ETV Bharat / international

নিৰ্বাচনত পৰাস্ত হৈও ট্ৰাম্পবাদ বৰ্তি থাকিবঃ আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাজনৈতিক উখল মাখলৰ দিশে অগ্ৰসৰ - আমেৰিকা যুক্তৰাষ্ট্ৰ

জ' বাইডেন আমেৰিকা যুক্তৰাষ্ট্ৰৰ 46 তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিচত যথেষ্ট উচাহৰ ঢল দেখিবলৈ পোৱা গৈছে ৷ দৰাচলতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 59 তম ৰাষ্ট্ৰপতি নিৰ্বাচনে কেইবাটাও কীৰ্তিমান গঢ়াৰ কৃতিত্ব অৰ্জন কৰিছে ৷ 1992 চনৰ পিচত এইটোৱেও আছিল প্ৰথম নিৰ্বাচন য’ত এগৰাকী ৰাষ্ট্ৰপতিয়ে একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে জয়ী হ’বলৈ সক্ষম নহ’ল ৷ 75 মিলিয়নতকৈও অধিক ভোট লাভ কৰিবলৈ সক্ষম হোৱা বাইডেনে ৰাষ্ট্ৰপতি নিৰ্বাচন সমূহত 2008 চনত বাৰাক অবামাই লাভ কৰা 69.5 মিলিয়ন ভোটৰ সংখ্যাক নেওচি এতিয়ালৈকে আটাইতকৈ বেছি ভোট লাভ কৰা প্ৰাৰ্থী হিচাপে পৰিগণিত হৈছে ৷

Trumpism to survive electoral setback: Political turbulence to beset US
নিৰ্বাচনত পৰাস্ত হৈও ট্ৰাম্পবাদ বৰ্তি থাকিবঃ আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাজনৈতিক উখল মাখলৰ দিশে অগ্ৰসৰ
author img

By

Published : Nov 14, 2020, 10:32 AM IST

নিউজ ডেস্ক, 14 নৱেম্বৰ : জ' বাইডেন আমেৰিকা যুক্তৰাষ্ট্ৰৰ 46 তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিচত যথেষ্ট উচাহৰ ঢল দেখিবলৈ পোৱা গৈছে ৷ দৰাচলতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 59 তম ৰাষ্ট্ৰপতি নিৰ্বাচনে কেইবাটাও কীৰ্তিমান গঢ়াৰ কৃতিত্ব অৰ্জন কৰিছে ৷ 1992 চনৰ পিচত এইটোৱেও আছিল প্ৰথম নিৰ্বাচন য’ত এগৰাকী ৰাষ্ট্ৰপতিয়ে একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে জয়ী হ’বলৈ সক্ষম নহ’ল ৷ 75 মিলিয়নতকৈও অধিক ভোট লাভ কৰিবলৈ সক্ষম হোৱা বাইডেনে ৰাষ্ট্ৰপতি নিৰ্বাচন সমূহত 2008 চনত বাৰাক অবামাই লাভ কৰা 69.5 মিলিয়ন ভোটৰ সংখ্যাক নেওচি এতিয়ালৈকে আটাইতকৈ বেছি ভোট লাভ কৰা প্ৰাৰ্থী হিচাপে পৰিগণিত হৈছে ৷

ক’ভিড-19 ৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰাজ্যই 'মেইল ইন ভোটিং' ব্যৱস্থাত থকা নিষেধাজ্ঞা শিথিল কৰাৰ ফলত এই নিৰ্বাচনত অধিক লোকে মেইল যোগে আগতীয়াকৈ ভোটদান কৰা দেখা গৈছিল ৷ যাৰ ফলস্বৰূপে কেইখনমান ‘ছুইং’ ৰাজ্যই বিপুল সংখ্যক 'মেইল ইন বেলট' গণনা কৰা আৰু প্ৰতিবেদন দাখিল কৰাত পলম কৰিছিল আৰু প্ৰধান খবৰ প্ৰতিষ্ঠানবোৰেও কোনোজন প্ৰাৰ্থীকে 2020 চনৰ সাত নৱেম্বৰলৈকে বিজয়ী হিচাপে প্ৰক্ষেপণ কৰা নাছিল ৷

Trumpism to survive electoral setback: Political turbulence to beset US
নিৰ্বাচনত পৰাস্ত হৈও ট্ৰাম্পবাদ বৰ্তি থাকিবঃ আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাজনৈতিক উখল মাখলৰ দিশে অগ্ৰসৰ

