ইন্টাৰনেশ্যনেল ডেস্ক, ১৩ নৱেম্বৰ: গাজাত ইন্ধনৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফে) এখন চিকিৎসালয়ত ইন্ধন যোগান ধৰিছে । ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে জনোৱা মতে, শ্বিফা হাস্পতালত চিকিৎসা সেৱা অব্যাহত ৰাখিবলৈ তেওঁলোকৰ সৈন্যই ৩০০ লিটাৰ ইন্ধন যোগান ধৰিছে । ইফালে হামাছে চিকিৎসালয়খনক ইন্ধন লোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে বুলি ধাৰণা কৰা হৈছে ।
আইডিএফে কয় যে, হামাছে চিকিৎসালয়খনক ইন্ধন লোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে । গাজাৰ হামাছৰ দ্বাৰা পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়ে কেইবাসপ্তাহ ধৰি সকীয়াই আহিছে যে ইয়াৰ চিকিৎসালয়সমূহৰ ইন্ধন শেষ হৈ গৈছে । আইডিএফেও কয় যে যদি এইয়া সঁচা, তেন্তে তেওঁলোকে চিকিৎসালয়খনক কিয় ইয়াক লাভ কৰাত বাধা দিব? ইয়াৰ পূৰ্বে আইডিএফে কয় যে, তেওঁলোকে গাজাবাসীক শ্বিফা হাস্পতালৰ পৰা দক্ষিণৰ ফালে নিৰাপদ স্থান প্ৰদান কৰিবলৈ গাজা হাস্পতালৰ কৰ্মচাৰীৰ সৈতে একত্ৰিতভাৱে কাম কৰিছে । আইডিএফৰ মুখপাত্ৰ ডেনিয়েল হাগাৰীয়ে শনিবাৰে কয় যে আজি গাজাৰ পৰা বহু ভুল তথ্য ওলাইছে । গতিকে, মই তথ্যবোৰ স্পষ্ট কৰিব বিচাৰিছোঁ ।
তেওঁ লগতে কয়, শ্বিফা হাস্পতালখন ঘেৰাবন্দী কৰা হোৱা নাই । তেওঁ আৰু কয়, ‘আল-ৱেহদা ষ্ট্ৰীটৰ চিকিৎসালয়খনৰ পূব দিশটো চিকিৎসালয়খনৰ পৰা ওলাই আহিব বিচৰা গাজাবাসীৰ নিৰাপদ যাতায়তৰ বাবে মুকলি আছে । আমি চিকিৎসালয়ৰ কৰ্মচাৰীৰ সৈতে পোনপটীয়াকৈ আৰু নিয়মিতভাৱে কথা পাতি আছো । শিশুসকলক নিৰাপদে চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত চিকিৎসালয়ৰ কৰ্মচাৰীয়ে সহায় বিচাৰিছে । আমি প্ৰয়োজনীয় সহায় আগবঢ়াম ।
ইফালে, শনিবাৰে হামাছৰ নিয়ন্ত্ৰিত স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতিৰে এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে উত্তৰ গাজাৰ আল-শ্বিফা চিকিৎসালয়ৰ নৱজাতক ইউনিটত তিনিটি নৱজাতকৰ মৃত্যু হয়, কাৰণ ইয়াৰ আশে-পাশে থকা অঞ্চলত ইজৰাইলে ধাৰাবাহিকভাৱে গোলাবৰ্ষণ কৰাৰ বাবে চিকিৎসালয়ৰ সেৱাত ব্যাঘাত জন্মিছে ৷ হামাছৰ নিয়ন্ত্ৰিত স্বাস্থ্য মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান বুৰ্ছৰ উদ্ধৃতিৰে কোৱা হৈছে যে নৱজাতক ৱাৰ্ডৰ চিকিৎসকসকলে এতিয়া চিকিৎসা কৰি থকা ৩৬টা শিশুক হাতেৰে কৃত্ৰিম শ্বাস-প্ৰশ্বাস প্ৰদান কৰিবলৈ বাধ্য হৈছে ।
সঞ্চালক প্ৰধান বুৰ্ছে লগতে কয় যে, চিকিৎসালয়খন চাৰিওফালৰ পৰা ঘেৰি ৰখা হৈছে । অনুমান কৰা হৈছে যে চিকিৎসালয়খনত ৪০০ লোক চিকিৎসাধীন হৈ আছিল আৰু প্ৰায় ২০ হাজাৰ স্থানচ্যুত লোকে চিকিৎসালয় চৌহদত আশ্ৰয় বিচাৰিছিল । গাজাত হামাছৰ দ্বাৰা পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ আছৰাফ আল কিদ্ৰাই কয় যে তেওঁ আল শ্বিফা চৌহদৰ ভিতৰত আবদ্ধ হৈ আছে । সংবাদ মাধ্যমক দিয়া এক বিবৃতিত কিদ্ৰাই কয় যে ইজৰাইলৰ গোলাবৰ্ষণে বাৰে বাৰে লক্ষ্য কৰি লোৱাৰ পিচত বৰ্তমান সেৱাসমূহ ব্যাহত হৈ আছে ।
লগতে পঢ়ক: US airstrikes in eastern Syria : ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক