ETV Bharat / international

মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ বাবে চীনৰ প্ৰথমটো সফল ক্ৰিউড মিছন - Space station

বৃহস্পতিবাৰে মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ বাবে প্ৰথমটো সফল ক্ৰিউড মিছনৰ শুভাৰম্ভ কৰিলে চীনে(China) । চীনৰ এই মিছন মহাকাশলৈ সপ্তমটো ক্ৰিউড মিছন আৰু চীনৰ মহাকাশ কেন্দ্ৰ(Space station)ৰ নিৰ্মাণকাৰ্য চলি থকা অৱস্থাত প্ৰথমখন ক্ৰিউড মহাকাশ যানে যাত্ৰা কৰিছে ।

China successfully launched its crewed spacecraft for space station construction
মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ বাবে চীনৰ প্ৰথমটো সফল ক্ৰিউড মিছন
author img

By

Published : Jun 17, 2021, 1:38 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৭ জুন : মহাকাশ কেন্দ্ৰ(Space station)ৰ নিৰ্মাণকাৰ্য চলি থকা অৱস্থাত চীনে(China) বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে ক্ৰিউড মহাকাশ যান প্ৰেৰণ কৰে । এই মহাকাশ যানখনেৰে ৩ গৰাকী মহাকাশচাৰীয়ে চীনৰ মহাকাশ কেন্দ্ৰলৈ ৩ মাহৰ বাবে গৈছে । উত্তৰ-পশ্চিম চীনৰ গোবী মৰুভূমিৰ জিউকুয়ান উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰ(Jiuquan Satellite Launch Centre) ৰ পৰা শেনঝৌ-১২ মহাকাশ(Shenzhou-12 spacecraft) যানখন প্ৰেৰণ কৰা হয় ।

মহাকাশ যান প্ৰেৰণৰ দৃশ্য চিজিটিএন টিভি(CGTN-TV) য়ে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰে । উৎক্ষেপণৰ কেইমিনিটমানৰ ভিতৰতে উৎক্ষেপণ সম্পূৰ্ণ সফল হৈছে বুলি ঘোষণা কৰে মিছন নিয়ন্ত্ৰকে । চিএমএছএৰ মতে, এই মিছন মহাকাশলৈ সপ্তমটো ক্ৰিউড মিছন আৰু চীনৰ মহাকাশ কেন্দ্ৰৰ নিৰ্মাণকাৰ্য চলি থকা অৱস্থাত প্ৰথমখন ক্ৰিউড মহাকাশ যানে যাত্ৰা কৰিছে ।

মহাকাশ যানখনত যোৱা মহাকাশচাৰী তিনিজন হৈছে শেনঝৌ-৬ আৰু শেনঝৌ-১০ অভিযানত অংশগ্ৰহণ কৰা ৫৬ বছৰীয়া কামাণ্ডাৰ নায়ে হেইছেং, শেনঝৌ-৭ অভিযানৰ অংশ লোৱা ৫৪ বছৰীয়া লিউ বমিং আৰু প্ৰথমবাৰৰ বাবে মহাকাশ অভিযানত অংশ লোৱা ৪৫ বছৰীয়া টাং হংবো । চীনৰ মানৱচালিত মহাকাশযানখনে পূৰ্বৰ অভিযানৰ অভিলেখ ভংগ কৰিব বুলি আশা কৰা হৈছে । ২০১৬ চনত শেনঝৌ-১১ ৰ মহাকাশচাৰীসকলে 33 দিন অতিবাহিত কৰিছিল ।

কক্ষপথত প্ৰৱেশ কৰাৰ পিছত শেনঝৌ-12 মহাকাশযানখনে ইন-অৰ্বিট স্পেচ ষ্টেচন ক'ৰ মডিউল তিয়ানহেৰ সৈতে অৱতৰণ কৰিব । মহাকাশচাৰীসকল মূল মডিউলত থাকিব । চিএমএছএ-ৰ সঞ্চালক হাও চুনৰ মতে, তেওঁলোকৰ কাম পূৰ্বৱৰ্তী ক্ৰিউড মিছনতকৈ অধিক জটিল আৰু প্ৰত্যাহ্বানজনক হ'ব । বুধবাৰে চিএমএছএ-ৰ সঞ্চালকৰ সহায়ক জি কিমিংয়ে কয় যে, শেনঝৌ-১২ৰ দলটোৱে কক্ষপথত চাৰিটা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব ।

কৰ্মচাৰীসকলে কমপ্লেক্সটো পৰিচালনা কৰিব আৰু এই কামবোৰৰ ভিতৰত আছে তিয়ানহে মডিউলৰ ইন-অৰ্বিট পৰীক্ষা, ৰিচাইক্লিং আৰু জীৱন সমৰ্থন প্ৰণালীৰ প্ৰমাণীকৰণ, ৰবটিক আৰ্মৰ পৰীক্ষা আৰু সঞ্চালন প্ৰশিক্ষণ, লগতে সামগ্ৰী আৰু আৱৰ্জনাৰ ব্যৱস্থাপনা কৰা ।

তাৰ পিছত তেওঁলোকে সেই স্থানৰ আঁতৰি আহিব । তাৰ পিছত তেওঁলোকে মহাকাশ বিজ্ঞান সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষা আৰু প্ৰযুক্তি পৰীক্ষা সম্পন্ন কৰিব । শেষত শাৰীৰিক ব্যায়াম, আৰু তেওঁলোকৰ স্বাস্থ্যৰ স্থিতিৰ নিয়মীয়া নিৰীক্ষণ আৰু মূল্যায়নৰ জৰিয়তে তেওঁলোকৰ নিজৰ শৰীৰ সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰিব ।

লগতে পঢ়ক: 30 জুনলৈ ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত বাংলাদেশৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.