লগতে পঢ়ক : অখিল গগৈৰ মুক্তিৰ দাবীৰে ডুমডুমাত ৰাজহুৱা ‘দোৱা’ কাৰ্যসূচী

অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল য’ছেফ আৰ বাইডেনৰ সহযোগী কমলা হেৰিছ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম গৰাকী কৃষ্ণাংগ মহিলা ৷ এনে ধৰণৰ কীৰ্তিমান গঢ়াৰ স্বত্বেও 59 তম ৰাষ্ট্ৰপতি নিৰ্বাচনৰ জনাদেশ ‘প’লষ্টাৰ’ সকলে অনুমান কৰা ধৰণেৰে নিৰ্ণায়ক তথা প্ৰভাৱী নাছিল ৷ এইটো মনত ৰাখিবলগীয়া বিষয় যে, বৰ্তমানৰ ৰাষ্ট্ৰপতি গৰাকীয়ে 70 মিলিয়নতকৈও অধিক ভোট লাভ কৰিছিল ৷ এই সংখ্যা ৰাষ্ট্ৰপতি বাৰাক অবামাই লাভ কৰা ভোটৰ সংখ্যাতকৈও অধিক ৷ প্ৰকৃততে 2016 আৰু 2020 চনৰ ভোটদানৰ প্ৰৱণতাত প্ৰতিফলিত হোৱা মতে ট্ৰাম্পে তেওঁৰ নীতিৰ সপক্ষত সমৰ্থন বিস্তাৰ ঘটাবলৈ সক্ষম হৈছিল ৷

2016 চনত ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পে 62,984,828 টা ভোট লাভ কৰিছিল ৷ যি আছিল মুঠ ভোটদাতাৰ প্ৰায় 46 শতাংশ ৷ 2020 চনত ট্ৰাম্পৰ সমৰ্থনত ভোটাৰ সংখ্যা বৃদ্ধি পাই 71,098,559 হয়গৈ ৷ যি মুঠ ভোটদাতাৰ প্ৰায় 48 শতাংশ ৷ (প্ৰৱন্ধটো লিখি থকাৰ সময়ত 93 শতাংশ ভোটহে গণনা কৰা হৈছে) এইটো স্পষ্ট হৈ পৰিছে যে 59 তম ৰাষ্ট্ৰপতি নিৰ্বাচনত ড'নাল্ড ট্ৰাম্পৰ পৰাজয় হোৱাৰ স্বত্বেও ট্ৰাম্পবাদৰ লোকপ্ৰিয়তা বৃদ্ধিহে পাইছে ৷ 2020 চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিনেট নিৰ্বাচনত ডেমক্ৰেটিক দলৰ 'পাইৰিক ভিক্ট্ৰী'ক বৰ্তমানৰ স্থিতিৰ দ্বাৰা মূল্যায়ন কৰা হৈছে ৷ ৰিপাব্লিকান দলে 18 খন আসনত জয়ী হৈছে আৰু আমেৰিকা ছিনেটত 84 খন আসন লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ ন্যায় বিচাৰি গোৱালপাৰা সাংবাদিক সন্থাৰ প্ৰতিবাদ

আনহাতে, ডেমক্ৰেটিক দলে 13 খন আসনত জয়ী হৈছে আৰু ছিনেটত 46 খন আসন লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইফালে, দুখন আসন দখল কৰিছে নিৰ্দলীয়সকলে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিনেটৰ ভাগ্য নিৰ্ণয়ৰ বাবে 51 খন আসনৰ প্ৰয়োজন হয় আৰু এই বিষয়টো জৰ্জিয়াৰ দুই 'ৰাণঅফ' নিৰ্বাচনৰ ওপৰত নিৰ্ভৰ কৰিছিল ৷ পিছে দুয়ো দলেই মুঠ ভোটৰ 50 শতাংশ পাবলৈও সক্ষম নহ’ল ৷ সংবাদ মাধ্যমৰ বিশ্লেষকসকল আৰু 'প’লষ্টাৰ'সকলে 2020 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ নিৰ্ধাৰিত 3 নৱেম্বৰৰ দিনা ভোটদাতাসকলক ভোটদান কৰিবলৈ উৎসাহিত কৰাৰ বাবে ট্ৰাম্পৰ 'কানিভিলেস্ক' প্ৰচাৰক কৃতিত্ব দিছে ৷ মূলত ট্ৰাম্পে পোষণ কৰা ৰাষ্ট্ৰবাদী বিচাৰধাৰাই তেওঁৰ সমৰ্থকসকলক তেওঁৰ পক্ষত ভোটদান কৰিবলৈ প্ৰভাৱিত কৰিছিল ৷

