ETV Bharat / international

জি 7ত মোদীৰে কাশ্মীৰ সন্দৰ্ভত আলোচনা কৰিব ট্ৰাম্পে

author img

By

Published : Aug 23, 2019, 9:49 AM IST

25ৰ পৰা 27 আগষ্টলৈকে ফ্ৰান্সৰ বিয়াৰটিজত অনুষ্ঠিত হব 2019 বৰ্ষৰ জি 7 সন্মিলন ৷

জি 7ত মোদীৰে কাশ্মীৰ সন্দৰ্ভত আলোচনা কৰিব ট্ৰাম্পে

নিউজ ডেস্ক, 23 আগষ্ট: চলিত সপ্তাহৰ শেষৰফালে ফ্ৰান্সৰ বিয়াৰটিজত অনুষ্ঠিত হব লগা জি 7 শীৰ্ষক সন্মিলনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কাশ্মীৰৰ বিষয় আৰু তাত হোৱা মানৱ অধিকাৰ ভংগ সন্দৰ্ভত আলোচনা কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৷ এক মাৰ্কিন উচ্চপদস্থ সূত্ৰই প্ৰকাশ কৰা মতে শনিবাৰৰ জি 7 বৈঠকত কাশ্মীৰক লৈ ভাৰত পাকিস্তানৰ মাজৰ বিবাদকল গুৰুত্বপূৰ্ণ হিচাপে গ্ৰহণ কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি জনে ৷ সূত্ৰটোৰ মতে বৈঠকৰ সময়চোৱাত ট্ৰাম্পে প্ৰধান মন্ত্ৰী মোদীৰ পৰা কাশ্মীৰত সাম্প্ৰতিক পৰিস্থিতি মোকাবিলা কৰিবলৈ ভাৰত চৰকাৰৰ নীতিৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব ৷ মঙলবাৰে পাক প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ সৈতে এক দীঘলীয়া বৈঠকৰ অন্তত কাশ্মীৰ সন্দৰ্ভত ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতা কৰিবলৈ পুনৰ ইচ্ছা প্ৰকাশ কৰে মাৰ্কিন ৰাষ্ট্ৰপতি জনে ৷

উল্লেখযোগ্য যে কিছু দিন পূৰ্বে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰে কাশ্মীৰত সংবিধানৰ অনুচ্ছেদ 370 আৰু 35(A) আধাৰত বিশেষ ৰাজ্যৰ মৰ্যাদা বাতিল কৰাৰ পাচত এতিয়া ভাৰতৰ বিৰুদ্ধে বিশ্ব-সম্প্ৰদায়ৰ সমৰ্থন আদায়ৰ বাবে পাকিস্তানে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ৰাষ্ট্ৰসংঘৰ মজিয়াত মুখ থেকেচা খোৱা পাকিস্তানে এতিয়া সহায়ৰ বাবে আমেৰিকাৰ শৰণাপন্ন হৈছে ৷ ইতিমধ্যে চীনৰ সহায়ৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মজিয়াত কাশ্মীৰৰ বিষয় উত্থাপন কৰিবলৈ গৈ বিফল হৈছে পাকিস্তান ৷

ভাৰতবৰ্ষই কাশ্মীৰৰ 370 অনুচ্ছেদ বাতিলৰ বিষয়টো দেশৰ এক অভ্যন্তৰীণ বিষয় বুলি ইতিমধ্যেই বিশ্ব সম্প্ৰদায়ৰ আগত নিজৰ স্থিতি স্পষ্ট কৰিছে ৷ কাশ্মীৰ বিষয়ত আগন্তক জি 7 ত ট্ৰাম্পৰ মধ্যস্থতাৰ প্ৰস্তাৱক কেন্দ্ৰীয় চৰকাৰে নাকচ কৰিব বুলি ইতিমধ্যে নতুন দিল্লীৰ এক উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰিছে ৷

Intro:Body:

dd

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.