নিউজ ডেস্ক, 9 মাৰ্চ: তিনি দিনিয়া ভ্ৰমণ সূচী লৈ ক’ষ্টাৰীকাত উপস্থিত উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু ৷ এই ভ্ৰমণ কালত দুখনকৈ গুৰুত্বপূৰ্ণ নথি চাক্ষৰ উপ ৰাষ্ট্ৰপতি গৰাকীৰ ৷
চুক্তি দুয়োখনৰ এখন ভিজা ওৱেইভিং আৰু আন খন বায়টেকনলজিৰ ওপৰত ৷ এইৱ কথা উপ ৰাষ্ট্ৰপতি গৰাকীয়ে তেওঁৰ টুইটাৰ যোগে প্ৰকাশ কৰে ৷
চুক্তি দুখন ভেংকায়া নাইডু আৰু ক’ষ্টাৰীকাৰ ৰাষ্ট্ৰপতি কাৰলোচ এলভাৰাডো কেচেডাৰ মাজত বাৰ্তালাপৰ পিছত চাক্ষৰিত হয় ৷
উপ ৰাষ্ট্ৰপতি গৰাকীয়ে দুয়োখন দেশৰ মাজত থকা বুজা বুজিয়ে দুয়োখন দেশৰ সম্পৰ্ক ঐৰু অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে ৷