ETV Bharat / international

ভাৰতৰ সৈতে ব্যৱসায়িক সম্পৰ্ক দৃঢ় কৰিবলৈ আশাবাদী আমেৰিকা - ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প

ভাৰতৰ সৈতে ব্যৱসায়িক সম্পৰ্ক দৃঢ় কৰিবলৈ আশাবাদী আমেৰিকা যুক্তৰাষ্ট্ৰ ৷

ভাৰত - আমেৰিকাৰ ব্যৱসায়িক সম্পৰ্ক
author img

By

Published : Jul 17, 2019, 3:58 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 17 জুলাই : ভাৰতৰ সৈতে ব্যৱসায়িক সম্পৰ্ক উন্নত আৰু দৃঢ় কৰাৰ আশা প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ শেহতীয়াকৈ দুই দেশৰ মাজত বৃদ্ধি পোৱা ব্যৱসায়িক সংঘাতৰ পাছতে এই আশা ব্যক্ত কৰে দেশখনৰ মুখপাত্ৰ মৰ্গান অ'ৰটাগাছে ৷

ETV BHARAT ASSAM
নৰেন্দ্ৰ মোডী আৰু ড'নাল্ড ট্ৰাম্প

'ইউএছ - ইণ্ডিয়া ট্ৰেড টক' সমাপ্ত কৰি ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প কাৰ্যালয়ৰ দুজনকৈ বিষয়াই নতুন দিল্লীৰ পৰা উৰা মৰাৰ পাছতে এনেদৰে মন্তব্য কৰে মৰ্গানে ৷ তেওঁ জানিবলৈ দিয়ে যে, দুয়ো দেশৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ বাবেই সকলো ধৰণৰ বিবাদ নিষ্পত্তি কৰিবলৈ সক্ষম হ'ব আৰু পুনৰ ব্যৱয়ায়িক সম্পৰ্ক দৃঢ় কৰিব পাৰিব ৷

ETV BHARAT ASSAM
নৰেন্দ্ৰ মোডী

উল্লেখ্য যে, আমেৰিকাৰ 28 টাকৈ সামগ্ৰীত ভাৰতে শুল্ক প্ৰয়োগ কৰাৰ পাছতে ক্ষুদ্ধ হৈ পৰিছিল ৰাষ্ট্ৰপতি ট্ৰাম্প ৷ ইয়াৰ পাছতে চলিত বৰ্ষৰ জুনৰ 5 তাৰিখৰ পৰা ভাৰতক ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষাধিকাৰ দিবলৈ অস্বীকাৰ কৰিছিল ট্ৰাম্পে ৷

ETV BHARAT ASSAM
নৰেন্দ্ৰ মোডী আৰু ড'নাল্ড ট্ৰাম্প

এই সংঘাতৰ পাছতে যোৱা সপ্তাহত নতুন দিল্লীত আহি উপস্থিত হৈছিল আমেৰিকাৰ এক প্ৰতিনিধিৰ দল ৷ ইয়াৰোপৰি, যোৱা মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অ'ছাকাত জি - 20 সন্মিলনৰ সময়ত ট্ৰাম্পক লগ কৰি এক আলোচনাত মিলিত হৈছিল ৷

ETV BHARAT ASSAM
ভাৰতৰ সৈতে ব্যৱসায়িক সম্পৰ্ক দৃঢ় কৰিবলৈ আশাবাদী আমেৰিকা

US REMAINS HOPEFUL OF RESOLVING TRADE TIES WITH INDIA

ভাৰতৰ সৈতে ব্যৱসায়িক সম্পৰ্ক দৃঢ় কৰিবলৈ আশাবাদী আমেৰিকা 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.