ইণ্টাৰনেশ্যনেল ডেস্ক, 7 ডিচেম্বৰ: শুকুৰবাৰে ভাৰত আৰু ম্যানমাৰে দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক আৰু সীমান্তৱৰ্তী সহযোগৰ ক্ষেত্ৰত দ্বিপাক্ষিক সমন্বয়ৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
ভাৰতৰ বৈদেশিক সচিব বিজয় গোখলেৰ প্ৰতিনিধিত্বত আৰু ম্যানমাৰৰ স্থায়ী সচিব য়ু শ্বু হানৰ প্ৰতিনিধিত্বত ভাৰত আৰু ম্যানমাৰৰ মাজত অষ্টাদশ বৈদেশিক মন্ত্ৰালয়ৰ এক আলোচনা হয় ৷
দুয়ো পক্ষৰ মাজত দ্বিপাক্ষিক সমন্বয়ৰ বিষয়ে,ভাৰত আৰু ম্যানমাৰৰ বৰ্তমানৰ পৰিযোজনা,দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক, সীমান্তৱৰ্তী সহযোগ আৰু দ্বিপাক্ষিক সমন্বয়ৰ কাৰ্যকলাপত ক্ষীপ্ৰতা আনিব পৰা আদিৰ বিষয়ে এক সমীক্ষা চলায় ৷
লগতে পঢ়ক : যুদ্ধক্ষেত্ৰত অদৃশ্য শত্ৰু