নিউজ ডেস্ক,২জুলাই: চীনৰ অৰ্ধ স্বায়ত্ব শাসিত চহৰসমূহৰ বাবে নতুনকৈ তৈয়াৰ কৰা জাতীয় সুৰক্ষা আইনখনৰৰ বিৰুদ্ধে এতিয়া সৰব হৈ উঠিছে হংকংৰ গনতন্ত্ৰপন্থী আইনজ্ঞ সকল । গনতন্ত্ৰৰ সমৰ্থন কৰি ক্লাউদিয়া ম' নামৰ আইনজ্ঞ গৰাকীয়ে এই জাতীয় সুৰক্ষা আইনখনক দিলে 'এভিল' আখ্যা ।
কোনো এক দুৰ্গম স্থানত হংকংৰ শিক্ষক সংঘৰ উদ্যোগত আয়োজিত এখন সভাত এই আইনখনক সমালোচনা কৰাৰ লগতে গনতন্ত্ৰপন্থী আইনজ্ঞ গৰাকীয়ে হংকংৰ জনতাৰ স্বাধীনতাৰ প্ৰসংগতো চিন্তা ব্যক্ত কৰিলে ।
চীনৰ জাতীয় সুৰক্ষা আইনখনৰ মতে, যদিহে কোনো বিচ্চিন্নতাবাদী চিন্তা, উগ্ৰবাদী চিন্তা অথবা সন্ত্ৰাসবজনিত কাম কাজৰ লগতে কোনো বিদেশী শক্তিৰ লগত জড়িত থকাৰ প্ৰমাণ পালে তেওঁৰ আজীৱন কাৰাদণ্ডৰ সন্মুখীন হব লাগিব ।