ETV Bharat / international

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য - বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

6 ছেপ্তেম্বৰলৈ পোৱা তথ্যা অনুসৰি,সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 2,70,62,804 গৰাকীলৈ ৷

বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
author img

By

Published : Sep 6, 2020, 3:30 PM IST

নিউজ ডেস্ক, 6 ছেপ্তেম্বৰ: সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 2,70,62,804 গৰাকীলৈ ৷ ইয়াৰ বিপৰীতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 8,83,742 গৰাকীলৈ ৷ অৱশ্য 6 ছেপ্তেম্বৰলৈ পোৱা তথ্য অনুসৰি, বিশ্বৰ 19,162,725 গৰাকীকৈ লোকে ইতিমধ্যে আৰোগ্য লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ ক্ষেত্ৰত অতি শীঘ্ৰেই ভাৰতে বিশ্বৰ দ্বিতীয় আটাইতকৈ অধিক আক্ৰান্তৰ সংখ্যা পোৱা দেশ ব্ৰাজিলক অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে ৷

তিনি মাহৰ অন্তত নিউজিলেণ্ডত শুকুৰবাৰে এগৰাকী কৰ'ণা আক্ৰান্ত লোকে মৃত্যুক সাৱটি লৈছে ৷ স্বাস্থ্য বিষয়া সকলে সদৰী কৰা অনুসৰি, 50 বৰ্ষীয় এগৰাকী লোকৰ অকলেণ্ড হাস্পতালত মৃত্যু হয় ৷ লোকগৰাকী কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচৰ পৰাই সেই হাস্পতাল খনত চিকিৎসাধীন হৈ আছিল ৷ ইয়াৰ লগে লগে নিউজিলেণ্ডত আক্ৰান্তৰ সংখ্যা 1,700 তকৈয়ো অধিক বৃদ্ধি পোৱাৰ লগতে, মৃতকৰ সংখ্যা বৃদ্ধি পায় 23 গৰাকীলৈ ৷

লগতে পঢ়ক: COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.