ETV Bharat / international

সংসদৰ অধ্যক্ষই অনাস্থা প্ৰস্তাৱ নাকচ কৰিব নোৱাৰে : পাকিস্তানৰ মুখ্য ন্যায়াধীশ

author img

By

Published : Apr 5, 2022, 1:02 PM IST

ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ ভোট (No-confidence vote against Pakistan government) অনুষ্ঠিত নোহোৱাক লৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ গুৰুত্বপূৰ্ণ মন্তব্য । মুখ্য ন্যায়াধীশ ওমৰ আতা বান্দিয়ালে কয় যে, নেচনেল এচেম্বলীৰ অধ্যক্ষই সংবিধানৰ ৫ নং অনুচ্ছেদৰ উদ্ধৃতি দিলেও অনাস্থা প্ৰস্তাৱ নাকচ কৰিব নোৱাৰে । অনাস্থা প্ৰস্তাৱৰ ভোট দানৰ এদিন পূৰ্বে আদালত দাখিল কৰা এক গোচৰৰ শুনানিৰ সময়ত এই মন্তব্য কৰে ন্যায়াধীশগৰাকীয়ে ।

Pakistan Chief Justice
সংসদৰ অধ্যক্ষই অনাস্থা প্ৰস্তাৱ নাকচ কৰিব নোৱাৰে

ইণ্টাৰনেশ্যনেল ডেস্ক,৫ এপ্ৰিল : সম্প্ৰতি পাকিস্তানৰ শেহতীয়া ৰাজনৈতিক পৰিৱেশে সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Pakistan Political crisis)। ইমৰান খানৰ বিৰুদ্ধে বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ আনিছিল (No-confidence motion against Imran Khan) যদিও অন্তিম মূহুৰ্তত প্ৰধানমন্ত্ৰীয়ে ৰাজনৈতিক খেল খেলিবলৈ সক্ষম হয় । যাৰ বাবে অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণ (No-confidence vote against Pakistan government) অনুষ্ঠিত নহ'ল । কেৱল এয়াই নহয় সংসদ ভংগৰো ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী ইমৰান খানে ।

এনে পৰিস্থিতিত বিৰোধী পক্ষ ক্ষোভিত হোৱা দেখা গৈছে বিৰোধীয়ে এই সিদ্ধান্তৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বুলিও কৈছে । ইয়াৰ মাজতে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ গুৰুত্বপূৰ্ণ মন্তব্য । পাকিস্তানৰ মুখ্য ন্যায়াধীশ উমাৰ আতা বান্দিয়ালে কয় যে নেচনেল এচেম্বলীৰ অধ্যক্ষই সংবিধানৰ ৫ নং অনুচ্ছেদৰ উদ্ধৃতি দিলেও অনাস্থা প্ৰস্তাৱ নাকচ কৰিব নোৱাৰে । পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে সংসদ ভংগৰ ওপৰত ৰায় প্ৰদান কৰা নাই যদিও ন্যায়ধীশগৰাকীৰ এই মন্তব্যই সম্প্ৰতি দেশখনত চৰ্চা হোৱা দেখা গৈছে ।

পাকিস্তানৰ মুখ্য ন্যায়াধীশে দেশখনৰ বিদ্যমান সংকট সম্পৰ্কীয় Suo moto গোচৰৰ শুনানিৰ সময়ত এই মন্তব্য কৰিছিল । ন্যায়াধীশ বান্দিয়েলে লগতে কয় যে, তেওঁৰ সহযোগী বিচাৰকসকলেও দেশখনে সন্মুখীন হোৱা সাংবিধানিক সংকটৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে ।

ইফালে দেওবাৰে পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে ইমৰান খানৰ পৰামৰ্শ অনুসৰি পাকিস্তানী সংসদ ভংগ কৰে । সংসদৰ উপাধ্যক্ষই তেওঁৰ ওপৰত উঠা অনাস্থা প্ৰস্তাৱক অসাংবিধানিক বুলি কোৱাৰ পাছতে ইমৰান খানে সংসদ ভংগৰ প্ৰস্তাৱ আগবঢ়াইছিল । অনাস্থা প্ৰস্তাৱৰ ভংগৰ বিৰুদ্ধে সংবাদমাধ্যমতো তীব্ৰ সমালোচনা হৈছে । পাকিস্তান চৰকাৰ লগতে প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে সংসদৰ নিয়ম উলংঘনৰ অভিযোগ উঠিছে ।

লগতে পঢ়ক :Pakistan political crisis : অনাস্থা প্ৰস্তাৱৰ ভোটৰ বাবে সাজু ইমৰান খান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.