ETV Bharat / international

কোৰোণা ভাইৰাছ : ভাৰতীয় স্বাস্থ্যখণ্ডক প্ৰশংসা চীনা ৰোগীৰ - পুনেৰ নাইডু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা এগৰাকী চীনা ৰোগী

পুনেৰ নাইডু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা এগৰাকী চীনা ৰোগীয়ে ভাৰতীয় স্বাস্থ্যখণ্ডক প্ৰশংসাৰে ওপচাই পেলাইছে ৷ কোৰোনাভাইৰাছৰ সন্দেহত চিকিৎসালয়খন চিকিৎসাধীন হৈ আছে ৰোগীগৰাকী ৷ অৱশ্যে তেওঁ কোৰোনাভাইৰাছত আক্ৰান্ত হয় নে নহয় সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷

কোৰোণা ভাইৰাছ : ভাৰতীয় স্বাস্থ্যখণ্ডক প্ৰশংসা চীনা ৰোগীৰ, Coronavirus: Chinese patient praises Indian healthcare facility
ভাৰতীয় স্বাস্থ্যখণ্ডক প্ৰশংসা চীনা ৰোগীৰ
author img

By

Published : Feb 15, 2020, 7:06 PM IST

নিউজ ডেস্ক, 15 ফেব্ৰুৱাৰীঃ ভাৰতীয় স্বাস্থ্যখণ্ডক প্ৰাণভৰি প্ৰশংসা এগৰাকী চীনা ৰোগীৰ ৷ পুনেৰ নাইডু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীগৰাকীয়ে ভাৰতীয় স্বাস্থ্যখণ্ডৰ লগতে চিকিৎসকসকলৰ কৰ্মনিষ্ঠাক প্ৰশংসা কৰে ৰোগীগৰাকীয়ে ৷ ইতিমধ্যে ৰোগীগৰাকী কোৰোনাভাইৰাছত আক্ৰান্ত হয় নে নহয় সেয়া পোহৰলৈ অহা নাই যদিও চিকিৎসকসকলে তীক্ষ্ণ নিৰীক্ষণত ৰাখিছে ৷

Coronavirus: Chinese patient praises Indian healthcare facility, কোৰোণা ভাইৰাছ : ভাৰতীয় স্বাস্থ্যখণ্ডক প্ৰশংসা চীনা ৰোগীৰ
ৰোগীগৰাকীয়ে লিখা চিঠিখন

ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰোগীগৰাকীৰ চিঠি এখন টুইটাৰযোগে টুইট কৰিছে ৷ ৰোগীগৰাকীয়ে নিজৰ চিঠিখনত চীনা ভাষাতেই চিকিৎসালয়খনৰ লগতে চিকিৎসক তথা নাৰ্ছসকলক প্ৰশংসা কৰে ৷

তেওঁ লিখে যে, "যদিও মই আইছোলেশ্বন ৱাৰ্ডত আছো, তথাপিও মোৰ লগা নাই যে, মই আইছোলেশ্বন ৱাৰ্ডত আছো ৷ এয়া অকস্মাতে সংঘটিত হয়, আৰু মোক এখন ভাৰতীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ প্ৰথম অৱস্থাত মই খুব ভয় খাইছিলো, চিকিৎসালয়ৰ সুবিধা আৰু ভাষাৰ অসুবিধাক লৈ মই ভয় খাইছিলো ৷ কিন্তু ইয়াত সকলোবোৰ সু-সংহত ভাৱে সজোৱা আছে ৷ মই ভয় খাইছিলো কিন্তু চীনৰ পৰা অহা সকলৰ প্ৰতি মনোভাৱ সকলোৰে সহায়কাৰী আৰু পজিটিভ আছিল ৷" চিঠিখনৰ শেষত তেওঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়কঃ গেৰুৱাত ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত কৌশল বিকাশ কেন্দ্ৰ উদ্ধোধন গেৰুৱাত ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত কৌশল বিকাশ কেন্দ্ৰ উদ্ধোধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.