ETV Bharat / international

২০ জানুৱাৰীৰ অনুষ্ঠানৰ সুৰক্ষা পৰিকল্পনাৰ বিষয়ে বাইডেনক জনালে FBIয়ে - সুৰক্ষা পৰিকল্পনা

অহা ২০ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানৰ সুৰক্ষা পৰিকল্পনাৰ বিষয়ে জ' বাইডেনক অৱগত কৰালে FBI আৰু গোপন সেৱাৰ বিষয়াই । ক্ষমতা নিজৰ হাতলৈ সুচাৰুৰূপে আৰু সুৰক্ষিতভাৱে অহাতো নিশ্চিত কৰিবলৈ বাইডেন-হেৰিছৰ অধীনৰ বিষয়াৰ দলে বিদায়ী ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰশাসনৰ সৈতে সহযোগিতা আগবঢ়াইছে ।

২০ জানুৱাৰীৰ অনুষ্ঠানৰ সুৰক্ষা পৰিকল্পনাৰ বিষয়ে বাইদেনক জনালে FBIই

author img

By

Published : Jan 14, 2021, 2:14 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ জানুৱাৰী : মাৰ্কিন কেপিট'ল হিল আক্ৰমণৰ ঘটনাৰ পিছতে জ' বাইডেনৰ নিৰাপত্তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে । অহা ২০ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানৰ সুৰক্ষা ব্যৱস্থাৰ খতিয়ান লৈছে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিজয়ী জ' বাইডেনে । বাইডেন-হেৰিছৰ অধীনৰ বিষয়াৰ দলে এক বিবৃত্তিযোগে ঘোষণা কৰিছে যে, এতিয়াৰে পৰা FBI আৰু আমেৰিকাৰ গোপন সেৱাৰ বিষয়া আৰু বাইডেনৰ ৰাষ্ট্ৰীয় সুৰক্ষা দলৰ মুখ্য সদস্যসদলে অহা ২০ জানুৱাৰীৰ অনুষ্ঠানৰ সুৰক্ষা পৰিকল্পনাৰ অগ্ৰগতিৰ বিষয়ে বাইডেনক প্ৰতিদিনে জনাব লাগিব । দৈনিক সংক্ষিপ্ত ৰূপত প্ৰস্তুতিৰ বিষয়ে জনাব বিষয়াসকলে ।

বৰ্তমান ক্ষমতা নিজৰ হাতলৈ সুচাৰুৰূপে আৰু সুৰক্ষিতভাৱে অহাতো নিশ্চিত কৰিবলৈ বাইডেন-হেৰিছৰ অধীনৰ বিষয়াৰ দলে বিদায়ী ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰশাসনৰ সৈতে সহযোগিতা আগবঢ়াইছে । দলটোৱে বৰ্তমানৰ প্ৰশাসনৰ পৰা অধিক তথ্য আহৰণ কৰাৰ চেষ্টা কৰিছে যাতে হিংসাত্মক পৰিস্থিতি পুনৰ সৃষ্টি হোৱাত পূৰ্বেই বাধা দিব পৰা যায় আৰু এনে পৰিস্থিতিৰে যুঁজিবলৈ সষ্টম হৈ থাকিব পৰা যায় । নতুন ৰাষ্ট্ৰপতিয়ে দায়িত্বভাৰ যাতে সুচাৰুৰূপে গ্ৰহণ কৰিব পাৰে, তাৰ বাবে বাইডেন-হেৰিছৰ অধীনৰ বিষয়াৰ দল তৎপৰ হৈ পৰিছে ।

লগতে পঢ়ক:নিউম'নিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন আৰ্মেনিয়াৰ ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.