ETV Bharat / international

Joe Biden considering trip to Israel : ইজৰাইল ভ্ৰমণৰ পৰিকল্পনা ৰাষ্ট্ৰপতি বাইডেনৰ ! - Joe Biden considering trip to Israel

যুদ্ধৰ মাজতে ইজৰাইল ভ্ৰমণৰ কথা বিবেচনা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ । এই ভ্ৰমণৰ ফলত ইজৰাইলৰ প্ৰতি আমেৰিকাৰ সমৰ্থন স্পষ্ট হ'ব । অৱশ্যে হামাছৰ পৃষ্ঠপোষক ইৰাণে তেওঁৰ এই ভ্ৰমণক সহজভাৱে নল'ব ।

Joe Biden considering trip to Israel
ইজৰাইল ভ্ৰমণৰ পৰিকল্পনা ৰাষ্ট্ৰপতি বাইডেনৰ
author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 11:01 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৬ অক্টোবৰ : ইজৰাইল আৰু হামাছৰ ভয়ংকৰ সংঘৰ্ষ অব্যাহত আছে । ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ অনাগত দিনত ইজৰাইল ভ্ৰমণৰ কথা বিবেচনা কৰি আছে । অৱশ্যে এতিয়ালৈ ভ্ৰমণৰ চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই । আমেৰিকা প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই দেওবাৰে এই কথা প্ৰকাশ কৰিছে । যদি তেওঁ ইজৰাইল ভ্ৰমণ কৰে তেনেহ'লে হামাছৰ নিৰ্মম আক্ৰমণৰ পাছত সহানুভূতি আৰু সমৰ্থনৰ এক শক্তিশালী প্ৰতীক হ'ব । আনহাতে বাইডেনৰ এই ভ্ৰমণে ইজৰাইলী লোকসকলক নিশ্চিত কৰিব যে আমেৰিকা যুক্তৰাষ্ট্ৰ তেওঁলোকৰ সৈতে দৃঢ়ভাৱে থিয় দি আছে ।

কিন্তু গাজাত ইজৰাইলৰ এক উমৈহতীয়া পদক্ষেপে বিধ্বংসী মানৱীয় পৰিণামৰ সৈতে এক বহল যুদ্ধৰ সৃষ্টি কৰিব পাৰে আৰু বাইডেনৰ উপস্থিতিক হামাছৰ মুখ্য পৃষ্ঠপোষক ইৰাণৰ দ্বাৰা এক উচটনিমূলক পদক্ষেপ হিচাপে দেখা যাব পাৰে ।

বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে ইতিমধ্যে হামাছৰ সৈতে যুদ্ধক এক বহল আঞ্চলিক সংঘৰ্ষৰ সূত্ৰপাত হোৱাত বাধা দিবলৈ চেষ্টা কৰি আছে । তাৰ অংশস্বৰূপে যোৱা সপ্তাহৰ পৰা তেওঁ মধ্য প্ৰাচ্যৰ চাৰিওফালে ভ্ৰমণ কৰি আছে ।

হামাছৰ ৭ অক্টোবৰৰ আক্ৰমণত কমেও ৩০ গৰাকী আমেৰিকাৰ নাগৰিকসহ ১,৪০০ ৰো অধিক লোক নিহত হোৱাৰ পাছত বাইডেনে ইজৰাইলক সমৰ্থনৰ আশ্বাস দিছে যদিও দেওবাৰে সম্প্ৰচাৰিত চিবিএছৰ ৬০ মিনিটৰ এক সাক্ষাৎকাৰত তেওঁ সতৰ্ক কৰি দিছে যে ইজৰাইলে গাজা পুনৰ দখল কৰিব নালাগে । তেওঁ সাক্ষাৎকাৰত কৈছে যে সেয়া ইজৰাইলৰ এক ডাঙৰ ভুল হ'ব । তেওঁৰ মতে গাজাত থকা হামাছে সকলো পেলেষ্টাইনী লোকক প্ৰতিনিধিত্ব নকৰে ।

বাইডেন নিশ্চিত যে ইজৰাইলে যুদ্ধৰ নিয়মৰ অধীনত কাম কৰিবলৈ গৈ আছে । তেওঁ আশা কৰা মতে গাজাৰ নিৰীহ লোকসকলৰ বাবে ঔষধ, খাদ্য আৰু পানীৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱাৰ সামৰ্থ্য থাকিব ।

ইফালে, ব্লিঙ্কেনৰ সন্মুখত ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচিয়ে ইজৰাইলৰ সামৰিক অভিযানৰ বাবে সমালোচনা কৰিছিল । কাইৰোৰ পাছত ব্লিঙ্কেনে জৰ্ডান ভ্ৰমণ কৰে আৰু সোমবাৰে ইজৰাইললৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছে । ইজৰাইলৰ নেতাসকলক সমগ্ৰ আৰৱ বিশ্বৰ নেতাসকলৰ সৈতে হোৱা বৈঠকত তেওঁ লাভ কৰা প্ৰতিক্ৰিয়াৰ বিষয়ে অৱগত কৰিব ।

লগতে পঢ়ক :Sudan war : ছুডানত যুদ্ধৰ ৬ মাহতে প্ৰায় ৯০০০ লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.