চিটাৰা ডেস্ক, 28 ফেব্ৰুৱাৰী : বিগত পাঁচ দিন ধৰি ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইন ধ্বংস হৈ পৰিছে । ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে একপ্ৰকাৰৰ সিদ্ধান্তই লৈছে যে তেওঁ ইউক্ৰেইনক নিজৰ হাতলৈ আনিব ৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়েও পুটিনক স্পষ্ট কৰি দিছে যে যিয়েই নহওঁক, তেওঁ হাৰ নামানে ৷
এসময়ত জেলেনস্কি এজন কৌতুক অভিনেতা হিচাপে জনপ্ৰিয় আছিল তেওঁ (Ukraine president was a comedy artist) । বহুতো অনুষ্ঠানত অভিনয় কৰি তেওঁ দৰ্শকৰ মন জয় কৰিছিল । স্কুলীয়া বয়সতে প্ৰেমত পৰা ভলোডিমিৰ জেলেনস্কিয়ে বিয়াৰ আগতে ৮ বছৰ ধৰি প্ৰেমিকাক ডেট কৰি তাৰ পিছত বিয়া পাতিছিল । আপোনালোকলৈ আগবঢ়াইছো ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ প্ৰেম জীৱনৰ কিছু থূলমূল আভাস-
ইউ্ক্ৰেনৰ নেশ্যনেল হিৰো ভলোডিমিৰ জেলেনস্কি আচলতে হয় কোন?
১৯৭৮ চনৰ ২৫ জানুৱাৰীত ছোভিয়েট ইউনিয়নৰ এখন চহৰ ক্ৰিভি ৰিহৰ এটা মধ্যবিত্ত পৰিয়ালত ভলোডিমিৰ জেলেনস্কিৰ জন্ম হৈছিল । এতিয়া এই চহৰখন ইউক্ৰেইনৰ অংশ । জেলেনস্কিৰ পিতৃ-মাত ইহুদী আছিল । কিয়েভৰ ৰাষ্ট্ৰীয় অৰ্থনৈতিক বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰাৰ পিছত এজন কৌতুক অভিনেতা হিচাপে তেওঁ আত্মপ্ৰকাশ কৰিছিল (Ukraine president was an actor) ৷
কৌতুক অভিনেতা এজনৰ পৰা ৰাষ্ট্ৰপতি হোৱালৈকে জেলেনস্কিৰ যাত্ৰা
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে জেলেনস্কি এজন কমেডিয়ান আৰু অভিনেতা হিচাপে পৰিচিত আছিল । কোৱা হয় যে এজন কৌতুক অভিনেতা হিচাপে জনপ্ৰিয়তাৰ ভিত্তিত তেওঁ দেশৰ ষষ্ঠ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল । ৪৪ বছৰীয়া জেলেনস্কিৰ ৰাষ্ট্ৰপতি হোৱাৰ আগতে ৰাজনীতি ক্ষেত্ৰৰ কোনো অভিজ্ঞতা নাছিল । ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত তেওঁৰ লোকসকলক আশ্বাস দিছিল যে তেওঁ ৰাছিয়াৰ সৈতে বিবাদ সমাপ্ত কৰিব আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে এই বিষয়ে আলোচনা কৰিব ।
এইটো জানি আপুনি আচৰিত হ'ব যে 2015 চনত মুক্তি লাভ কৰা তেওঁৰ এটা চিৰিজ 'চাৰ্ভেন্ট অফ পিপল' নামেৰে তেওঁ এটা দল গঠন কৰিছিল 2018 চনত । পৰৱৰ্তী ২০১৯ চনত তেওঁ নিজেই নিজৰ দলৰ পৰা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াই দেশৰ সৰ্ববৃহৎ নিৰ্বাচনত একপক্ষীয়ভাৱে জয়লাভ কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক মুখ ঠেকেছা খুৱাইছিল ৷
কোন এই অলেনা জেলেনস্কা ?
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ পত্নী অলেনা জেলেনস্কা এগৰাকী প্ৰভাৱশালী, কৰ্মী, একটিভিস্ট আৰু স্ক্ৰীণ ৰাইটাৰ । 2019 চনত ফ'কাচ আলোচনীত ইউক্ৰেইনৰ 100 জন আটাইতকৈ বেছি প্ৰভাৱশালী চেলিব্ৰিটিৰ ভিতৰত জেলেনস্কাৰ নাম আছিল । তালিকাখনত তেওঁ ৩০ তম স্থানত আছিল । ভ’গ আলোচনীখনৰ কভাৰ পৃষ্ঠাতো প্ৰকাশ পাইছে তেওঁৰ ফটো ।
অলেনাৰ জন্ম ১৯৭৮ চনৰ ৬ ফেব্ৰুৱাৰীত ক্ৰিভি ৰিহত হৈছিল । জেলেনস্কা ক্ৰিভি ৰিহ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ অসামৰিক অভিযান্ত্ৰিক বিভাগৰ স্থপতিবিদ আছিল । ইউক্ৰেইনৰ বিখ্যাত প্ৰযোজনা গৃহ কেভাৰ্টাল ৯৫ ৰ বাবে এখন চিত্ৰনাট্য লিখাৰ পিছতেই তেওঁৰ লেখক হোৱাৰ যাত্ৰা আৰম্ভ হৈছিল ।
একেখন বিদ্যালয়তে পঢ়া-শুনা কৰা ভলোডিমিৰ আৰু অলেনাই ইজনে সিজনক চিনিও পোৱা নাছিল । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে এবাৰ কৈছিল যে, তেওঁ অলেনাৰ শ্ৰেণীৰ বহুতো শিক্ষাৰ্থীক চিনি পায়, কিন্তু তেওঁক চিনি পোৱা নাছিল । অলেনাই নেশ্যনেল ইউনিভাৰ্চিটিত পঢ়িবলৈ যোৱাৰে পৰাহে দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়িছিল ।
আঠ বছৰ প্ৰেমৰ সম্পৰ্কৰে বান্ধ খাই থকাৰ পিছত ২০০৩ চনৰ ৬ ছেপ্টেম্বৰত দুয়ো বিবাহ পাশত আৱদ্ধ হয় । 2004 চনত দম্পতীহালৰ প্ৰথম গৰাকী কন্যা সন্তান আলেকজেন্দ্ৰাৰ জন্ম হয় ৷ ইয়াৰ পিছত ২০১৩ চনত এটা পুত্ৰসন্তান হয় যাৰ নাম কীৰ্লো ৰাখে দুয়োয়ে ।
লগতে পঢ়ক: অসমীয়া ছবিজগতৰ ফিটনেছ ফ্ৰিক অভিনেতা এজনেই- ৰবি শৰ্মা