ETV Bharat / international

UN draft resolution against Israeli settlements : পেলেষ্টাইনত ইজৰাইলী বসতিৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ খচৰা প্ৰস্তাৱ, সপক্ষে ভোট ভাৰতৰ

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 12:01 PM IST

পেলেষ্টাইনীৰ সমৰ্থনত ৰাষ্ট্ৰসংঘই খচৰা প্ৰস্তাৱ গৃহীত কৰিছে । ভাৰতে এই খচৰা প্ৰস্তাৱৰ সপক্ষে ভোট দিছে । অহা সপ্তাহৰ আৰম্ভণিতে নিৰাপত্তা পৰিষদত এই সন্দৰ্ভত ভোটদান হোৱাৰ সম্ভাৱনা আছে । খচৰা প্ৰস্তাৱটোৱে ইজৰাইলৰ সকলো বসতি স্থাপনৰ প্ৰক্ৰিয়া তৎক্ষণাৎ বন্ধ কৰাৰ দাবী কৰিব আৰু বসতি স্থাপনৰ ইজৰাইলী প্ৰচেষ্টাক গৰিহণা দিব ।

UN draft resolution against Israeli settlements
পেলেষ্টাইনত ইজৰাইলী বসতিৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ খচৰা প্ৰস্তাৱ,

ইণ্টাৰনেশ্যনেল ডেস্ক,১২ নৱেম্বৰ : গাজাত ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে । ইফালে মানৱীয় সাহায্যৰ বাবে ৰাষ্ট্ৰসংঘই প্ৰচেষ্টা অব্যাহত ৰাখিছে । সংঘৰ্ষগ্ৰস্ত পেলেষ্টাইনত ইজৰাইলী বসতি প্ৰত্যাহাৰৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰসংঘই আহ্বান জনাইছে । ৰাষ্ট্ৰসংঘৰ এই খচৰা প্ৰস্তাৱৰ সপক্ষে ভাৰতেও ভোট দিছে । ১৪৫ খনতকৈও অধিক ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ খচৰা প্ৰস্তাৱৰ সপক্ষে ভোট দিছে । ভোটৰ জৰিয়তে পূব জেৰুজালেমকে ধৰি অধিকৃত পেলেষ্টাইনৰ অঞ্চল আৰু অধিকৃত ছিৰিয়ান গোলানত ইজৰাইলৰ বিভিন্ন ধৰণৰ বসতি স্থাপনক গৰিহণা দিছে ।

অহা সপ্তাহৰ আৰম্ভণিতে নিৰাপত্তা পৰিষদত ভোটগ্ৰহণৰ বাবে পেলেষ্টাইনী সমৰ্থিত ৰাষ্ট্ৰসংঘৰ এক প্ৰস্তাৱত ইজৰাইলৰ সকলো বসতি কাৰ্যকলাপ তাৎক্ষণিকভাৱে বন্ধ কৰাৰ দাবী জনোৱা হ'ব । লগতে বসতি আৰু ঘাটিসমূহ সংলগ্ন কৰাৰ ইজৰাইলী প্ৰচেষ্টাক গৰিহণা দিব বুলিও আশা কৰা হৈছে ।

ইফালে পৰিষদৰ কূটনীতিবিদৰ সূত্ৰই কয় যে আলোচনা ব্যক্তিগত আছিল আৰু আমেৰিকাই এই প্ৰস্তাৱটো সলনি কৰিব বিচাৰিছে । খচৰা প্ৰস্তাৱৰ ওপৰত ভোটদানৰ বাবে জোৰ দিয়া হৈছে কিয়নো ইজৰাইলৰ নতুন সোঁপন্থী চৰকাৰে পশ্চিম তীৰত নতুন বসতি নিৰ্মাণ আৰু পেলেষ্টাইনীসকলে ভৱিষ্যতৰ ৰাজ্য বিচৰা ভূমিসমূহত তেওঁলোকৰ কৰ্তৃত্ব সম্প্ৰসাৰিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰিছে ।

৯ নৱেম্বৰত ইজৰাইলী বসতিৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ খচৰা প্ৰস্তাৱ অনুমোদিত হয় । ইফালে পূব জেৰুজালেম আৰু অধিকৃত ছিৰিয়ান গোলানকে ধৰি অধিকৃত পেলেষ্টাইনৰ অঞ্চলত ইজৰাইলী বসতি শীৰ্ষক খচৰা প্ৰস্তাৱটো সংখ্যাগৰিষ্ঠতাৰে গৃহীত হয় । ভাৰতে এই প্ৰস্তাৱৰ সপক্ষে দিয়াক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে । তৃণমূল কংগ্ৰেছৰ সাংসদ সাকেত গোখলেয়ে কয় যে ভাৰতে এই প্ৰস্তাৱৰ সপক্ষে ভোট দিয়াত তেওঁ অতি আনন্দিত । বসতি স্থাপনকাৰীসকলৰ জৰিয়তে ইজৰাইলৰ পেলেষ্টাইন দখল অবৈধ বুলিও তেওঁ দাবী কৰে ।

লগতে পঢ়ক :Israel Hamas War : ১৫০ সন্ত্ৰাসবাদীক হত্যা আইডিএফৰ; উত্তৰ গাজাত হামাছৰ দুৰ্গত নিয়ন্ত্ৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.