি পৰিৱৰ্তন আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়া সন্দৰ্ভতো আলোচনা কৰিব ।

ভাৰতত অহা 9 আৰু 10 ছেপ্টেম্বৰত জি-20 সন্মিলন আয়োজন কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুন মাহত আমেৰিকা ভ্ৰমণ কৰিছিল, য’ত বাইডেনে ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-20 শীৰ্ষ সন্মিলনৰ বাবে আগ্ৰহী বুলি কৈছিল । নতুন দিল্লীত থকাৰ সময়ত ৰাষ্ট্ৰপতি বাইডেনে প্ৰধানমন্ত্ৰী মোডীৰ জি-20 ৰ নেতৃত্বকো প্ৰশংসা কৰিব আৰু 2026 চনত আয়োজন কৰাকে ধৰি জি-20 ক অৰ্থনৈতিক সহযোগিতাৰ প্ৰধান মঞ্চ হিচাপে জি-20 ৰ প্ৰতি আমেৰিকাৰ দায়ৱদ্ধতাক পুনৰ দৃঢ় কৰিব বুলি ইয়াৰ পূৰ্বে 22 আগষ্টত হোৱাইট হাউছে ঘোষণা কৰিছিল ।

লগতে পঢ়ক: Ban on wearing abaya dress: শিক্ষানুষ্ঠানত শীঘ্ৰে নিষিদ্ধ ঘোষিত হ’ব ধৰ্মীয় পোচাক ’আবায়া’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.