ETV Bharat / international

প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিসকলৰ ভাৰত ভ্ৰমণৰ এক আভাষ

author img

By

Published : Feb 24, 2020, 5:12 PM IST

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কাৰ্যসূচীৰ যাত্ৰা প্ৰায় 60 বছৰ পূৰ্বে আৰম্ভ হৈছিল ৷ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডুৱাইট ডি আইজেনহোৱাৰৰ পৰা আৰম্ভ কৰি ৰিচাৰ্ড নিক্সন, জিমি কাৰ্টাৰ, বিল ক্লিন্টন, জৰ্জ ডব্লিউ বুশ্ব আৰু বাৰাক ওবামা (দুবাৰ)ই ভাৰত ভ্ৰমণ কৰিছিল ৷

প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিসকলৰ ভাৰত ভ্ৰমণ

নিউজ ডেস্ক, 24 ফেব্ৰুৱাৰীঃ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণক লৈ পূৰ্বৰ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ যাত্ৰাৰ কথা উনুকিয়াব পাৰি ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কাৰ্যসূচীৰ যাত্ৰা প্ৰায় 60 বছৰ পূৰ্বে আৰম্ভ হৈছিল, যেতিয়া প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডুৱাইট ডি আইজেনহোৱাৰ পোনপ্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছিল ৷ ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক গঢ়িবলৈ অহা ডুৱাইট ডি আইজেনহোৱাৰ প্ৰথমগৰাকী ভাৰত ভ্ৰমণকাৰী মাৰ্কিন ৰাষ্ট্ৰপতি আছিল ৷

ডুৱাইট ডি আইজেনহোৱাৰ (Dwight D. Eisenhower), 9-14 ডিচেম্বৰ, 1959- প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডুৱাইট ডি আইজেনহোৱাৰৰ এয়া এক ঐতিহাসিক যাত্ৰা আছিল ৷ ভাৰতৰ ৰাজধানীত প্ৰৱেশ কৰাৰ পিছত তেওঁক 21 টা বন্দুকেৰে সন্মান জনোৱা হৈছিল ৷ প্ৰথমে তেওঁ সেইসময়ৰ ভাৰতৰ তৎকালীন ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ আৰু প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰিছিল ৷ ৰাষ্ট্ৰপতি ডুৱাইট ডি আইজেনহোৱাৰৰ এই ভ্ৰমণৰ সময়ত তেওঁ দিল্লীৰ ৰামলীলা মৈদানত অনুষ্ঠিত এখন সাৰ্বজনীন সভাত ভাৰতীয় সংসদৰ দুয়োখন সদনৰ সদস্যসকলক সম্বোধন কৰি ভাষণ প্ৰদান কৰিছিল ৷ সভাৰ অন্তত তেওঁ তাজমহল দৰ্শন কৰাৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে আইকনিক স্মৃতিস্তম্ভসমূহো দৰ্শন কৰিছিল ৷

ৰিচাৰ্ড নিক্সন (Richard Nixon), 31 জুলাই-1 আগষ্ট, 1969- প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনৰ ভাৰত ভ্ৰমণ আইজেনহোৱাৰৰ ভাৰত ভ্ৰমণকলৈ থকা উৎসাহৰ লগত তুলনা কৰিব নোৱাৰি ৷ তেওঁ ভাৰতত কম সময় অতিবাহিত কৰিছিল আৰু 1971 চনৰ বাংলাদেশ যুদ্ধৰ সময়ত হোৱা ঘটনাৰ বুজ লৈছিল ৷

জিমি কাৰ্টাৰ (Jimmy Carter), 1-3 জানুৱাৰী, 1978- ভাৰতীয় জনতা পাৰ্টীৰ নেতা মোৰাৰজী দেশাইয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী পদ লাভ কৰাৰ এমাহ পিছতেই প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে ভাৰত ভ্ৰমণলৈ আহিছিল ৷ কাৰ্টাৰৰ তিনিদিনীয়া ভাৰত ভ্ৰমণৰ সময়ছোৱাত তেওঁ ভাৰতীয় সংসদৰ দুয়েখন সদনক সম্বোধন কৰিছিল আৰু দিল্লীৰ কাষৰীয়া এখন গাঁও ভ্ৰমণ কৰিছিল ৷ তেওঁৰ গাঁও ভ্ৰমণৰ পিছতেই গাঁওখনৰ নাম কাৰ্টাৰৰ নামেৰে নামাকৰণ কৰা হৈছিল ৷

1971 চনৰ ভাৰত-বাংলাদেশৰ যুদ্ধৰ পটভূমি আৰু 1974 চনৰ পাৰমাণৱিক পৰীক্ষাৰ বিৰুদ্ধে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কৰ উন্নয়নেই আছিল ৰাষ্ট্ৰপতি কাৰ্টাৰৰ ভাৰত ভ্ৰমণৰ মূল উদ্দেশ্য ৷

