ETV Bharat / international

চীনে এলএচিত দ্বি-পাক্ষিক চুক্তি,প্ৰ’টকল ভংগ কৰিছে: ভাৰতৰ প্ৰত্যুত্তৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাই য়িৰ লগতে দুয়ো দেশৰ বিশেষ প্ৰতিনিধি একমত হৈছে যে,অতি দায়ৱদ্ধতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লাগে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ শ্ৰীবাস্তৱে তেওঁৰ বিবৃতিত প্ৰকাশ কৰিছে ৷ দুয়োপক্ষই কোনোধৰণৰ উচতনিমূলক কাৰ্য-কলাপৰ আশ্ৰয় লৈ শান্তি, সুস্থিৰতা বিঘ্নিত আৰু দ্বি-পাক্ষিক চুক্তি, প্ৰট’কল ভংগ কৰিব নালাগে বুলি সন্মত হৈছে ৷

China violating bilateral pacts protocols along LAC retorts India etv bharat news
চীন-ভাৰতৰ সম্পৰ্ক
author img

By

Published : Sep 2, 2020, 4:47 PM IST

নতুন দিল্লী,2 চেপ্তেম্বৰ: পূব লাডাখৰ পাংগোং ছো হ্ৰদৰ লাইন অৱ এক্সুৱেল কন্ট্ৰ’লৰ (এলএচি) ভাৰতৰ ভূখণ্ডত চীনৰ পিপ’লছ লিবাৰেশ্বন আৰ্মী চমুকৈ পিএলএ-ৰ বেদখলৰ চেষ্টাক ভাৰতৰ সৈন্য বাহিনীয়ে বাধা প্ৰদান কৰাৰ সন্দৰ্ভত ভাৰতীয় সেনাই সোমবাৰে প্ৰকাশ কৰা এক বিবৃতিৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চীনে ৷ দেশ দুখনৰ সীমান্তত শান্তি-শৃংখলা ৰক্ষা কৰাৰ বাবে দুয়ো পক্ষই উপনীত হোৱা দ্বি-পাক্ষিক চুক্তি আৰু প্ৰট’কল চীনে ভংগ কৰা বুলি মঙলবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অভিযোগ উত্থাপন কৰে ৷ পাংগোং হ্ৰদৰ দক্ষিণপাৰত চীনে ২৯-৩০ আগষ্টৰ নিশা নিয়ম ভংগ কৰি প্ৰৰোচনামূলকভাৱে সামৰিক কাৰ্যকলাপ চলোৱা বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে এক বিবৃতিযোগে প্ৰকাশ কৰে ৷ বিবৃতিটোত শ্ৰীবাস্তৱে উল্লেখ কৰে যে, "কালি ভাৰতীয় সেনাই প্ৰকাশ কৰাৰ দৰে আমাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে ভৌগোলিক অখণ্ডতা ৰক্ষা কৰাৰ উদ্দেশ্যে এলএচিত এনেধৰণৰ প্ৰৰোচনামূলক কাৰ্য-কলাপৰ বিৰুদ্ধে ভাৰতৰ তৰফৰ পৰা প্ৰত্যুত্তৰ দিয়া হয় আৰু উপযুক্ত প্ৰতিৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হয় ৷” আনহাতে, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দুয়োপক্ষৰ গ্ৰাউণ্ড কামাণ্ডাৰৰ মাজত আলোচনা অব্যাহত থকাৰ সময়তে ৩১ আগষ্টত চীনা সৈন্যই পুনৰ আগ্ৰাসী কাৰ্য-কলাপত লিপ্ত হয় ৷ সময়োচিত ব্যৱস্থাৰ বাবে ভাৰতৰ মানচিত্ৰৰ সাল-সলনি ঘটাবলৈ চলোৱা এই চেষ্টাক ভাৰতীয় পক্ষই বাধা দিবলৈ সক্ষম হয়”—বিবৃতিটোত এনেদৰে কোৱা হৈছে ৷ পূৰ্বতে ভাৰত আৰু চীনৰ মাজত হোৱা সহমত আৰু দ্বি-পাক্ষিক চুক্তিক ভাৰতে ভংগ কৰা বুলি চীনৰ দিল্লীস্থিত দূতাৱাসৰ মুখপাত্ৰ জি ৰঙে অভিযোগ উত্থাপন কৰাৰ পিছত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ চীনৰ মুখপাত্ৰগৰাকীয়ে অভিযোগ কৰা অনুসৰি ভাৰতীয় সৈন্যই চীন-ভাৰত সীমান্তৰ পশ্চিম চেক্টৰৰ ৰেকিন পাছৰ নিকটৱৰ্তী পাংগোং ছো হ্ৰদৰ দক্ষিণপাৰৰ অবৈধভাৱে লাইন অৱ এক্সুৱেল কন্ট্ৰ’ল পাৰ হৈছে আৰু সীমান্তত প্ৰৰোচিতভাৱে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ তেওঁ অভিযোগ কৰা অনুসৰি,ভাৰতৰ কাৰ্য-কলাপে চীনৰ সাৰ্বভৌমত্বত আঘাত হানিছে, দুয়োখন দেশৰ মাজত থকা চুক্তি, বুজাবুজি বা প্ৰট’কল ভংগ কৰিছে আৰু চীন-ভাৰত সীমান্তত শান্তি-শৃংখলাত ব্যাঘাত জন্মাইছে ৷ ভাৰতে যি কৰিছে সেয়া দুয়োখন দেশে সীমান্তত পৰিস্থিতি শান্ত কৰি ৰাখিবলৈ ইমানদিনে গ্ৰহণ কৰা প্ৰচেষ্টাবোৰৰ বিৰোধী ৷ চীনে এনেধৰণৰ কাৰ্যপন্থাৰ বিৰোধিতা কৰে বুলি চীনা দূতাবাসৰ মুখপাত্ৰগৰাকীয়ে কয় ৷ সোমবাৰে ভাৰতীয় সেনাই প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে যে,পূৱ লাডাখত অব্যাহত থকা অস্থিৰতাৰ সময়ত চীনৰ পিএলএ-য়ে দেশ দুখনৰ সামৰিক আৰু কূটনৈতিক বুজাবুজি ভংগ কৰিছে ৷ চীনে ভাৰতৰ ভূখণ্ড সলনি কৰাৰ বাবে প্ৰৰোচনামূলক সামৰিক কাৰ্য-কলাপ চলোৱা বুলি ভাৰতীয় সেনাই অভিযোগ কৰিছে ৷ সেনাৰ বিবৃতিটোত কোৱা হৈছে যে,পাংগোং ছো হ্ৰদৰ দক্ষিণপাৰত পিএলএ-ৰ এই কুচ-কাৱাজক ভাৰতীয় পক্ষই বাধা দিছে ৷ আমাৰ স্থিতি শক্তিশালী কৰাৰ বাবে উপায় অৱলম্বন কৰা হয় আৰু ভূখণ্ড সলনি কৰাৰ বাবে চীনৰ চেষ্টাক ওফৰাই পেলোৱা হয় ৷ “আলোচনাৰ জৰিয়তে শান্তি-শৃংখলা ৰক্ষা কৰাৰ বাবে ভাৰতীয় সেনা দায়বদ্ধ ৷ কিন্তু দেশৰ ভৌগোলিক অখণ্ডতাক সুৰক্ষিত কৰাৰ বাবেও সেনাবাহিনী সমানে দৃঢ় সংকল্প ৷” ৪৫ বছৰ পাছত এইবৰ্ষৰ জুনত গালৱান উপত্যকাত এলএচি-ত চীন আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা ৰক্তাক্ত সংঘাতৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে উপনীত হোৱা ঐক্যমত চীনৰ পিএলএ-য়ে ভংগ কৰাৰ ফলত শেহতীয়াকৈ পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে ৷ পাংগোং ছো হ্ৰদৰ দক্ষিণপাৰৰ এলএটি আৰু ৰেকিন পৰ্বতত ভাৰতৰ সেনাবাহিনীয়ে অবৈধভাৱে প্ৰৱেশ কৰা বুলি মঙলবাৰে বেইজিঙত এক নিয়মীয়া সংবাদমেলত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ হুৱা চুনয়িঙে অভিযোগ উত্থাপন কৰে ৷