উল্লেখ্য যে, এই ধৰণৰ বিচাৰধাৰা আমেৰিকা যুক্তৰাষ্ট্ৰ নিৰ্মাণ হোৱা সময়ৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনীতিত এই বিদ্যমান হৈ আহিছে ৷ এই বিচাৰধাৰাক আমি ট্ৰাম্পবাদ বুলি জানো ৷ ই ৰক্ষণশীল বিচাৰধাৰা, আদৰ্শ, জাতি, শ্ৰেণী, লিংগ আৰু বৈজ্ঞানিক চিন্তাধাৰাৰ লগত গভীৰভাৱে সাঙোৰ খাই আছে ৷ এই নৱ্য ৰক্ষণশীল ইক’ছিষ্টেম নিশ্চিতভাৱে ট্ৰাম্পৰ দ্বাৰা সৃষ্ট নহয় ৷ কিন্তু মূখ্যধাৰাৰ ৰাজনীতিত ইয়াক অনুপ্ৰৱেশ ঘটোৱাত ট্ৰাম্পে অনুঘটকৰ দৰে ভূমিকা পালন কৰিছিল ৷ নৱ্য ৰক্ষণশীল ৰাজনীতি, বিভিন্ন সংস্থা আৰু গোটসমূহৰ এক সংমিলিত সংগঠনৰ দ্বাৰা পৰিচালিত হয় ৷ এইসমূহৰ মাজত থকা কোনো সু-নিশ্চিত সম্পৰ্কক আঙুলিয়াই দিয়াটো যথেষ্ট কঠিন কাম হ’ব ৷ ওপৰত উল্লেখ কৰা ৰাষ্ট্ৰবাদী বিচাৰধাৰাৰ প্ৰতি থকা সমৰ্থনৰ বাদে আন কোনো ক্ষেত্ৰতে এওঁলোকৰ মাজত মিল দেখা পোৱা নাযায় ৷ এওঁলোকে বিশেষকৈ নিজে জড়িত থকা সংস্থাসমূহৰ বিধিসমূহকে মানি চলে ৷ এফালৰ পৰা চাবলৈ গ’লে এই সংমিলিত সংস্থাসমূহ হৈছে কোনো এক অনিয়মিত গোট ৷ এওঁলোকৰ কোনো নিৰ্দিষ্ট নেতা, ৰাজনৈতক নেতৃত্ব তথা কোনো গঠন নাথাকে ৷ 'কিউ এনন' তেনে গোটসমূহৰ এক উদাহৰণ ৷

লগতে পঢ়ক : পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ৰাহুল গান্ধীৰ টুইট

আনফালে আছে চৰমপন্থী গোটসমূহ হ’ল কঠোৰ অনুশাসন মানি চলা, উচ্চ শৃংখলাবদ্ধ সোঁপন্থী মিলিছিয়া সংগঠনসমূহ যিবোৰে শ্বেত বৰ্ণবাদৰ আধিপত্যক পৃষ্ঠপোষকতা কৰে ৷ ইয়াৰ পিচতেই নাম ল’ব পাৰি বিভিন্ন ৰেডিঅ’ অনুষ্ঠানসমূহ, কেবলৰ দ্বাৰা প্ৰচাৰিত বাতৰি আৰু চৰমপন্থী ৱেবছাইটবোৰ ৷ যেনে ব্ৰেইটবাৰ্ট নিউজ ৷ এই ৱেবছাইটে বিকল্প সোঁপন্থীসকলৰ বাবে মঞ্চ তৈয়াৰ কৰি দিয়ে ৷ এই ৰাষ্ট্ৰবাদী বিচাৰধাৰা আৰু ইয়াৰ প্ৰতি আনুগত্যশীল সংস্থাবোৰে ৰিপাব্লিকান দলৰ অংশ নাইবা তেওঁলোকৰ দ্বাৰা নিয়ন্ত্ৰনাধীন হৈ নথকাৰ পিচতো ভোটাৰসকলৰ এক গুৰুত্বপূৰ্ণ অংশক ৰিপাব্লিকান দলৰ সমৰ্থনত ভোটদান কৰিবলৈ উদগনি দিছিল ৷ গ্ৰাণ্ড অ’ল্ড পাৰ্টীৰ সৈতে বিকল্প সোঁপন্থীসকলক সংযুক্ত কৰাটো সম্পূৰ্ণ ট্ৰাম্প আৰু তেওঁৰ সহযোগীসকলৰ কাৰ্য আছিল ৷ ইয়াৰ পৰাই বুজিব পাৰি যে, ৰিপাব্লিকান দলত ট্ৰাম্পৰ প্ৰভাৱ কিমান ৷ নিৰ্বাচনত পৰাস্ত হোৱা স্বত্বেও ট্ৰাম্প আৰু তেওঁৰ বিশ্বাসী সহযোগীসকলে দলটোত দৃঢ়তাৰে নিজৰ স্থিতি বজাই ৰাখিব পাৰিব আৰু ডেম’ক্ৰেট তথা অন্য তথাকথিত শত্ৰুসকলৰ সৈতে অব্যাহতভাৱে সংঘৰ্ষত লিপ্ত হৈ থাকিব ৷ সংক্ষেপতে কবলৈ গ’লে ট্ৰাম্পৰ বিভাজনকামী ৰাজনীতি আনকি তেওঁৰ পৰাজয়ৰ পিচতো অব্যাহত থাকিব ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনীতিত ক্ৰমান্বয়ে বৃদ্ধি পোৱা ক্ষণস্থায়ীতাৰ বিষয়ে কৰা যিকোনো বিশ্লেষণেই যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক দলসমূহত ঘটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তনবোৰৰ বিষয়ে উল্লেখ নকৰিলে সম্পূৰ্ণ হৈ নুঠিব ৷ ডেমক্ৰেটিক আৰু ৰিপাব্লিকান উভয় দলৰে সমৰ্থক সকলৰ মাজত তথা দল দুটাৰ ভিতৰচৰাত ফাঁট মেলা দেখা গৈছে ৷ 58 তম ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰাই ডেমক্ৰেটিক আৰু ৰিপাব্লিকান উভয় দলেই এক কট্টৰপন্থী গোটৰ দ্বাৰা ভাবুকি পাই আহিছে ৷

