ইন্টাৰনেশ্যনেল ডেস্ক, 26 আগষ্টঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জানিবলৈ দিয়া মতে ভাৰত-পাক সম্পৰ্ক উৰ্দ্ধত ৰাখি খোলা হ’ব কাৰটাৰপুৰ কৰিডৰ ৷ কাশ্মীৰক লৈ চলি থকা সমস্যাই কাৰটাৰপুৰ কৰিডৰৰ কামক কোনো গুনে প্ৰভাব নেপেলাই বুলি জানিবলৈ দিয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৷ এই কথা লাহোৰত এক সংবাদমেল যোগে প্ৰকাশ কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৷
উল্লেখযোগ্য যে, শিখ ধৰ্মালম্বী লোকসকলৰ ধৰ্ম গুৰু বাবা গুৰু নানকৰ 550 সংখ্যক জন্ম জয়ন্তী উপলক্ষে কাৰটাৰপুৰ কৰিডৰৰ দ্বাৰ ভাৰতীয় লোকসকলৰ বাবে খুলি দিয়া কথা আছিল পাকিস্তানে ৷ বিগত জুলাই মাহৰ 14 তাৰিখে ভিজা বিহীনভাবে কাৰটাৰপুৰ কৰিডৰলৈ যাবলৈ ভাৰতীয়সকলক অনুমতি দিছিল পাকিস্তানে ৷
উল্লেখযোগ্য যে, বিগত 5 আগষ্ট তাৰিখে ভাৰতে জম্মু কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 উঠাই দিয়াৰ পিছতে অৱনতি ঘটিছিল ভাৰত-পাক সম্পৰ্কৰ ৷