ETV Bharat / international

পুনৰ গাজাত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক, 90জনৰো অধিক পেলেষ্টাইনী নিহত - Israel attacks Gaza again killing 90 Palestinians

Israel attacks Gaza: ইজৰাইলে পুনৰ আকাশ মাৰ্গৰে আক্ৰমণ চলালে গাজাত ৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে শান্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰা 24 ঘন্টা নৌ-হওঁতেই গাজাত আক্ৰমণ চলাল ইজৰাইলে ৷ এই এয়াৰষ্টাইকত প্ৰায় 90 জন লোক নিহত হৈছে বুলি জানিব পৰা গৈছে ৷

Israel attack in Gaza
পুনৰ গাজাত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক
author img

By PTI

Published : Dec 24, 2023, 8:14 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 24 ডিচেম্বৰ : ইজৰাইল-হামাছৰ যুদ্ধই পুনৰ চিন্তিত কৰি তুলিছে বিশ্ববাসীক ৷ যুদ্ধ বন্ধ কৰা, গাজাত উদ্ধাৰ অভিযান আৰু সাহায্যৰ সন্দৰ্ভত শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ৷ সেই প্ৰস্তাৱত ভোট দিয়াৰ পৰা বিৰত আছিল আমেৰিকা ৷

কিন্তু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে শান্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰা 24 ঘন্টা নৌ-হওঁতে শনিবাৰে ইজৰাইলে পুনৰ আকাশমাৰ্গৰে আক্ৰমণ চলালে গাজাত ৷ ফলত 90 জনৰো অধিক পেলেষ্টাইনী লোক নিহত হৈছে বুলি বাতৰিত প্ৰকাশ পাইছে ৷

ইফালে, পুনৰ গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণ আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত গ্ৰহণ কৰা প্ৰস্তাৱৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কয়, ‘‘যুদ্ধবিৰতিৰ বাবে হোৱা প্ৰস্তাৱত আমি কেতিয়াও সহমত দিয়া নিছিলো ৷’’

আনহাতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত গ্ৰহণ কৰা প্ৰস্তাৱৰ সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কয় যে, যেতিয়ালৈকে আমাৰ লক্ষ্য প্ৰাপ্তি নহয় তেতিয়ালৈকে আক্ৰমণ চলি থাকিব ৷ শনিবাৰে ইজৰাইলী সামৰিক বাহিনীয়ে কৈছিল যে, যোৱা সপ্তাহত গাজাত শ শ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ তাৰে জেৰাৰ বাবে 200 জনৰো অধিক লোকক ইজৰাইললৈ স্থানান্তৰ কৰা হৈছে ৷

ইজৰাইলৰ সামৰিক বাহিনীয়ে আৰু কয় যে, হামাছা আৰু ইছলামিক জেহাদীৰ সৈতে সম্পৰ্ক থকা 700 ৰো অধিক লোকক বৰ্তমানলৈকে ইজৰাইলে বন্দী কৰিছে ৷ 7 অক্টোবৰত হামাছৰ সন্ত্ৰাসবাদীয়ে সীমান্ত পাৰ হৈ ইজৰাইলত আক্ৰমণ কৰাৰ পিছত ইজৰাইলে যুদ্ধ ঘোষণা কৰিছিল ৷ যাৰ ফলত প্ৰায় 1200 জন লোক নিহত হয় আৰু প্ৰায় 240 জন বন্দী হৈ আছে ৷

আমেৰিকাৰ ভূমিকাক লৈ বিশ্ববাসীৰ প্ৰশ্ন, হামাছ-ইজৰাইলৰ যুদ্ধ বন্ধ হোৱাটো নিবিচাৰে নেকি আমেৰিকাই ! তৃতীয় বিশ্বযুদ্ধ হোৱাটো বিচাৰে নেকি আমেৰিকাই ! কূটনৈতিক দোহাই দি কাৰ মুনাফাৰ বাবে আমেৰিকাই নিৰৱ ভূমিকা পালন কৰিছে !

লগতে পঢ়ক : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত গৃহীত গাজাৰ সাহায্য প্ৰস্তাৱ; ভোটদানৰ পৰা বিৰত আমেৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.