ETV Bharat / international

Rahul at Stanford University : সাংসদ পদ খাৰিজ কৰাটো মোৰ বাবে এক ডাঙৰ সুযোগ; ৰাহুল গান্ধী - Rahul Gandhi disqualified from parliament

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ষ্টেনফোৰ্ড বিশ্ববিদ্যালয় চৌহদত ভাৰতীয় মূলৰ শিক্ষাৰ্থীসকলক সম্বোধন কৰে (Rahul at Stanford University) । তাত তেওঁ কয় যে লোকসভাৰ পৰা তেওঁক অযোগ্য ঘোষণা কৰাটোৱে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ বাবে ডাঙৰ সুযোগ হৈ পৰিছে ।

Rahul at Stanford University
Rahul at Stanford University
author img

By

Published : Jun 1, 2023, 1:06 PM IST

নিউজ ডেস্ক, ১ জুন : সংসদ পদ খাৰিজৰ পিছত প্ৰথমবাৰৰ বাবে বিদেশ ভ্ৰমণলৈ গৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi USA visit) । বৰ্তমান ৰাহুল গান্ধী আমেৰিকা ভ্ৰমণত আছে । তাত তেওঁ কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়ত ভাষণ প্ৰদানৰ পিছত ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ত ভাৰতীয় বংশোদ্ভৱসকলক সম্বোধন কৰে (Rahul at Stanford University) । তাত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কয় যে যেতিয়া তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিছিল, তেতিয়া তেওঁ ভবা নাছিল যে লোকসভাৰ পৰা তেওঁৰ অযোগ্যতা সম্ভৱ (Rahul Gandhi disqualified from parliament) ।

তেওঁ কয় যে এজন সাংসদ হিচাপে তেওঁ জনসাধাৰণৰ সেৱা কৰাৰ এক উত্তম সুযোগ লাভ কৰিছে । উল্লেখ্য, ৰাহুল গান্ধী বৰ্তমান তিনিদিনীয়া আমেৰিকা ভ্ৰমণসূচীত আছে । তেওঁৰ ভ্ৰমণৰ অংশ হিচাপে তেওঁ স্থানীয় সময় অনুসৰি বুধবাৰে নিশা ষ্টেনফোৰ্ড বিশ্ববিদ্যালয় চৌহদত উপস্থিত হয় । তাত তেওঁ ভাৰতীয় শিক্ষাৰ্থীসকলক সম্বোধন কৰে (Rahul addressed Indian original students in USA) ।

ৱায়ানাডৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণত সংসদৰ সদস্য পদৰ পৰা তেওঁক বৰ্খাস্তৰ বিষয়ে উল্লেখ কৰে । চুৰাট আদালতে তেওঁক অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পিছত ৰাহুল গান্ধীক চলিত বছৰৰ আৰম্ভণিতে লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল । ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সম্বোধন কৰি তেওঁ কয় যে যেতিয়া তেওঁ ২০০০ চনত সক্ৰিয় ৰাজনীতিত যোগদান কৰিছিল, সেই সময়ত তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁ এই পৰিস্থিতিৰ মাজেৰে যাবলগীয়া হ'ব ।

তেওঁ কয় যে এই সময়ত ভাৰতীয় ৰাজনীতিত যি ঘটি আছে সেয়া তেওঁৰ কল্পনাতীত । সংসদ ভ্ৰমণৰ কথা উল্লেখ কৰি ৫২ বছৰীয়া ৰাহুল গান্ধীয়ে কয় যে তেওঁ কল্পনাও কৰা নাছিল যে এনেধৰণৰ কিবা এটা সম্ভৱ । অৱশ্যে ৰাহুল গান্ধীয়ে কয় যে লোকসভাৰ পৰা তেওঁক অযোগ্য ঘোষণা কৰাটোৱে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ বাবে এক ডাঙৰ সুযোগ হৈ পৰিছে ।

তেওঁ লগতে কয় যে তেওঁৰ সংসদৰ সদস্যপদ কাঢ়ি লোৱাৰ পৰিকল্পনা প্ৰায় ছয় মাহ পূৰ্বতে আৰম্ভ হৈছিল । আমি সংগ্ৰাম কৰি আছিলোঁ । সমগ্ৰ বিৰোধীয়ে এতিয়াও ভাৰতত সংগ্ৰাম কৰি আছে । বিজেপিৰ ওচৰত বিশাল বিত্তীয় ক্ষমতা আছে । প্ৰতিষ্ঠানসমূহৰ ওপৰত তেওঁলোকৰ নিয়ন্ত্ৰণ আছে । তেওঁ লগতে কয় যে আমি আমাৰ দেশত গণতান্ত্ৰিক যুঁজ দিবলৈ সংগ্ৰাম কৰি আছোঁ । তাৰ মাজতে ছয় মাহ পূৰ্বে আমি 'ভাৰত জোড়ো যাত্ৰা' আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিলোঁ ।

তেওঁ বিশ্ববিদ্যালয়খনত ভাৰতীয় মূলৰ শিক্ষাৰ্থী আৰু শিক্ষাবিদসকলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত কয়, "মই অতি স্পষ্ট, এইটো আমাৰ যুঁজ । আমি ইয়াৰ সৈতে যুঁজিব লাগিব ।" তেওঁ কয় যে মই ইয়াত উপস্থিত থকা ভাৰতৰ যুৱ শিক্ষাৰ্থীসকলৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰোঁ । মই তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰোঁ । এইটো কৰাটো মোৰ অধিকাৰ । তেওঁ শিক্ষাৰ্থীসকলক কয় তেওঁ কাৰো পৰা সমৰ্থন বিচৰা নাই । উল্লেখ্য, ষ্টেনফোৰ্ড প্ৰেক্ষাগৃহত ভৰ্তি দৰ্শকৰ হাততালিৰ মাজতে ৰাহুল গান্ধীয়ে কয়, "মই বুজি পোৱা নাই যে প্ৰধানমন্ত্ৰী ইয়ালৈ কিয় নাহে ।"

লগতে তেওঁৰ প্ৰধানমন্ত্ৰীলৈ আহ্বান, তেওঁ ইয়ালৈ আহি শিক্ষাৰ্থী আৰু শিক্ষাবিদসকলৰ সৈতে কথা পাতিব লাগে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, প্ৰেক্ষাগৃহটো সম্পূৰ্ণ ভৰ্তি হৈ থকাৰ বাবে বহু শিক্ষাৰ্থীয়ে তাত প্ৰৱেশৰ অনুমতি লাভ কৰিব নোৱাৰিলে । আনহাতে, কাৰ্যসূচী আৰম্ভ হোৱাৰ দুঘণ্টা পূৰ্বৰে পৰা শিক্ষাৰ্থীসকলে সভাগৃহত প্ৰৱেশৰ বাবে শাৰী পাতিছিল । উল্লেখ্য যে বিগত ডেৰ বছৰত বহু ভাৰতীয় নেতাই তাত ভাৰতীয় শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰিছে ।

লগতে পঢ়ক :Rahul Gandhi on Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ পোষকতা ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.