নেশ্যনেল ডেস্ক, 5 জুন : শনিবাৰ আৰু দেওবাৰে আফগানিস্তানৰ (Afghanistan) উত্তৰ প্ৰান্তৰ চাৰ-ই-পুল প্ৰদেশত সংঘটিত হ’ল ভয়ংকৰ ঘটনা ৷ এখন বিদ্যালয়ত বিষাক্ত পদাৰ্থ ৰখাৰ পিচত প্ৰায় 80 গৰাকী ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হ’ল (North Sar-e-Pul) ৷
আফগানিস্তানৰ এজন শিক্ষা বিষয়াই জনোৱা তথ্য অনুসৰি, শনিবাৰ আৰু দেওবাৰে বিদ্যালয়ত বিষাক্ত পদাৰ্থ ৰখা হৈছিল ৷ তাৰ পিচতে প্ৰায় 80 গৰাকী ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে (Two School had poisoned) ৷ প্ৰাদেশ খনৰ শিক্ষা বিভাগৰ সঞ্চালক মহম্মদ ৰহমানীয়ে কয় যে , ‘‘চাংচাৰক জিলাত অসুস্থ ছাত্ৰীৰ ভিতৰত প্ৰথম আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী বেছি আছে ৷’’ তেওঁ কয় যে নছৱান-ই-কাবদ স্কুলৰ 60 গৰাকী ছাত্ৰী আৰু নছৱান-ই-ফৈজাবাদ বিদ্যালয়ৰ 17 গৰাকী শিশু আক্ৰান্ত হৈছে বিষাক্ত গেছত (Afghan girls hospitalised after being poisoned) ৷ ইফালে দুয়োখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক চিকিৎসালয়লত ভৰ্তি কৰোৱা হৈছে আৰু ছাত্ৰীসকল বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে ৷
কি কাৰণে এই ঘটনা সংঘটিত হ’ল তাৰ প্ৰাৰম্ভিক অনুসন্ধাৰ তথ্য অনুসৰি কোনো দুষ্ট চক্ৰই আক্ৰমণ কৰিবলৈ চেষ্টা কৰিয়েই ইচ্ছুকভাৱে এনে কাৰ্য কৰিছে (Afghan girls poisoned at schools) ৷ এই দাবী কৰিছে মহম্মদ ৰহমানীয়ে ৷
একাংশৰ মতে 2021 চনৰ আগষ্ট মাহত তালিবান ক্ষমতালৈ অহাৰ পিচত আফগানিস্তানত মহিলা আৰু ছোৱালীৰ অধিকাৰ আৰু স্বাধীনতাৰ অধিকাৰ এক প্ৰকাৰ কাঢ়ি নিছিল (Taliban swept to power) ৷ বিশ্ববিদ্যালয়কে আদি কৰি সকলো প্ৰকাৰৰ শিক্ষানুষ্ঠানত ছোৱালীক শিক্ষা প্ৰদান কৰা নিষিদ্ধ কৰা হৈছিল (Crackdown freedoms) ৷ মহিলাসকলক চাকৰি আৰু ৰাজহুৱা স্থানৰ পৰা নিষিদ্ধ কৰা হৈছিল (Afghan women) ৷ তাৰ পৰিপ্ৰেক্ষিততেই বিদ্যালয় দুখনত আক্ৰমণৰ চেষ্টা চলালে বুলি সন্দেহ প্ৰকাশ কৰিছে মহম্মদ ৰহমানীয়ে (Afghan poison news) ৷
লগতে পঢ়ক : Odisha Train Tragedy; বালাচোৰৰ দুয়োটা লাইনতে পুনৰ আৰম্ভ ৰে’ল সেৱা: অশ্বিনী বৈষ্ণৱ