ETV Bharat / international

Amazon hits low levels: কেতিয়া সংকটমুক্ত হ’ব সৰ্ববৃহৎ বৰ্ষাৰণ্য আমাজন? - আমাজনত নদীৰ স্তৰ কমি যোৱা

বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য আমাজানত পানীৰ সংকট ৷ নদীৰ স্তৰ কম হোৱাৰ বাবে শ শ নৈপৰীয়া জনগোষ্ঠীয়ে খোৱাপানীৰ বাবে সংগ্ৰাম কৰিবলগীয়াত পৰিছে । খৰাঙৰ ফলত 20 লাখ জনসংখ্যাৰ চহৰ থথা ৰাজধানী মানৌছৰ জনসাধাৰণো ক্ষতিগ্ৰস্ত হৈছে ।

Amazon hits low levels
বৰ্ষাৰণ্য আমাজানত পানীৰ সংকট
author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 12:53 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 17 অক্টোবৰ: সংকটত বিশ্বৰ সৰ্ববৃহৎ বৰ্যাৰণ্য আমাজন ৷ 121 বছৰ পূৰ্বে মানৌছৰ সমীপত চলোৱা চৰকাৰী জৰীপৰ পিছত সোমবাৰে আমাজনৰ দ্বিতীয় বৃহত্তম উপনৈ নিগ্ৰো নদীখনে সৰ্বনিম্ন স্তৰত উপনীত হয় । শেহতীয়া এই অভিলেখে নিশ্চিত কৰিছে যে বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্যৰ এই অংশটোৱে ভয়াৱহ খৰাং পৰিস্থিতিৰ সন্মুখীন হৈছে । উল্লেখযোগ্য যে, বান পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ প্ৰায় দুবছৰৰ পিচতেই সৃষ্টি হয় এই ভয়ংকৰ পৰিস্থিতিৰ ৷

ৰাতিপুৱা চহৰখনৰ বন্দৰটোৰ জলপৃষ্ঠ 13.5 মিটাৰ (44.3 ফুট) পৰ্যন্ত নিম্নগামী হয়, যিটো 2021 চনৰ জুন মাহত আছিল 30.02 মিটাৰ (98.5 ফুট) । নিগ্ৰো নদীয়ে আমাজন অৱবাহিকাৰ প্ৰায় 10% পানী নিষ্কাশন কৰে আৰু পানীৰ পৰিমাণৰ হিচাপত ই বিশ্বৰ ষষ্ঠ বৃহত্তম । আমাজনৰ আন এখন মূল উপনৈ মাদেইৰা নদীৰ জলপৃষ্ঠই নিম্ন মাত্ৰা লাভ কৰাৰ ফলত ব্ৰাজিলৰ চতুৰ্থ বৃহত্তম ছান্টো এণ্টনিঅ’ জলবিদ্যুৎ বান্ধটো বন্ধ হৈ পৰিছে ।

আমাজনত নদীৰ স্তৰ কমি যোৱাৰ বাবে শ শ নৈপৰীয়া জনগোষ্ঠী বিচ্ছিন্ন হৈ পৰিছে আৰু খোৱাপানীৰ সুবিধা লাভৰ বাবে সংগ্ৰাম কৰি আছে । খৰাঙৰ ফলত লক্ষাধিক জনসংখ্যাৰ চহৰ মানৌছৰ লোকসকল খোৱাপানীৰ সংকটত পৰিছে । খৰাঙৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্যখন হৈছে বৃহৎ আৰু ৰাজধানী চহৰ মানৌছ । ছেপ্টেম্বৰৰ শেষৰ ফালে তাত থকা 62 খন পৌৰসভাৰ ভিতৰত 55 খন পৌৰসভাই তীব্ৰ খৰাং পৰিস্থিতিৰ বাবে জৰুৰীকালীন অৱস্থাত প্ৰৱেশ কৰে ।

মানৌছ আৰু সমীপৰ অন্যান্য চহৰসমূহত অব্যাহত থকা বনাঞ্চল ধ্বংস আৰু চৰণীয়া পথাৰ নিষ্কাশনৰ বাবে এলোৱা ধোঁৱা আৰু জুইৰ উচ্চ উষ্ণতাই নিকটৱৰ্তী মানুহবোৰৰ জীৱন-ধাৰণত নেতিবাচক প্ৰভাৱ পেলাইছে । আমাজন নদীৰ সমীপৰ টেফে হ্ৰদত কেইবা ডজন ডলফিনৰ মৃত্যুও খৰাং পৰিস্থিতিৰ কাপৰ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে ।

Brazilian National Institute of Amazonian Research নামৰ ৰাজহুৱা সংস্থাটোৰ এজন আমেৰিকান গৱেষক ফিলিপ ফেয়াৰ্নছাইডে জলবায়ু পৰিৱৰ্তনৰ সৈতে একেধৰণৰ পৰিঘটনাৰ সঘনতা আৰু ভয়াৱহতা বৃদ্ধি পোৱাৰ লগে লগে ভৱিষ্যতে এনে পৰিস্থিতিৰ অধিক অৱনতি ঘটিব বুলি আশংকা প্ৰকাশ কৰিছে । তেওঁ কয় যে পূব বিষুৱীয় প্ৰশান্ত মহাসাগৰৰ পৃষ্ঠীয় পানী 2015-2016 চনৰ গডজিলা এল নিঅ’ৰ সময়ৰ তুলনাত এতিয়া অধিক উষ্ণ হৈ পকিছে । আমাজনত এই প্ৰশান্ত মহাসাগৰীয় উষ্ণতাৰ ফলত মূলতঃ অঞ্চলটোৰ উত্তৰ অংশত খৰাং পৰিস্থিতিৰ সৃষ্টি হয় ।

তদুপৰি গ্রীষ্মমণ্ডলীয় উত্তৰ আটলাণ্টিক মহাসাগৰৰ উষ্ণ পানীৰ অংশই 2005 আৰু 2010 চনৰ দৰেই আমাজনৰ দক্ষিণ অংশত খৰাং পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ বৰষুণৰ আৰম্ভণি স্বাভাৱিক সময়তকৈ পলম হ’ব আৰু স্বাভাৱিকতকৈ শুকান বৰষুণৰ বতৰ হ’ব বুলি গৱেষক ফিয়াৰ্নছাইডে জনায় । ইয়াৰ ফলত এই বছৰ অতি কম পানীয়েই নহয়, অহা বৰ্ষতো পানীৰ মাত্ৰা কম হ’ব পাৰে ।

লগতে পঢ়ক: Biden on israel palestine conflict : বুধবাৰে ইজৰাইললৈ যাত্ৰা কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.