ETV Bharat / international

Civil War in Myanmar: আকৌ অশান্ত ম্যানমাৰ; সেনাৰ গুলীত নিহত KNDFৰ 28 কেডাৰ

author img

By

Published : Mar 13, 2023, 9:25 PM IST

ম্যানমাৰৰ সামৰিক জুণ্টাৰ আক্ৰমণত নিহত 28 KNDFৰ সদস্য ৷ ম্যানমাৰৰ সশস্ত্ৰ সংগঠন হৈছে Karenni Nationalities Defence Force চমুকৈ KNDF (KNDF cadres killed by Myanmar Army) ৷ ম্যানমাৰৰ শাসনভাৰ সামৰিক বাহিনীৰ হাতৰ পৰা কাঢ়ি আনি দেশখনত এখন গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠাৰ বাবে যুদ্ধ চলাই আছে KNDFকে ধৰি কেইবাটাও সশস্ত্ৰ সংগঠনে ৷

Civil War in Myanmar
আকৌ অশান্ত ম্যানমাৰ; সেনাৰ গুলীত নিহত KNDFৰ 28 কেডাৰ

নিউজ ডেস্ক, 13 মাৰ্চ: ম্যানমাৰ সেনাৰ আক্ৰমণত নিহত 28 জন সশস্ত্ৰ সংগঠনৰ সদস্য ৷ শনিবাৰে ম্যানমাৰ সেনাই অতৰ্কিতে আক্ৰমণ চলাই থাইলেণ্ডৰ সমীপত থকা এটা বৌদ্ধ বিহাৰত ৷ ম্যানমাৰৰ বায়ু সেনা আৰু স্থল সেনাই চলাইছিল এই আক্ৰমণ (Myanmar army attacked at monastery) ৷ ম্যানমাৰৰ এটা সশস্ত্ৰ সংগঠনে আন্তঃৰাষ্ট্ৰীয় সংবাদপত্ৰ BBCৰ আগত সদৰী কৰিছে এই কথা ৷ নিহত লোককেইজন আছিল ম্যানমাৰৰ সশস্ত্ৰ সংগঠন Karenni Nationalities Defence Force চমুকৈ KNDFৰ সদস্য (KNDF cadres killed by Myanmar Army) ৷

উল্লেখ্য যে, ম্যানমাৰৰ নেত্ৰী আং ছান চ্যু কীক ক্ষমতাৰ পৰা আঁতৰাই কাৰাবন্দী কৰাৰ পাচৰে পৰা ম্যানমাৰৰ শাসনভাৰ আছে সামৰিক জুণ্টাৰ হাতত ৷ যাক কেন্দ্ৰ কৰি দেশখনত সংঘটিত হৈ আহিছে বিভিন্ন অপ্ৰীতিকৰ ঘটনা ৷ বিগত দুবছৰ ধৰি ম্যানমাৰৰ শাসনভাৰ আছে সামৰিক বাহিনীৰ মুৰব্বী মিন আং হ্লাইঙৰ হাতত (Min Aung Hlaing) ৷

ম্যানমাৰৰ শাসন সামৰিক বাহিনীৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ ম্যানমাৰত ব্যাপক হাৰত জন্ম হৈছে সশস্ত্ৰ সংগঠনৰ ৷ ভাৰত-ম্যানমাৰ সীমান্ত আৰু দেশখনৰৰ আন আন সীমান্তত অৱস্থান কৰি গেৰিলা প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে সামৰিক বাহিনীৰ বিৰুদ্ধে প্ৰতিআক্ৰমণ কৰি আহিছে সশস্ত্ৰ সংগঠনসমূহে ৷ যাৰবাবে দেশখনত বৃদ্ধি পাইছে আক্ৰমণ-প্ৰতিআক্ৰমণৰ ঘটনা (Civil war in Myanmar) ৷

শনিবাৰে ম্যানমাৰৰ সামৰিক বাহিনীয়ে চলোৱা আক্ৰমণ সন্দৰ্ভত এখন স্থানীয় বাতৰি কাকতত প্ৰকাশ পোৱা তথ্য অনুসৰি বৌদ্ধ বিহাৰটোত এয়াৰষ্ট্ৰাইক কৰাৰ লগতে KNDFৰ 28 গৰাকী সদস্যক এটা শাৰীত থিয় কৰোৱাই গুলীয়াই হত্যা কৰা হৈছিল ৷ ইয়াৰ ভিতৰত আছিল কেইবাগৰাকীও বৌদ্ধ ভিক্ষু ৷ নিজৰ নিৰাপত্তাৰ বাবে KNDFৰ সদস্যই বৌদ্ধ বিহাৰটোত অৱস্থান গ্ৰহণ কৰি আছিল বুলি প্ৰকাশ পাইছে ম্যানমাৰৰ স্থানীয় বাতৰিকাকত ৷ ম্যানমাৰ-থাইলেণ্ড সীমান্তৰ ‘নেই পিউ’ নামৰ স্থানত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা (Junta seized power) ৷

স্মৰ্তব্য যে, আং-ছান-ছ্যু-কীক আঁতৰাই ম্যানমাৰৰ শাসনভাৰ সামৰিক জুণ্টাৰ মুৰব্বী মিন আং হ্লাইঙৰ হাতলৈ যোৱাৰ পাচতেই দেশখনত প্ৰথমৱস্থাত ব্যাপক হাৰত আৰম্ভ হৈছিল গণ আন্দোলন ৷ কিন্তু সেই গণ আন্দোলনক কঠোৰ হাতেৰে দমন কৰে সামৰিক জুণ্টাই ৷ যাৰবাবে এতিয়া দেশখনত বৃদ্ধি পাইছে সশস্ত্ৰ সংগঠন ৷

উল্লেখ্য যে,নিৰ্বাচনত বক্ৰপথ গ্ৰহণ কৰা, ক’ভিড বিধি উলংঘা কৰা, অবৈধভাৱে ৱাকিটকি ক্ৰয় কৰা আদিকে ধৰি কেইবাটাও গোচৰত 33 বছৰৰ বাবে কাৰাবন্দী কৰি ৰখা হৈছে ম্যানমাৰৰ নেত্ৰী আং ছান ছ্যু কীক(aung san suu kyi) ৷ আং ছান ছ্যু কীক কাৰাবন্দী কৰাৰ পাচতেই দেশখনৰ শাসনভাৰ যায় ম্যানমাৰৰ সামৰিক জুণ্টাৰ হাতলৈ (Myanmar Military government) ৷

লগতে পঢ়ক: Emergency extended in Myanmar: ম্যানমাৰত জৰুৰীকালিন অৱস্থাৰ ম্যাদ 6মাহলৈ বৃদ্ধি; ঠায়ে ঠায়ে সামৰিক আইন জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.