ETV Bharat / international

জানুৱাৰী মাহৰ শেষলৈকে ম্যানমাৰত আন্তঃৰাষ্ট্ৰীয় বিমানৰ অৱতৰণ নিষিদ্ধ - সময়সীমা জানুৱাৰী মাহৰ শেষৰ ভাগলৈকে বৃদ্ধি

শেহতীয়াভাৱে ম্যানমাৰ চৰকাৰে দেশখনলৈ আন্তঃৰাষ্ট্ৰীয় বিমান পৰিৱহণৰ ক্ষেত্ৰত জাৰি কৰা অস্থায়ী নিষিদ্ধকৰণৰ সময়সীমা জানুৱাৰী মাহৰ শেষৰ ভাগলৈকে বৃদ্ধি কৰিছে । COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণ হ্ৰাস কৰাৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

জানুৱাৰী মাহৰ শেষলৈকে ম্যানমাৰত আন্তঃৰাষ্ট্ৰীয় বিমানৰ অৱতৰণ নিষিদ্ধ

author img

By

Published : Dec 31, 2020, 7:45 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩১ ডিচেম্বৰ : ম্যানমাৰৰ পৰিৱহণ আৰু যোগাযোগ মন্ত্ৰালয়ে আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ ক্ষেত্ৰত জাৰি কৰা অস্থায়ী নিষিদ্ধকৰণৰ সময়সীমা বৃদ্ধি কৰিছে । ২০২১ চনৰ জানুৱাৰী মাহৰ শেষৰ ভাগলৈকে আন্তঃৰাষ্ট্ৰীয় বিমান আহিব নোৱাৰিব ম্যানমাৰলৈ । বৃহস্পতিবাৰে মন্ত্ৰালয়ে এক বিবৃত্তিযোগে প্ৰকাশ কৰে যে, বহু কেইখন দেশত COVID-১৯ৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি হৈ থকাৰ পৰিপ্ৰেক্ষিতত অস্থায়ী নিষিদ্ধকৰণৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি বিভিন্ন বিভাগৰ মন্ত্ৰীৰে আলোচনা কৰি পৰ্যায়ক্ৰমে আন্তঃৰাষ্ট্ৰীয় বিমান পৰিৱহণ সুচল কৰা হ'ব বুলিও মন্ত্ৰালয়ে জনায় । উল্লেখ্য যে, স্বাস্থ্য বিভাগে প্ৰকাশ কৰা মতে, ম্যানমাৰত ১২৩,৪৭০ গৰাকী লোক মহামাৰীত আক্ৰান্ত হোৱাৰ তথ্য পঞ্জীয়ন কৰা হৈছে । আনহাতে COVID-১৯ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ২,৬৬৪ জন লোকে ।

লগতে পঢ়ক:এডেন বিমানবন্দৰৰ বিস্ফোৰণত নিহত 25,আহত 110

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.