ETV Bharat / international

দুই মহামাৰীৰ জীৱন্ত সাক্ষী 101 বছৰীয়া এঞ্জেলিনা ফ্ৰাইদমেন... - এঞ্জেলিনা ফ্ৰাইদমেন

1918 চনত ইনফ্লুএনঞ্জা মহামাৰীৰ সময়ছোৱাত ইটালীৰ পৰা নিউয়ৰ্ক চহৰলৈ জাহাজত আহি থাকোতে জাহাজতে জন্মগ্ৰহণ কৰিছিল এঞ্জেলিনাই ৷ জন্মৰ কিছুদিনতে ইনফ্লুএনঞ্জা মহামাৰীত আক্ৰান্ত হোৱা সদ্যজাত এঞ্জেলিনাই নিজ মাতৃক হেৰুৱাই ৷ সেই শতিকাত মহামাৰীত আক্ৰান্ত 11 টা শিশুৰ ভিতৰত বাছি থাকে কেৱল এঞ্জেলিনা ফ্ৰাইদমেন ৷

এঞ্জেলিনা ফ্ৰাইদমেন
এঞ্জেলিনা ফ্ৰাইদমেন
author img

By

Published : Apr 29, 2020, 5:54 PM IST

নিউজ ডেস্ক, 29 এপ্ৰিলঃ শতিকা গৰকা এগৰাকী বৃদ্ধা ৷ দুই মহামাৰীৰ জীৱন্ত সাক্ষী নিউয়ৰ্কৰ 101 বছৰীয়া এঞ্জেলিনা ফ্ৰাইদমেন ৷ 1918 চনত বিশ্বত মহামাৰীৰ ৰূপ লোৱা ইনফ্লুএনঞ্জাৰ সন্মুখীন হ'বলগীয়া হৈছিল এঞ্জেলিনা ফ্ৰাইদমেন ৷ কেৱল মহামাৰীতে সীমাবদ্ধ নাথাকি কৰ্কট ৰোগ, গৰ্ভপাত, আভ্যন্তৰীণ ৰক্তপাত, চেপচিচ পৰ্যন্ত পৰাস্ত কৰি অৱশেষত কৰ'ণাৰ যুঁজটো জয়ী হয় বৃদ্ধাগৰাকী ৷ বৃদ্ধাগৰাকীৰ কন্যা জ'এন্নে মাৰতলে সাংবাদিকৰ আগত কয় যে, কৰ্কট ৰোগত আক্ৰান্ত হৈয়ে মৃত্যু হৈছিল তেওঁৰ পিতৃ তথা এঞ্জেলিনা ফ্ৰাইদমেনৰ স্বামীৰ, আনহাতে একে সময়তে কৰ্কট ৰোগৰ পৰা মৃত্যুক জিণি সুস্থ হয় মাতৃ এঞ্জেলিনা ৷

1918 চনত ইনফ্লুএনঞ্জা মহামাৰীৰ সময়ছোৱাত ইটালীৰ পৰা নিউয়ৰ্ক চহৰলৈ জাহাজত আহি থাকোতে জাহাজতে জন্মগ্ৰহণ কৰিছিল এঞ্জেলিনাই ৷ জন্মৰ কিছুদিনতে ইনফ্লুএনঞ্জা মহামাৰীত আক্ৰান্ত হোৱা সদ্যজাত এঞ্জেলিনাই নিজ মাতৃক হেৰুৱাই ৷ সেই শতিকাত মহামাৰীত আক্ৰান্ত 11 টা শিশুৰ ভিতৰত বাছি থাকে কেৱল এঞ্জেলিনা ফ্ৰাইদমেন ৷ সেয়ে তেওঁৰ শৰীৰত ছুপাৰহিউমেনৰ DNA থকা বুলি মন্তব্য কৰে এঞ্জেলিনাৰ কন্যাই ৷

উল্লেখ্য যে, চলিত বৰ্ষত পুনৰ মহামাৰী কৰ'ণাৰ স'তে যুঁজ দি আছিল মহিলাগৰাকীয়ে ৷ কিন্তু অৱশেষত 20 এপ্ৰিলত এঞ্জেলিনাৰ কৰ'ণাৰ ৰিপ'ৰ্ট নেগেটিভ আহে ৷ এঞ্জেলিনা চিকিৎসাধীন হৈ থকা চিকিৎসালয়খনৰ স্বাস্থ্যকৰ্মীসকলেও বৃদ্ধাগৰাকীৰ জীয়াই থকাৰ ইচ্ছা শক্তিৰ শলাগ লয় ৷ নিজকে কোৱাৰেন্টাইন কৰা, চিকিৎসালয়ত খাদ্যৰ ওপৰতো গুৰুত্ব দিয়াৰ লগতে মহিলাগৰাকীয়ে চিকিৎসালয়লৈ তেওঁক লগ কৰিবলৈ অহা লোকসকলক তেওঁৰ পৰা আঁতৰাই ৰাখে ৷

এঞ্জেলিনা ফ্ৰাইদমেন
এঞ্জেলিনা ফ্ৰাইদমেন

এঞ্জেলিনা ফ্ৰাইদমেন এগৰাকী অতি প্ৰাণময়ী মহিলা ৷ চিকিৎসালয়ত ভৰ্তি হয় থকা অৱস্থাতে চিকিৎসালয় কৰ্মীয়ে তেওঁৰ 101 বছৰীয়া জন্মদিনো উদযাপন কৰা বুলি জানিবলৈ দিয়ে চিকিৎসালয়খনৰ এগৰাকী নাৰ্ছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.