ETV Bharat / international

কৰ'ণাত মৃত্যুবৰণ কৰা লোকক চীনত শ্ৰদ্ধাঞ্জলী, ৩ মিনিটৰ বাবে মৌন ব্ৰত পালন

author img

By

Published : Apr 4, 2020, 4:33 PM IST

চীনত কৰ'ণা ভাইৰাছত মৃত্যু হোৱা লোকক শ্ৰদ্ধাঞ্জলী । শ্ৰদ্ধাঞ্জলী জ্ঞাপন ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু অন্যান্য চৰকাৰী বিষয়াৰ । ৪ এপ্ৰিল দিনটোতেই চীনত পৰম্পৰাগত ভাৱে পালন কৰা হয় Qingming Festival বা ট'ম্ব উৎসৱ। এই দিনটোতেই মৃতক তথা শ্বহিদ সকলক দিয়া হয় শ্ৰদ্ধাঞ্জলী ।

China honors virus victims with 3 minutes of reflection

নিউজ ডেস্ক, ৪ এপ্ৰিলঃ চীনতেই উদ্ভৱ হৈছিল মহামাৰী কৰ'ণা ভাইৰাছ তথা কোভিড-১৯ । ৱুহান চহৰতেই প্ৰথমে পোহৰলৈ আহিছিল এই ভাইৰাছৰ । ২৩ জানুৱাৰীত সম্পূৰ্ণ লক্ ডাউন ঘোষণা কৰা হৈছিল চহৰখন । ১১ মিলিয়ন লোকৰ নাগৰিক দ্বাৰা কৰা এই বলিদানক ৰাষ্ট্ৰীয় কমিউনিষ্ট নেতৃত্বত "বীৰ চহৰ" হিচাপে প্ৰশংসা কৰা হৈছিল ।

চীনত শ্ৰদ্ধাঞ্জলী
চীনত শ্ৰদ্ধাঞ্জলী

শনিবাৰে চীনত কৰ'ণা ভাইৰাছত মৃত্যু হোৱা লোকক উদ্দেশ্যি পুৱা ১০ বজাত ৩ মিনিটৰ বাবে মৌন ব্ৰত পালন কৰা হয় । দেশৰ লগতে দেশৰ বাহিৰৰ চীনৰ বিদেশ মন্ত্ৰণালয়ত অৰ্ধনমিত কৰা হয় ৰাষ্ট্ৰীয় পতাকা ।

চীনৰ ৱুহান চহৰতেই বিগত বৰ্ষৰ ডিচেম্বৰত পোহৰলৈ আহিছিল কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা । তেতিয়াৰ পৰা চীনত বৰ্তমানলৈকে প্ৰায় ৩৩০০ গৰাকী নাগৰিকে প্ৰাণ হেৰুৱালগীয়া হৈছে । পুৱাই চাইৰেণ আৰু বাহনৰ শব্দত স্তব্ধ হৈ পৰিল সকলো লোক ।

চীনত কৰ'ণা ভাইৰাছত মৃত্যু হোৱা লোকক শ্ৰদ্ধাঞ্জলী

আনহাতে এই ভাইৰাছত সমগ্ৰ বিশ্বত ৬০ হাজাৰ লোকৰ মৃত্যু হৈছে । চীন চৰকাৰে জানিবলৈ দিয়ে যে, চীনে এই ভাইৰাছৰ ফলত ১৫ গৰাকী চিকিৎসকে প্ৰাণ হেৰুৱাইছে । ইয়াৰ ভিতৰত আছে প্ৰথমে এই ভাইৰাছক চিনাক্ত কৰা লী বেনলিয়াংগ ।

৩ মিনিটৰ বাবে মৌন ব্ৰত পালন
৩ মিনিটৰ বাবে মৌন ব্ৰত পালন

ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু অন্যান্য চৰকাৰী বিষয়াই কৰ'ণা ভাইৰাছত মৃত্যু হোৱা চীনা নাগৰিকক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । ৪ এপ্ৰিলতেই চীনত ট'ম্ব উৎসৱ পালন কৰা হয় । এই দিনটোতেই মৃতক তথা শ্বহিদক শ্ৰদ্ধাঞ্জলী দিয়া হয় ।

কৰ'ণাত মৃত্যুবৰণ কৰা লোকক চীনত শ্ৰদ্ধাঞ্জলী

কৰ'ণা ভাইৰাছঃ উৎপত্তি আৰু আঁৰৰ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.