ETV Bharat / international

ভয়াৱহ যুদ্ধত লিপ্ত আৰ্মেনিয়া আৰু আজাৰবেইজান

author img

By

Published : Sep 29, 2020, 3:36 PM IST

ছোভিয়েট ইউনিয়নৰ প্ৰাক্তন সদস্য ৰাষ্ট্ৰ আৰ্মেনিয়া আৰু আজাৰবেইজানৰ মাজত বিগত দুদিন ধৰি অব্যাহত আছে ভয়াৱহ যুদ্ধ ৷ এই যুদ্ধত দুয়োখন দেশৰ প্ৰায় 98গৰাকী সৈনিক নিহত হোৱাৰ লগতে 11 গৰাকী অসামৰিক লোক নিহত হৈছে ৷ দুয়োখন দেশৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতিৰ পিচতেই জাৰ্মানী আৰু ফ্ৰান্সে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন জৰুৰীকালীন সভাৰ আহ্বান কৰিছে ৷

ভয়াৱহ যুদ্ধত লিপ্ত আৰ্মেনিয়া আৰু আজাৰবেইজান
ভয়াৱহ যুদ্ধত লিপ্ত আৰ্মেনিয়া আৰু আজাৰবেইজান

নিউজ ডেস্ক, 29 ছেপ্টেম্বৰ : কোভিড-19 মহামাৰীৰ সৈতে সমগ্ৰ বিশ্বই যুঁজ দি থকাৰ মাজতে সন্মুখ সমৰত নিয়োজিত হৈছে দুখনকৈ দেশে ৷ ভয়াৱহ এই সংঘৰ্ষত দুয়োখন দেশে ৰকেট আৰু ভয়ংকৰ টোপ ব্যৱহাৰ কৰিছে আৰু মঙলবাৰলৈ মাত্ৰ দুদিনৰ ভিতৰত এই যুদ্ধৰ ফলত 98গৰাকী লোক নিহত হৈছে ৷

ছোভিয়েট সংঘৰ প্ৰাক্তন সদস্য ৰাষ্ট্ৰ আৰ্মেনিয়া আৰু আজাৰবেইজানৰ মাজত সংঘটিত হৈছে এই যুদ্ধ ৷ দুয়োখন দেশৰ মাজৰ বিতৰ্কিত এদোখৰ ভূমিক লৈয়ে এই যুদ্ধৰ সূত্ৰপাত হয় ৷ বিবাদিত এই ভূমিখণ্ড হৈছে নাগাৰ্ণো-কাৰাবাখ, যি আজাৰবেইজানত অৱস্থিত কিন্তু 1994 চনৰ পৰাই আৰ্মেনিয়াৰ সেনাবাহিনীৰ দখলত আছে এই স্থান ৷

শেহতীয়াকৈ এই স্থানত যুদ্ধবিৰতি উলংঘণ কৰাৰ ফলতে দুয়োখন ৰাষ্ট্ৰৰ মাজত যুদ্ধকালীন পৰিস্থিতিৰ সৃষ্টি হয় ৷ দুয়োখন দেশেই সেনাৰ বৃহৎ বাহিনী মোতায়েন কৰি সন্মুখ সমৰত লিপ্ত হয় ৷ এই যুদ্ধত দুয়োখন দেশেই আৰ্টিলাৰী আৰু ৰকেট ব্যৱহাৰ কৰাৰ ফলত সমগ্ৰ বিশ্বই ইয়াক লৈ চিন্তা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : হৃদৰোগৰ বলি হৈ এমাহত মৃত্যু ছগৰাকী স্থলসেনা বিষয়াৰ

ইউৰোপিয়ান সংঘৰ সদস্য ৰাষ্ট্ৰসমূহে দুয়োখন দেশক শান্তি স্থাপন কৰিবলৈ আহ্বান জনোৱাৰ লগতে ৰাছিয়াই দুয়োখন দেশক যুদ্ধবিৰতিলৈ আহিবলৈ আহ্বান জনাইছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰই দুয়োখন দেশৰ মাজত শান্তি স্থাপনৰ বাবে মধ্যস্থতা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ৷ কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হেঁচা প্ৰয়োগ কৰাৰ পিচতো দুয়োখন দেশে মঙলবাৰ পৰ্যন্ত যুদ্ধবিৰতিলৈ অহা নাই ৷ এনে অৱস্থাত জাৰ্মানী আৰু ফ্ৰান্সে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক মঙলবাৰে এখন জৰুৰীকালীন সভা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে ৷

ছোভিয়েট ইউনিয়নৰ প্ৰাক্তন সদস্য ৰাষ্ট্ৰ আৰ্মেনিয়া আৰু আজাৰবেইজানৰ মাজত বিগত দুদিন ধৰি অব্যাহত থকা এই যুদ্ধৰ ফলত সৰ্বাধিক 98 গৰাকী লোক নিহত হৈছে ৷ ইয়াৰ ভিতৰত আৰ্মেনিয়াৰ 9 গৰাকী আৰু আজাৰবেইজানৰ 2 গৰাকী অসামৰিক লোক আছে ৷ এনে অৱস্থাত দুয়োখন দেশৰ মাজত শান্তি ঘুৰি অহাটো বিশ্ববাসীয়ে কামনা কৰিছে যদিও শেহতীয়াকৈ মঙলবাৰে তুৰ্কীয়ে আজাৰবেইজানলৈ সামৰিক সহায় আগবঢ়োৱাৰ কথা প্ৰকাশ কৰিছে ৷ তুৰ্কীৰ ৰাষ্ট্ৰপতি ইৰ্ডোগানে আজাৰবেইজানলৈ সামৰিক বাহিনী পঠিওৱাৰ কথা প্ৰকাশ কৰিছে ৷ আনহাতে ভাৰতৰ চুবুৰীয়া পাকিস্তানে আজাৰবেইজানৰ সৈন্যৰ সৈতে আগডাম সীমান্তত একেলগে এই যুদ্ধত অৱতীৰ্ণ হৈছে বুলি "Free News.am" নামৰ সংবাদ প্ৰতিষ্ঠানে বাতৰি প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : ইউক্ৰেইনত সামৰিক বাহিনীৰ বিমান দুৰ্ঘটনাত নিহত 25

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.