ETV Bharat / international

এপিইচিৰ দেশসমূহে সামগ্ৰিক, বহনক্ষম অৰ্থনীতিৰ লক্ষ্যৰে একত্ৰিতভাৱে কাম কৰিছে : বাইডেন - Sino US relations

ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত এপিইচি নেতৃত্ব সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে সামগ্ৰিক বিকাশৰ লাভালাভৰ কথা উল্লেখ কৰে । বাইডেনৰ মতে ই প্ৰতিখন সদস্য দেশৰ অৰ্থনীতিক অৱদান আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰিব আৰু লাভান্বিত হ'ব । আমেৰিকাৰ উদ্যোগবোৰে এপিইচি অৰ্থনীতিত ৫০০ বিলিয়ন আমেৰিকান ডলাৰৰ অধিক বিনিয়োগৰ ঘোষণা কৰিছে ।

APEC members worked together
এপিইচিৰ দেশসমূহে সামগ্ৰিক, বহনক্ষম অৰ্থনীতিৰ লক্ষ্যৰে একত্ৰিতভাৱে কাম কৰিছে
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 1:37 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৮ নৱেম্বৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ মতে এছিয়া-প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক সহযোগিতা (এপিইচি)ৰ সদস্য দেশসমূহৰ নেতাসকলে অঞ্চলটোৰ এক সামগ্ৰিক, স্থিতিস্থাপক আৰু বহনক্ষম অৰ্থনীতি গঢ়ি তোলাৰ উপায় বিচাৰি একেলগে কাম কৰিছে । সন্মিলনৰ সমাপ্তিত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে বাইডেনে। উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনৰ নেতৃত্বত 'এপিইচি নেতৃত্ব সন্মিলন' অনুষ্ঠিত হৈছে । য'ত চীন, জাপান, দক্ষিণ কোৰিয়া, চিলি, পেৰু, ইণ্ডোনেছিয়া, মালয়েছিয়া, ভিয়েটনাম আৰু হংকঙকে ধৰি এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ নেতাসকলে অংশগ্ৰহণ কৰে । পৰৱৰ্তী সন্মিলন ২০২৪ চনত পেৰুত অনুষ্ঠিত হ'ব ।

সন্মিলনত ভাষণ প্ৰদান কৰি বাইডেনে কয় যে ১৩ টা এপিইচি অংশীদাৰৰ সৈতে একেলগে আমেৰিকাই যোগান শৃংখলা শক্তিশালী কৰা, সেউজ ইন্ধনৰ পৰিৱৰ্তন ত্বৰান্বিত কৰাকে ধৰি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপৰিও প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক স্থাপত্যৰ ক্ষেত্ৰত ঐতিহাসিক অগ্ৰগতি লাভ কৰিছে । তেওঁ বিশ্বাস কৰে যে এপিইচি অংশীদাৰী দেশসমূহে আৰু অধিক কাম কৰিব পাৰে । এক বহনক্ষম অৰ্থনীতিত মহিলাৰ ভূমিকাৰ কথা ঘোষণা কৰি বাইডেনে কয় যে এপিইচি অংশীদাৰৰ প্ৰথম লক্ষ্য হৈছে সামগ্ৰিক বিকাশ ।

বাইডেনৰ মতে যেতিয়া সকলোৱে অৰ্থনীতিত অৱদান আগবঢ়োৱাৰ সুযোগ পায় তেতিয়া সকলোৱে এই সুযোগ লোৱা উচিত । তেওঁ কয় যে আমেৰিকাৰ উদ্যোগবোৰে ইতিমধ্যে বন ব্যৱস্থাপনা, সেউজ ইন্ধন, মীন পালন আদিৰ দৰে কামৰ বাবে মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে ৯০০ নিযুত আমেৰিকান ডলাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে ।

বাইডেনে কয় যে তেওঁ আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ আৰু তেওঁলোকে ইয়াৰ ওপৰত কেনেদৰে কাম কৰিব লাগে সেই বিষয়ে চমুকৈ আলোচনা কৰিছে । তেওঁলোকে নিশ্চিত কৰিব লাগিব যে কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে ডিজিটেল প্ৰযুক্তি আমাৰ লোকসকলৰ সম্ভাৱনা সীমিত কৰা নহয় উন্নত কৰাৰ বাবে ব্যৱহাৰ কৰা হয় ।

লগতে পঢ়ক :গাজাত উদ্ধাৰ ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ জোৱানৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.