ETV Bharat / international

Indian Ocean Island Games : মাদাগাস্কাৰ ষ্টেডিয়ামত ৰাইজৰ ঠেলা-হেঁচাত মৃত্যু 12; আহত 80 জন ক্ৰীড়াপ্ৰেমী - মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতি এণ্ড্ৰি ৰাজোলিনাই

মাদাগাস্কাৰত অঘটন ৷ ইণ্ডিয়ান অ’চেন আইলেণ্ড গেমছ উপভোগ কৰিবলৈ যোৱা 12 জন ক্ৰীড়াপ্ৰেমীৰ মৃত্যু ৷ আল জাজিৰাৰ বাতৰিত প্ৰকাশ পাইছে এই তথ্য ।

Indian Ocean Island Games
মাদাগাস্কাৰত ক্ৰীড়াপ্ৰেমীৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 9:57 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 26 আগষ্ট : মাদাগাস্কাৰ বাৰেয়া ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰত সংঘটিত হয় এক ভয়াৱহ অঘটন ৷ জানিব পৰা মতে, ইণ্ডিয়ান অ’চেন আইলেণ্ড গেমছৰ বাবে শুকুৰবাৰে আয়োজন কৰা হৈছিল এক অনুষ্ঠানৰ ৷ এই অনুষ্ঠান উপভোগ কৰিবলৈ হাজাৰ হাজাৰ দৰ্শকৰ সমাগম ঘটিছিল ৷

শুকুৰবাৰে মাদাগাস্কাৰৰ ৰাষ্ট্ৰীয় ষ্টেডিয়ামখনত প্ৰৱেশ কৰাৰ সময়তে ক্ৰীড়াপ্ৰেমীৰ মাজত সৃষ্টি হৈছিল এক হুলস্থুলীয়া পৰিৱেশৰ ৷ ফলত ক্ৰীড়াপ্ৰেমীৰ মাজত হতাহতি হৈ মৃত্যু মুখত পৰে 12 জন আৰু আহত হয় 80 জন লোক ৷ আল জাজিৰাৰ বাতৰিত প্ৰকাশ পাইছে এই তথ্য । তথ্য মতে, বাৰেয়া ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰত প্ৰায় 50 হাজাৰ দৰ্শকৰ সমাগম ঘটিছিল ।

মাদাগাস্কাৰৰ প্ৰধানমন্ত্ৰী Christian Ntsay য়ে আন্টানানাৰিভোৰ এখন চিকিৎসালয়ত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়, “শেহতীয়া খবৰ অনুসৰি, এই দুৰ্ঘটনাত 12 জন লোকৰ মৃত্যু হৈছে ৷ লগতে আহত হৈছে প্ৰায় 80 জন” ৷ ইণ্ডিয়ান অ’চেন আইলেণ্ড গেমছ হৈছে 3 ছেপ্টেম্বৰৰ ভিতৰত মাদাগাস্কাৰত অনুষ্ঠিত হৈ হোৱা বহু বিষয়ক প্ৰতিযোগিতা ।

1977 চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে (IOC) গঠন কৰিছিল ইণ্ডিয়ান অ’চেন আইলেণ্ড গেমছ ৷ ইণ্ডিয়ান অ’চেন আইলেণ্ড গেমছৰ প্ৰতিযোগিতাসমূহত মৰিচাছ, ছিচেলছ, ক’মৰ’ছ, মাদাগাস্কাৰ, মেয়’ট, ৰিউনিয়ন আৰু মালদ্বীপৰ খেলুৱৈসকলক অন্তৰ্ভুক্ত কৰা হৈছে ।

ইফালে এক মুকলি সভাত অংশ লৈ মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতি এণ্ড্ৰি ৰাজোলিনাই (Andry Rajoelina) মৃতকৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰে ৷ ইফালে আল জাজিৰাৰ সাংবাদিকৰ আগত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, ‘‘অনুষ্ঠান উপভোগ কৰিবলৈ অহা ক্ৰীড়াপ্ৰেমীৰ মাজত ঠেলা-হেঁচা হৈছিল ৷

এই ঠেলা-হেঁচাৰ ফলত প্ৰৱেশদ্বাৰত আঘাতপ্ৰাপ্ত হৈছিল বহু ক্ৰীড়াপ্ৰেমী ৷ যাৰ ফলতে মৃত্যু মুখত পৰে কেবাজনো লোক আৰু আহত হয় 80 জন’’ ৷ আল জাজিৰাৰ তথ্য অনুসৰি, 2019 চনত মহামাছিনা ষ্টেডিয়ামত সংঘটিত একেধৰণৰ কাণ্ডত কমেও 15 জন লোকৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক : PM Modi Greece visit; ভাৰতে চন্দ্ৰত ত্ৰিৰংগ পতাকা উৰুৱাই বিশ্বক দেখুৱালে নিজৰ সামৰ্থ : মোদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.