ETV Bharat / international

Afghanisthan Earthquake : কেইবাটাও সৰু-বৰ ভূমিকম্পত বিধ্বস্ত আফগানিস্তান - earthquake Afghanistan

আফগানিস্তানত ভয়ংকৰ ভূমিকম্পৰ জোঁকাৰণি ৷ কমেও ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৪০ জন লোক আহত ৷

Afghanisthan Earthquake
আফগানিস্তানত ভূমিকম্প
author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 7:37 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 7 অক্টোবৰ: শনিবাৰে কেইবাটাও সৰু-বৰ বৃহৎ ভূমিকম্পই জোঁকাৰি গ’ল আফগানিস্তানক ৷ দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগে জানিবলৈ দিয়া অনুসৰি পশ্চিম আফগানিস্তানত ৬.৩ প্ৰাবল্যৰ দুটা ভূমিকম্পত কমেও ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৪০ জন লোক আহত হয় ৷ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ মুখপাত্ৰ মহম্মদ আব্দুল্লা জানে জানিবলৈ দিয়া অনুসৰি হেৰাট ব’ৰৰ জেণ্ডা জান জিলাৰ চাৰিখনকৈ গাঁৱত ভূমিকম্পৰ প্ৰভাৱ আৰু আফটাৰশ্বকৰ ফলত বহুকেইটা বাসগৃহৰ ক্ষতিসাধন হয় ৷

ইফালে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ অনুসৰিও 6.3 প্ৰৱল্যৰ জোঁকাৰণি অনুভূত হয় ৷ জানিব পৰা মতে ভূমিকম্পটোৰ উৎপত্তিস্থল হেৰাট চহৰৰ পৰা ৪০ কিলোমিটাৰ (২৪.৮ মাইল) উত্তৰ-পশ্চিম দিশত ৷ পৰৱৰ্তী সময়ত 5.5 প্ৰাৱল্যৰ আফটাৰশ্বকো অনুভূত হয় ৷ আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ ৱেবছাইটৰ মানচিত্ৰত উক্ত অঞ্চলত সাতটা ভূমিকম্পৰ কথা উল্লেখ কৰা হৈছে ৷ হেৰাট চহৰৰ স্থানীয় লোকৰ ভাষ্য অনুসৰি শনিবাৰৰ দুপৰীয়াৰ আশে-পাশে কমেও পাঁচটা শক্তিশালী ভূমিকম্পই জোঁকাৰি যায় ৷

উল্লেখ্য যে, ভূমিকম্প অনুভূত হোৱাৰ লগে-লগে হেৰাট চহৰৰ সকলো বাসিন্দা ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ উপৰিও দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় আদিত থকা লোকসকলো বাহিৰলৈ ওলাই যায় ৷ পৰৱৰ্তী সময়ত অধিক ভূমিকম্প অহাৰ সম্ভাৱনাৰ ফলত এই পৰ্যন্তও সকলো লোকে ঘৰ, কাৰ্যালয়ৰ বাহিৰতে অৱস্থান কৰিছে ৷ ইফালে ভূমিকম্পৰ ফলত টেলিফোনৰ সংযোগ পৰ্যন্ত বিচ্ছিন্ন হৈ যায় ৷ শেহতীয়াকৈ হেৰাট চহৰৰ ৰাজপথত শ-শ লোকে অৱস্থান গ্ৰহণ কৰাৰ ভিডিঅ’ও সামাজিক মাধ্যমত বিয়পি পৰা দেখা গৈছে ৷

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কাষৰীয়া ফাৰাহ আৰু বদঘিছতো এই ভূমিকম্প অনুভূত হয় ৷ উল্লেখ্য যে, ২০২২ চনৰ জুন মাহত পূব আফগানিস্তানৰ এটা সৰু, পাহাৰীয়া অঞ্চলত এক শক্তিশালী ভূমিকম্পৰ ফলত বাসগৃহসমূহ ভাগে সমতল হৈ পৰিছিল ৷ তথ্য অনুসৰি দুটা দশকৰ ভিতৰত আফগানিস্তানত হোৱা ভূমিকম্পৰ ফলত কমেও ১০০০ লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১৫০০ লোক আহত হয় ৷

লগতে পঢ়ক: Israel declares readiness for war : গাজা ষ্ট্ৰিপৰ পৰা ৰকেট আক্ৰমণ; উত্তৰত যুদ্ধৰ বাবে সাজু ইজৰাইল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.