লগতে পঢ়ক : দীপাৱলীক কেন্দ্ৰ কৰি ন-ৰূপত এইবাৰ ৰাইজৰ মাজত প্ৰশান্ত ফুকন

আৰ্থ-সামাজিক আৰু ৰাজনৈতিক সংস্কাৰৰ মন্থৰ গতিত অধৈৰ্য হৈ পৰা বামপন্থী সকলৰ পৰা ডেমক্ৰেটিক দলে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছে ৷ বেৰ্ণি ছেণ্ডাৰছ আৰু দ্য স্কোৱাড ডেমক্রেটছে (2018 চনত ইউনাইটেড ষ্টেটছ হাউছ অৱ ৰিপ্ৰেজেনটেটিভছ নিৰ্বাচনত নিৰ্বাচিত হৈ অহা চাৰি গৰাকী মহিলা ক্ৰমান্বয়ে, নিউয়ৰ্কৰ আলেকজেণ্ড্ৰিয়া অ’কাচিঅ’ কৰ্টেজ, মিন’চ্ছেটাৰ ইলহান ওমৰ, মাচাচ্ছুছেটছৰ আয়ান্না প্ৰিছলী আৰু মিশ্চিগানৰ ৰাশ্বিদা টলাইবৰ দ্বাৰা গঠিত এক গোট) ডেমক্ৰেটিক দলৰ বামপন্থী চিন্তাধাৰা আৰু উদ্বেগবোৰক স্পষ্টকৈ দাঙি ধৰিছে ৷ এই গোটটোৱে ইতিমধ্যে ডেমক্ৰেটিক দলত মূখ্য স্থান দখল কৰিবলৈ দুটা অসফল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল ৷ এওঁলোক পুলিচ, চিকিৎসা আৰু শিক্ষাৰ সংস্কাৰ তথা এক ন্যায়সংগত মজুৰিৰ ব্যৱস্থাৰ বাবে কৰা আন্দোলনৰ পৃষ্ঠপোষকো ৷ ৰিপাব্লিকান দলে ইতিমধ্যে ট্ৰাম্প আৰু ষ্টিফেন কেৱিন বেননৰ নেতৃত্বত আৰম্ভ হোৱা বিকল্প সোঁ-পন্থী প্ৰত্যাহ্বনাক নস্যাৎ কৰিছে ৷ ই ৰক্ষণশীল প্ৰতিষ্ঠাপক সকলৰ নিঃস্বৰ্ত আত্মসমৰ্পণৰ এক লক্ষণ যে, আব্ৰাহম লিংকনৰ দলটো শেহতীয়াকৈ আমেৰিকাৰ ৰাজনীতিত সংঘীয় বিচাৰধাৰাৰ বাহন হৈ পৰিছে ৷ উভয় দলৰ প্ৰতিষ্ঠাপক সকলেই এই প্ৰত্যাহ্বানক দূৰ কৰিবলৈ অসমৰ্থতা প্ৰদৰ্শন কৰিছে ৷ 58 তম ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেমক্রেটিক দলে নিশ্চিত জয়ক তেওঁলোকৰ দলৰ বামপন্থী সকলৰ অপৰিপক্ক ব্যৱহাৰৰ বাবে হাৰলৈ পৰ্যবসিত কৰিছিল ৷ ঠিক তেনেকৈয়ে কেইখনমান 'ছুইং' ৰাজ্যত ৰক্ষণশীল সকলৰ ভূমিকাৰ বাবেও ট্ৰাম্পে ছিনেট আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজয়ৰ মুখ দেখিব লগা হৈছিল ৷ এৰিজনা আৰু মাছাচ্ছুছেটছত বাইডেনৰ জয়ত ৰিপাব্লিকান দলৰ প্ৰয়াত জন মেককেইন আৰু মিট ৰমনিৰ ভূমিকা থকা দেখা যায় ৷