বিল ক্লিন্টন (Bill Clinton), 19-25 মাৰ্চ, 2000- সম্পূৰ্ণ দুই দশকৰ পিছত আন এগৰাকী ৰাষ্ট্ৰপতি ভাৰতলৈ আাহিছিল, যিগৰাকী প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক খেল পৰিৱৰ্তনৰ মুখ্য আয়োজকৰূপে মানি লোৱা হৈছিল ৷ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বিল ক্লিন্টনে ভাৰতলৈ অহাৰ সময়তে সেইসময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ক্লিন্টনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিবলৈ চুক্তি কৰিছিল ৷ ৰাষ্ট্ৰপতি ক্লিন্টনে দিল্লীৰ উপৰিও আন কেইবাখনো পৰ্যটনস্থলী আগ্ৰা, জয়পুৰ, হায়দৰাবাদ আৰু মুম্বাই দৰ্শন কৰিছিল ৷ উল্লেখনীয় কথা যে, ক্লিন্টনৰ এই যাত্ৰাই ভাৰত-আমেৰিকাৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশৰ আৰম্ভণিৰ সংকেত দিছিল ৷ ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি ক্লিন্টনে শক্তি উৎপাদন আৰু পৰিৱেশ সম্পৰ্কীয় যৌথ বিবৃতিত স্বাক্ষৰ কৰিছিল আৰু সংসদতো ভাষণ প্ৰদান কৰিছিল ৷

জৰ্জ ডব্লিউ বুশ্ব (George W Bush) 1-3 মাৰ্চ, 2006- প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্ব আৰু তেওঁৰ ফাৰ্ষ্ট লেডী লৌৰা বুশ্বে ভাৰতলৈ আহি পোনপ্ৰথমে সেইসময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কাৰ্যালয়ত উপস্থিত হৈছিল ৷ ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি বুশ্বে দিল্লীৰ পুৰাণ কিলাত কেইজনমান বাছনি কৰা দৰ্শকৰ সন্মুখত ভাষণ দাঙি ধৰে ৷ তেওঁৰ এই যাত্ৰাই ভাৰতৰ সৈতে পাৰমাণবিক চুক্তি চূড়ান্ত কৰি এটি সফল ৰূপ দিয়াৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল, যিয়ে পিছলৈ ভাৰতক পাৰমাণৱিক বাণিজ্যিক দিশটো আগবাঢ়ি যোৱাত সহায় কৰে ৷

বাৰাক ওবামা (Barack Obama),6-9 নৱেম্বৰ, 2010- আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ প্ৰথম ভাৰত ভ্ৰমণে ভাৰত-আমেৰিকাৰ ৰাজনৈতিক সম্পৰ্কটো গভীৰ আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত সঠিক সংকেত প্ৰদান কৰিছিল ৷ অতীতৰ কিছু বিৰতিৰ পিছত ওবামা ভাৰতলৈ আহি প্ৰথমে মহানগৰী মুম্বাইত পদাৰ্পন কৰিছিল ৷ ওবামা মুম্বাইত পদাৰ্পন কেৱল ব্যৱসায়িক চুক্তিৰ বাবেই নাছিল, তেওঁ সন্ত্ৰাসবাদীৰ আক্ৰমণত মুম্বাইত আঘাতপ্ৰাপ্ত হোৱা পীড়িতসকলৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰিছিল, যিটো ঘটনাই ভ্ৰমণৰ দুবছৰ আগতে ভাৰতৰ দ্বিতীয় ৰাজধানী কঁপাই তুলিছিল ৷ ভ্ৰমণৰ জৰিয়তে ওবামাই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী আসনৰ ক্ষেত্ৰত ভাৰতৰ পক্ষে সমৰ্থন দিছিল ৷ ৰাষ্ট্ৰপতি ওবামাৰ পত্নী মিছেল ওবামাই মুম্বাইৰ এক অনুষ্ঠানত সৰু সৰু ল’ৰা-ছোৱালীৰ সৈতে নৃত্য প্ৰদৰ্শন কৰি ভাৰতীয়সকলক মন্ত্ৰমুগ্ধ কৰি তুলিছিল ৷ ৰাষ্ট্ৰপতি ওবামাই এক ব্যৱসায়িক প্ৰতিনিধি দলৰ সৈতে ভাৰতলৈ আহিছিল ৷ তেওঁ মুম্বাইত ভাৰত-আমেৰিকাৰ ব্যৱসায় আৰু উদ্যোক্তা শীৰ্ষ সন্মিলনত ভাগ লৈছিল আৰু ভাৰতীয় সংসদত ভাষণ প্ৰদান কৰিছিল ৷

বাৰাক ওবামা (Barack Obama), 24-27 জানুৱাৰী, 2015- 2015 চনত প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই তেওঁৰ ফাৰ্ষ্ট লেডী মিছেল ওবামাৰ সৈতে পুনৰ ভাৰতলৈ আহিছিল ৷ দ্বিতীয়বাৰ শাসনকালত থাকি দুবাৰ দেশ ভ্ৰমণ কৰা তেওঁৱেই একমাত্ৰ আমেৰিকান ৰাষ্ট্ৰপতি আছিল ৷ ৰাষ্ট্ৰপতি ওবামা ভাৰতৰ গণতন্ত্ৰ দিৱসৰ পেৰেড কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ লোৱা প্ৰথম গৰাকী মাৰ্কিন ৰাষ্ট্ৰপতি আছিল ৷ দ্বিতীয়বাৰ ভাৰতলৈ আহি তেওঁ সেইসময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰিছিল ৷ ব্যৱসায়, প্ৰতিৰক্ষা আৰু জলবায়ু পৰিৱৰ্তন আদি ক্ষেত্ৰত গভীৰ আলোচনা কৰিছিল আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলসমূহৰ ৰাজনীতিৰ দিশতো জোৰ দিছিল ৷

লগতে পঢ়কঃ

ট্ৰাম্প বাহিনীক আদৰিবলৈ সাজু আগ্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.