হুৱাই কয়—“ভাৰতে এনেধৰণৰ প্ৰৰোচনা ত্যাগ কৰাৰ লগতে অবৈধভাৱে এলএচি-ত প্ৰৱেশ কৰা ভাৰতীয় সৈন্যবাহিনী প্ৰত্যাহাৰ কৰিবলৈ চীনে দাবী জনাইছে ৷ পৰিস্থিতি অধিক অশান্ত আৰু জটিল হ’ব পৰা কাম কৰাৰ পৰা বিৰত থাকিবলৈ চীনে ভাৰতৰ ওচৰত দাবী জনাইছে ৷” মঙলবাৰে চীনৰ চৰকাৰী স্বীকৃত প্ৰভাৱশালী বাতৰিকাকত গ্লোবেল টাইমছে এক সম্পাদকীয় প্ৰকাশ কৰে ৷ সম্পাদকীয়টোৰ শিৰোনাম আছিল— “চীনে দৃঢ়তাৰে ভাৰতৰ সুবিধাবাদী চেষ্টাক প্ৰত্যাক্ৰমণ কৰিব লাগে”৷ সম্পাদকীয়টোত দাবী কৰা হৈছে যে,ভাৰতৰ চূড়ান্ত প্ৰৰোচিত কাৰ্যকলাপে চীনৰ ভৌগোলিক অখণ্ডতা ভংগ কৰাৰ লগতে চীন-ভাৰত সীমান্ত অঞ্চলত শান্তি-সম্প্ৰীতিত আঘাত হানিছে ৷ চীন-ভাৰত সীমান্ত অঞ্চলত চীনে সামৰিক সংগ্ৰাম অব্যাহত ৰাখিব লাগে বুলি উল্লেখ কৰি দুয়োপক্ষৰ সংঘাত শান্তিপূৰ্ণভাৱে সমাধান কৰিব লাগে বুলিও সম্পাদকীয়টোত মতপ্ৰকাশ কৰা হৈছে ৷ সম্পাদকীয়টোত লগতে লিখা হৈছে—“কিন্তু যেতিয়া ভাৰতে বিক্ষিপ্তভাৱে চীনক প্ৰত্যাহ্বান জনাই থাকিব তেতিয়া চীন নৰম হৈ থকা উচিত নহ’ব ৷ প্ৰয়োজনত সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু জয়লাভো নিশ্চিত কৰিব লাগিব ৷” চীন ভাৰততকৈ কেইবাগুণে শক্তিশালী আৰু কোনোপধ্যে ভাৰতক চীনৰ সৈতে তুলনা কৰিব নোৱাৰি বুলি সম্পাদকীয়টোত দাবী কৰা হৈছে ৷ “আমেৰিকা বা আন শক্তিৰ সৈতে লগলাগি চীনৰ সৈতে যুঁজিব পাৰিব বুলি ভাৰতৰ ভ্ৰান্ত ধাৰণাক আমি মষিমূৰ কৰি পেলাব লাগিব ৷ এছিয়া আৰু পৃথিৱীৰ ইতিহাসে আমাক কৈছে যে সুবিধাবাদৰ ওপৰত বিশ্বাসী যিকোনো শক্তিয়ে দুৰ্বলীক অত্যাচাৰ কৰে আৰু শক্তিশালীক ভয় কৰে ৷ চীন-ভাৰত সীমান্তৰ বিষয়ত ভাৰত প্ৰকৃততে সুবিধাবাদী ৷”

