ETV Bharat / international

দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে এষ্ট‘নিয়ালৈ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু - ভেংকায়া নাইডু

পাঁচদিনীয়া কাৰ্য্যসূচী হাতত লৈ ইউৰোপৰ লিথুৱানিয়া, লাটভিয়া, এষ্ট‘নিয়া ভ্ৰমণলৈ  যোৱা উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে শেষৰ দিনা মঙলবাৰে বিয়লি এষ্ট‘নিয়াত উপস্থিত

দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে এষ্ট‘নিয়ালৈ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু
author img

By

Published : Aug 21, 2019, 2:47 PM IST

ইণ্টাৰনেশ্বনেল ডেস্ক ,21 আগষ্টঃ পাঁচদিনীয়া কাৰ্য্যসূচী হাতত লৈ ইউৰোপৰ লিথুৱানিয়া,লাটভিয়া,এষ্ট‘নিয়া ভ্ৰমণলৈ যোৱা উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে শেষৰ দিনা মঙলবাৰে বিয়লি এষ্ট‘নিয়াত উপস্থিত হৈছে ৷ ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰৱিশ কুমাৰে টুইটাৰত যোগে প্ৰকাশ কৰা অনুযায়ী, নাইডুয়ে ভাৰত আৰু এষ্ট‘নিয়াৰ মাজৰ দ্বিপাক্ষিক সমন্বয় সুদৃঢ় কৰাৰ বাবে দেশখনৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ’ব ৷ এষ্ট‘নিয়াত থকা সময়ছোৱাত উপ-ৰাষ্ট্ৰপতিয়ে দেশখনৰ ৰাষ্ট্ৰপতি কাৰ্চটি কালজুলেদৰ,প্ৰধানমন্ত্ৰী জুৰি ৰাটাচৰ আদি নেতৃবৰ্গৰ সৈতে বৈঠকত মিলিত হ’ব ৷ এষ্ট‘নিয়াৰ ভাৰতীয় সম্প্ৰদায়ক সম্ভাৱনাপূৰ্ণ বুলি অভিহিত কৰি তেওঁলোকক সাক্ষাৎ কৰাৰ কথাও নাইডুয়ে ইতিমধ্যে জানিবলৈ দিছে৷ উল্লেখ্য যে,ইয়াৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অৰ্থনৈতিক,সাংস্কৃতিক সম্পৰ্ক উন্নীত কৰাৰ বাবে লিথুৱানিয়া,লাটভিয়া ভ্ৰমণ সম্পন্ন কৰে ৷

Intro:Body:

dd

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.