ETV Bharat / international

কোভিড-19 প্ৰতিৰোধ : ট্ৰাম্পৰ পদক্ষেপে নিৰ্ধাৰণ কৰিব তেওঁৰ ৰাজনৈতিক ভৱিষ্যত - আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে চহকী দেশো অৰ্থনৈতিক সংকটত ভূগিছে

কোভিড-19 প্ৰতিৰোধৰ ক্ষেত্ৰত ট্ৰাম্পৰ পদক্ষেপে নিৰ্ধাৰণ কৰিব তেওঁৰ ৰাজনৈতিক ভৱিষ্যত ৷ ইতিমধ্যে চাকৰি হেৰুৱাইছে বহুসংখ্যক আমেৰিকানে ৷

Will COVID-19 crisis be a litmus test for President Trump
ট্ৰাম্পৰ পদক্ষেপে নিৰ্ধাৰণ কৰিব তেওঁৰ ৰাজনৈতিক ভৱিষ্যত
author img

By

Published : Apr 6, 2020, 11:23 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 6 এপ্ৰিল : কৰ'ণা ভাইৰাছ সৰ্বত্ৰে বিয়পি পৰাৰ লগতে বিশ্বৰ প্ৰায়বোৰ দেশকে জুৰুলা কৰাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে চহকী দেশো অৰ্থনৈতিক সংকটত ভূগিছে ৷ আমেৰিকাৰ মুৰব্বী হিচাপে ড'নাল্ড ট্ৰাম্পে সৰ্বকালৰ ভয়ংকৰ সমস্যাত পৰা পৰিলক্ষিত হৈছে ৷ এই সময়ছোৱাত তেওঁ গ্ৰহণ কৰিবলগা সিদ্ধান্তৰ ওপৰতে তেওঁৰ পুনৰ নিৰ্বাচন, উত্তৰসূৰী আৰু দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰিব ৷

প্ৰায় 1,00,000 আমেৰিকানৰ মৃত্যু হোৱাৰ লগতে বহু মিলিয়ন লোক ইয়াৰ দ্বাৰা প্ৰভাৱান্বিত হোৱাৰ সম্ভাৱনা আছে এই মহামাৰীৰ ফলত ৷ প্ৰায় 10 মিলিয়ন লোকে চাকৰি হেৰুওৱাৰ লগতে অৰ্থনীতিবিদ সকলে মন্তব্য কৰিছে যে, সেই লোকসকলে পুনৰ চাকৰি বিচাৰি পাবলৈ বহু বছৰৰ প্ৰয়োজন হব ৷

এই সমস্যাই ট্ৰাম্পৰ নেতৃত্ব, ৰাজনীতিত তিষ্ঠি থকাৰ তেওঁৰ কৌশল পৰীক্ষা কৰিব ৷ এই মহামাৰীৰ পৰা দেশক কিদৰে উদ্ধাৰ কৰিব পাৰে তাৰ ওপৰতেই তেওঁৰ ৰাজনীতিৰ ভৱিষ্যত নিৰ্ভৰ কৰিব বুলি ড'নাল্ড ট্ৰাম্প অৱগত ৷

উল্লেখ্য যে, আমেৰিকা প্ৰশাসনে আৰু এক মাহৰ বাবে অসুস্থ, বয়সষ্ঠ আৰু ৰোগত আক্ৰান্ত লোকক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.