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাই য়িৰ লগতে দুয়ো দেশৰ বিশেষ প্ৰতিনিধি একমত হৈছে যে,অতি দায়ৱদ্ধতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লাগে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ শ্ৰীবাস্তৱে তেওঁৰ বিবৃতিত প্ৰকাশ কৰিছে ৷ দুয়োপক্ষই কোনোধৰণৰ উচতনিমূলক কাৰ্য-কলাপৰ আশ্ৰয় লৈ শান্তি, সুস্থিৰতা বিঘ্নিত আৰু দ্বি-পাক্ষিক চুক্তি, প্ৰট’কল ভংগ কৰিব নালাগে বুলি সন্মত হৈছে ৷ শ্ৰীবাস্তৱে কয় যে, এইবৰ্ষৰ প্ৰথমভাগৰে পৰা চীনা পক্ষই প্ৰদৰ্শন কৰা আচৰণ আৰু কাৰ্য-কলাপ দুয়োখন দেশৰ সীমান্তৰ শান্তি আৰু সুস্থিৰতাৰ বাবে উপনীত হোৱা দ্বি-পাক্ষিক চুক্তি আৰু প্ৰট’কল বিৰোধী ৷ এনে কৰ্মকাণ্ডই দেশ দুখনৰ বৈদেশিক মন্ত্ৰী আৰু বিশেষ প্ৰতিনিধিয়ে মানি লোৱা বুজাবুজিক স্পষ্টভাৱে ভংগ কৰা বুলি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে ৷ শেহতীয়াকৈ সংঘটিত উচতনিমূলক আৰু আগ্ৰাসী কাৰ্য-কলাপৰ বিষয়ে ভাৰতে চীনক কূটনৈতিক আৰু সামৰিকভাৱে অৱগত কৰা বুলি শ্ৰীবাস্তৱে প্ৰকাশ কৰে ৷ তেনেধৰণৰ কৰ্মকাণ্ডৰ পৰা চীনা সৈন্যক বিৰত ৰাখিবলৈ বেইজিঙক নিয়ন্ত্ৰণমূলক আৰু অনুশাসন ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হয় ৷ শ্ৰীবাস্তৱে বিবৃতিটোত উল্লেখ কৰে এনেদৰে—“পশ্চিম ছেক্টৰৰ এলএচিত থকা সকলো সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ ভাৰত দৃঢ় সংকল্পবদ্ধ ৷” এনে প্ৰেক্ষাপটত পূৰ্বতে সম্পন্ন হোৱা বুজাবুজি দায়িত্ব সহকাৰে চীনে পালন কৰিব বুলি আমি আশা কৰিছোঁ ৷ এই পৰিস্থিতি দূৰ কৰাৰ লগতে সীমান্তত শান্তি-সম্প্ৰীতি প্ৰতিষ্ঠা কৰাৰ বাবে চীনে ভাৰতৰ সৈতে কাম কৰিব বুলি আমি আশাবাদী ৷

অৰুণিম ভূঞা

লগতে চাওকঃ ১৪ চেপ্তেম্বৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.