নিউজ ডেস্ক, 2 জুনঃ " Massachusetts Institute of Technology (MIT)" ৰ এটা গৱেষকৰ দলে HIV ৰ অণুক DNA ভাইৰাছৰ আকৃতি দিছে ৷ এই অণুসমূহে DNA origami প্ৰযুক্তিৰ জৰিয়তে লেব ডিছত বিকাশ হোৱা মানৱ ৰোগ প্ৰতিৰোধক কোষসমূহক শক্তিশালী কৰে ৷ এই অণুসমূহ HIV ভেকছিন হিচাবে ব্যৱহাৰ কৰিব পাৰি বুলি গৱেষক দলটোৱে জানিবলৈ দিয়ে ৷
DNA অণুসমূহে ভাইৰাছৰ দৰে, HIV প্ৰ'টিন বা এন্টিজেন সমূহত ঢাক খাই এক মজবুত প্ৰতিৰক্ষা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ গৱেষকসকলে বৰ্তমান এই পদ্ধতিৰ সৈতে খাপ খুৱাই COVID 19 ৰ ভেকছিন তৈয়াৰ কৰাৰ চেষ্টা চলাইছে যিয়ে কেবাবিধ ভাইৰেল ৰোগৰ ভেকছিনৰ কাম কৰিব ৷
লগতে পঢ়কঃপ্ৰসংগ ভাৰত-চীনঃ মেকমোহন লাইনত সষ্টম চীনা সৈন্য
এই পৰীক্ষাৰ পৰা পোৱা প্ৰথম নমুনাৰ নিয়মসমূহ সাধাৰণভাৱে ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা যাব বুলি Biological Engineering and Materials Science and Engineering ৰ অধ্যাপক Darrell Irvine য়ে জানিবলৈ দিয়ে ৷ অধ্যাপকগৰাকীৰ এই লেখনি Nature Nanotechnology নামৰ এখন জাৰ্নেলত প্ৰকাশ পাইছিল৷
DNA origami
ঔষধ বিতৰণৰ লগতে বহু কামত ইয়াৰ ব্যৱহাৰ কৰাৰ উদ্দেশ্য 1980 চনৰ পৰা DNA অণুসমূহক আকৃতি দিয়াৰ চেষ্টা কৰিছিল যদিও 2006 চনত কেলটেকৰ Paul Rothemund য়ে DNA origami প্ৰযুক্তি প্ৰয়োগ কৰে৷
2016 চনত বাথৰ লেবৰটৰীত এটা algorithm আৱিষ্কাৰ কৰা হৈছিল, যিয়ে স্বতঃস্ফুৰ্তভাৱে 3D ভাইৰাছ আকৃতিৰ DNA origami আৱিষ্কাৰ কৰিছিল ৷
এই পদ্ধতিয়ে চিন্থেটিক DNA ৰ আকৃতিৰ ওপৰত সঠিকভাৱে নিয়ন্ত্ৰণ কৰে ৷ যাৰ দ্বাৰা গৱেষকসকলে নিৰ্দিষ্ট স্থানসমূহত ভাইৰেল এন্টিজেনৰ দৰে বিভিন্ন অনু সংলগ্ন কৰাৰ অনুমতি দিয়ে ৷ DNA আকৃতি এটা pegboard ৰ দৰে য'ত যিকোনো ধৰণে এন্টিজেন সংলগ্ন কৰিব পাৰি বুলি জানিবলৈ দিয়ে বাথে ৷
অণুৰ সঠিক আকাৰ, এন্টিজেনসমূহৰ মাজত ব্যৱধান আৰু প্ৰতিটো অণুৰ কেবাটাও এন্টিজেনে বি কোষক উত্তেজিত কৰি ৰখাটো এক প্ৰত্যাহ্বান ৷ অন্য গৱেষকসকলে polymers, liposomes বা স্ব-সংযোজন প্ৰ'টিনৰ দৰে অন্য অণুৰ ব্যৱহাৰ কৰি চাবয়ুনিট টিকা বনোৱাৰ ব্যৱস্থা কৰিছে ৷ কিন্তু সেই সামগ্ৰীসমূহৰ লগত ভাইৰেল প্ৰ'টিনৰ অৱস্থানক DNA origami ৰ সৈতে সঠিকভাৱে নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয় ৷
এই অধ্যয়নটোৰ জৰিয়তে পোৱা ফলাফলখিনি HIV ভেকছিন বিকাশৰ ক্ষেত্ৰত নিৰ্দেশনা প্ৰদান কৰে ৷ এন্টিজেনৰসমূহৰ মাজত বেছি দূৰত্ব থাকিলে ভাল পৰিণাম কিয় দিয়ে ইয়াকে বুজাবলৈ MIT ৰ গৱেষকসকলে তেওঁলোকৰ তথ্যৰ আধাৰত Ohio State বিশ্ববিদ্যালয়ৰ immunology আৰু microbiology ৰ অধ্যাপক জয়জিৎ দাসৰ সৈতেও কাম কৰিছিল ৷