ETV Bharat / international

১৯৭১ৰ গণ সংহাৰৰ ঘটনাক সুঁৱৰি ঢাকাত চাইকেল ৰেলীৰ আয়োজন - ১৯৭১ চনৰ ২৫ মাৰ্চ,

১৯৭১ চনৰ ২৫ মাৰ্চ, বাংলাদেশৰ ইতিহাসৰ এটা ক'লা দিন । ২৫ মাৰ্চৰ মাজ নিশা তালাচী অভিযানৰ নামত পাকিস্তানৰ সেনাই প্ৰায় ১০০,০০০ বঙালী সম্প্ৰদায়ৰ লোকক এটা ৰাতিৰ ভিতৰতে হত্যা কৰিছিল । তেওঁলোকৰ লক্ষ্য আছিল গৱেষক, শিক্ষাবিদ আৰু বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ আৰু অধ্যাপক । এই ঘটনা সংঘটিত কৰাৰ বাবে পাকিস্তানী সেনাই ক্ষমা বিচৰাৰ দাবীত বাংলাদেশত চাইকেল ৰেলীৰ আয়োজন ।

১৯৭১ৰ গণ সংহাৰৰ ঘটনাক সুঁৱৰি ঢাকাত চাইকেল ৰেলীৰ আয়োজন

author img

By

Published : Dec 14, 2020, 10:17 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ ডিচেম্বৰ : ১৯৭১ চনত বাংলাদেশত পাকিস্তানী সেনাই কৰাৰ বৰ্বৰতাৰ বাবে পাকিস্তানে ক্ষমা বিচৰাৰ দাবী উত্থাপন কৰি সোমবাৰে বাংলাদেশত চাইকেল ৰেলীৰ আয়োজন কৰা হয় । ভাৰত-বাংলাদেশ সম্প্ৰীতি সংগঠনৰ সাধাৰণ সম্পাদক তৌফিক তফছিৰে আয়োজন কৰা এই ৰেলীত ১২০ জনৰো অধিক লোকে অংশ লয় । হাতে হাতে বেনাৰ লৈ পাক সেনাৰ বৰ্বৰতাক ধিকাৰ দিয়ে প্ৰতিবাদকাৰী লোকসকলে ।

পাকিস্তান সেনাৰ বৰ্বৰতা পাহৰিব নোৱাৰি, পাকিস্তানে বঙালী বুদ্ধিজীৱিক নিঃশেষ কৰিব বিচাৰিছিল, ক্ষমা নিবিচৰালৈকে পাকিস্তানৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰক আদি শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে । নিকেতনৰ পৰা গুলছন এভিনিউলৈকে এই চাইকেল ৰেলী উলিওৱা হয় । আমেৰিকাতো সোমবাৰে একে বিষয়ক লৈ পাকিস্তান দূতাবাসৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

লগতে পঢ়ক:বন্যহস্তীক সুৰক্ষা দিয়াত বিফল হৈছে নেকি বন বিভাগ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.