লগতে পঢ়ক : পৰাগ ভূঞা হত্যাকাণ্ডঃ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত

এই প্ৰত্যাহ্বান সৃষ্টি হোৱাৰ মূখ্য কাৰণ হ’ল মূলত যি সময়ত ডেম’ক্ৰেটছসকল ক্ৰমশঃ সংস্কাৰৰ বামপন্থী চিন্তাধাৰাৰ প্ৰতি তৰিৎ গতিৰে ঢাবিত হৈছে ঠিক সেই সময়তে ৰিপাব্লিকানসকল এক ৰাজনীতিৰ সাংস্কৃতিক যুঁজৰ দিশে অগ্ৰসৰ হৈছে ৷ বাইডেনৰ নিৰলস প্ৰয়াসৰ পাচতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঘৰুৱা ৰাজনীতিৰ এই বৰ্ধিত ফাঁটটো জোৰা লগাবলৈ কঠিন হ’ব ৷ প্ৰকৃততে, মহামাৰীৰ সময়তো আনকি যিবোৰ জ্বলন্ত সমস্যাই ভোটাৰ সকলক অভূতপূৰ্ৱভাৱে ভোটদান কৰিবলৈ উৎসাহ যোগাইছিল তাক বাইডেন প্ৰসাশনে হয়তো এৰাই চলিব নোৱাৰিব ৷ যি নহওঁক, ক’ভিড-19 ৰ লগত জড়িত স্বাস্থ্যজনিত উপায়সমূহৰ ক্ষেত্ৰতেই হওঁক বা বিশেষকৈ বৰ্ণ সম্প্ৰদায়ৰ ভিত্তিত আৰক্ষী প্ৰসাশনে লোৱা বিভেদমূলক আচৰণৰ বিৰুদ্ধে জাগি উঠা সংবেদনশীলতাৰ প্ৰতিক্ৰিয়া হিচাপে লোৱা সংস্কাৰ, নাইবা প্ৰৱজ্জনৰ নিয়মবোৰ, তেনে যিকোনো বিষয়ত বাইডেন প্ৰসাশনে নিৰ্ণায়ক সিদ্ধান্ত ল’লে পথ বিদ্ৰোহৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনীয়তা আছে ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠাপকসকলে হয়তো ইয়াক বিশ্বৰ হেতু উচৰ্গিত স্বাধীনতাৰ এক সোণালী কিৰণ তথা এখন পৰ্ৱতৰ শিখৰত উজ্জ্বলিত চহৰ হিচাপে প্ৰতিস্থা কৰাৰ সপোন দেখিছিল ৷ কিন্তু বৰ্তমানৰ পৰিস্থিতিত ই এক জ্বলন্ত অগ্নিপিণ্ডলৈহে পৰ্যবসিত হোৱাৰ সম্ভাৱনাহে আছে ৷ এই বিষয়টোৱে আমাক প্ৰভাৱিত কৰা উচিত নে ? এক সাম্ভাৱ্য 'হাইপাৰপাৱাৰ' হিচাপে উদিত চীনৰ উত্থানত বহুপক্ষীয় প্ৰতিষ্ঠানসমূহৰ নেতৃত্ব পুনৰাই কুক্ষিগত কৰিবলৈ কৰা ক্ষমতাত এখন বিভাজিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰভাৱ কেনে হ’ব তাক অনুধাৱন কৰা উচিত হ’ব ৷

লগতে পঢ়ক : সেনা জোৱানৰ সৈতে দিপাৱলী পালন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.