ETV Bharat / international

Indian Student Stabbed in US : আমেৰিকাত ভাৰতীয় ছাত্ৰক ছুৰীকাঘাত; অৱস্থা সংকটজনক - stabbed student condition critical in US

আমেৰিকাৰ এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে আমেৰিকাৰ ইণ্ডিয়ানা প্ৰদেশত এগৰাকী ২৪ বছৰীয়া ভাৰতীয় ছাত্ৰক ছুৰীকাঘাত কৰা হৈছে । বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক । আহত ছাত্ৰগৰাকীক বৰুণ বুলি চিনাক্ত কৰা হৈছে । তেওঁক দেওবাৰে পুৱা জৰ্ডান আণ্ড্ৰাডে নামৰ এজন যুৱকে ছুৰীকাঘাত কৰা বুলি কোৱা হৈছে । বিষয়টোৰ অনুসন্ধান চলি আছে ।

আমেৰিকাত ভাৰতীয় ছাত্ৰক ছুৰীকাঘাত; অৱস্থা সংকটজনক
Indian Student Stabbed in US
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 11:54 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১ নৱেম্বৰ : আমেৰিকাত পুনৰ সংঘটিত হৈছে ভাৰতীয় ছাত্ৰৰ ওপৰত আক্ৰমণৰ ঘটনা । এইবাৰ বৰ্বৰ আক্ৰমণৰ বলি হৈছে এগৰাকী ছাত্ৰ । তেওঁক নৃশংসভাৱে ছুৰীকাঘাত কৰা বুলি বাতৰিত প্ৰকাশ । এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্ডিয়ানা প্ৰদেশত এগৰাকী ২৪ বছৰীয়া ভাৰতীয় ছাত্ৰক ছুৰীকাঘাত কৰা হয় । তেওঁৰ অৱস্থা বৰ্তমান সংকটজনক বুলি কোৱা হৈছে ।

এনডব্লিউআইইউ টাইমছৰ বাতৰি অনুসৰি, দেওবাৰে পুৱা ইণ্ডিয়ানাৰ ভালপাৰাইচো চহৰৰ এটা ৰাজহুৱা ব্যায়ামাগাৰত তেওঁক আক্ৰমণ কৰা হয় । আক্ৰমণকাৰীক ২৪ বছৰীয়া জৰ্ডান আণ্ড্ৰাডে বুলি চিনাক্ত কৰা হৈছে । বৰুণক ছুৰীকাঘাতৰ ঘটনাৰ তদন্ত কৰ্তৃপক্ষই আৰম্ভ কৰিছে ।

জানিব পৰা মতে, ঘটনাটো সংঘটিত কৰাৰ পিছতে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হয় । অভিযুক্তৰ বিৰুদ্ধে মাৰাত্মক অস্ত্ৰ লগত ৰখা আৰু হত্যাৰ চেষ্টাৰ অভিযোগ উত্থাপন কৰা হৈছে ।

"বৰুণক আক্ৰমণকাৰীয়ে ছুৰীৰে আক্ৰমণ কৰে । তেওঁৰ আঘাত অতি গুৰুতৰ । তেওঁৰ আঘাতৰ প্ৰতি লক্ষ্য ৰাখি অৱশেষত ফৰ্ট ৱেইন চিকিৎসালয়লৈ লৈ যোৱা হয় । শেহতীয়া খবৰ অনুসৰি, তেওঁ জীয়াই থকাৰ সম্ভাৱনা শূন্যৰ পৰা পাঁচ শতাংশহে মাত্ৰ ।" উক্ত হিংসাত্মক আক্ৰমণৰ পিছত বৰুণৰ অৱস্থা অতি গুৰুতৰ বুলি সংবাদ প্ৰতিষ্ঠানটোৰ প্ৰতিবেদনত কোৱা হৈছে ।

আনহাতে, আক্ৰমণকাৰী আণ্ড্ৰাডে আৰক্ষীৰ আগত কয় যে তেওঁ ঘটনাৰ দিনা পুৱা মালিচ কৰাবলৈ অনুৰোধ কৰি মাছাজ ৰুমলৈ গৈছিল । তাত তেওঁ আন এজন লোকক লগ পাইছিল, যাক তেওঁ নাজানিছিল । কিন্তু তেওঁক অলপ আচহুৱা যেন পাইছিল ।

কিন্তু উক্ত ব্যক্তিজনৰ পৰা তেওঁৰ জীৱনলৈ ভাবুকি আহিব পাৰে বুলি ধাৰণা হৈছিল । আণ্ড্ৰাডে কয় যে তাৰ বাবে তেওঁ তাৰ সঠিক প্ৰতিক্ৰিয়া প্ৰদান কৰিবলৈ নিশ্চিত কৰিছিল । তদন্ত প্ৰতিবেদনত এনেদৰে উল্লেখ আছে ।

"আণ্ড্ৰাডে তেতিয়া ব্যক্তিজনক তেওঁৰ প্ৰতি ভাবুকি বুলি বৰ্ণনা কৰিছিল । সেয়েহে তেওঁ তাৰ মাত্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ।" আৰক্ষীয়ে কয় ।

লগতে পঢ়ক :Israel Hamas war: যুদ্ধৰ ফলত আশ্ৰয়হীন হৈ পৰিছে ২৯ খনকৈ আঞ্চলিক পৰিষদৰ শিশু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.