ETV Bharat / international

গালৱান দাবী চীনৰ নতুন কথা নহয় - MIT অধ্যাপক

author img

By

Published : Jul 11, 2020, 8:22 PM IST

ভাৰত-চীন সীমান্ত বিবাদ সম্পৰ্কত ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰে বাৰ্তালাপ কৰে অধ্যাপক এম. টেইলৰ ফ্ৰেবেলে ৷

ভাৰত-চীন সীমান্ত বিবাদ
MIT ৰ অধ্যাপক এম. টেইলৰ ফ্ৰেবেল

গালৱান উপত্যকাক লৈ চীনৰ দাবী কোনো নতুন কথা নহয় ৷ অধ্যাপক এম. টেইলৰ ফ্ৰেবেলে চীনৰ পূৰ্বৰ ভৌগোলিক মেপত উল্লেখ কৰা নিয়ন্ত্ৰণ ৰেখা সম্পৰ্কত মন্তব্য কৰে ৷ মাছাছুচেট ইনষ্টিটিউট অৱ টেকন'লজীৰ আৰ্থাৰ আৰু ৰুথ শ্লনে অধ্যাপক তথা নিৰ্দেশক ফ্ৰেবেলে কয় যে, মেপৰ ওপৰত নিৰ্ভৰ কৰি চীনৰ চৰকাৰৰ সূত্ৰৰ পৰা তেওঁ এই কথা নিশ্চিত কৰিছে যে, গালৱানক লৈ চীনৰ দাবী সদায় নদী অথবা উপকূল অঞ্চলক লৈ হয় আৰু এইবাৰো তাৰ কোনো ব্যতিক্ৰম হোৱা নাই ৷ কিন্তু এইবাৰৰ তুলনাত পূৰ্বৰ দাবীত কিছু পৰিৱৰ্তন আছে ৷ জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰ সৈতে আমেৰিকাৰ পৰা বাৰ্তালাপ কৰি ফ্ৰেবেলে কয় যে, বিষয় সন্দৰ্ভত পূৰ্বৰ স্থিতি পুনৰুদ্ধাৰ কৰিবৰ বাবে দুয়োটা পক্ষই কিছু সিদ্ধান্তত সন্মতি জনাব লাগিব ৷ ভাৰতক সমৰ্থন কৰি আমেৰিকাই প্ৰদান কৰা বিবৃতি সন্দৰ্ভত ফ্ৰেবেলে কয় যে, সীমান্তৰ পৰিস্থিতি আৰু বিঘ্নিত হ'লে আমেৰিকাই কিমান সহায় আগবঢ়াব সেই সম্পৰ্কত কোনো নিশ্চিতি নাই ৷ ভাৰতেও এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব যে, কিমান ঘনিষ্ঠভাৱে ৱাশ্বিংটন ডিচিৰ সৈতে সহযোগিতা কৰে ৷

স্মিতা শৰ্মাৰে এম. টেইলৰ ফ্ৰেবেলৰ বাৰ্তালাপ

চীনৰ বৈদেশিক আৰু প্ৰতিৰক্ষা আঁচনিৰ বিশেষজ্ঞ অধ্যাপক ফ্ৰেব্ৰেল ‘Active Defense: China’s Military Strategy Since 1949’ নামৰ গ্ৰন্থখন লিখি উলিয়াইছিল ৷ চীনৰ সৈতে নিজৰ সমীকৰণ সম্পৰ্কত সংঘাত তথা ভাৰতৰ সৈতে প্ৰতিৰক্ষামূলক সম্পৰ্কত ফ্ৰেবেলে মনত পেলাই দিয়ে যে, বিশ্বৰ যিসমূহ শক্তিশালী দেশৰ সৈতে ৰাছিয়াই সম্পৰ্ক ৰক্ষা কৰি আহিছে সেই দেশসমূহৰ মাজৰ আভ্যন্তৰীণ বিবাদত ৰাছিয়াই নিৰপেক্ষ ভূমিকা পালন কৰিব ৷ অধ্যাপক ফ্ৰেবেলে কয় যে, যিহেতু আমেৰিকাৰ সৈতে চীনৰ সম্পৰ্ক বেয়া হৈ পৰিছে সেয়েহে চীনে ভাৰতৰ সৈতে সম্পৰ্ক অতি বেয়ালৈ যোৱাটো নিবিচাৰে ৷ লগতে তেওঁ সাৱধানো কৰি দিছে যে, অন্যান্য চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু নেপালৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলৈ ভাৰত সাজু হৈ থকা উচিত ৷

প্ৰশ্ন : নিয়ন্ত্ৰণ ৰেখাত ভাৰত আৰু চীনে ধীৰ গতিৰে উদ্বিগ্নতা হ্ৰাস কৰাৰ চেষ্টা কৰিছে ৷ পাংগং এই ক্ষেত্ৰত পৰৱৰ্তী লক্ষ্য হৈ ৰৈছে ৷ দুয়ো দেশৰ ৰাজনৈতিক বাৰ্তালাপ চলিছে ৷ দুয়ো দেশৰে বিশেষ প্ৰতিনিধিয়ে ইতিমধ্যেই আলোচনা কৰিছে ৷ এই সম্পৰ্কত আপুনি কি ভাৱে ?

উত্তৰ : এই বিষয়ত উত্তৰ প্ৰদান কৰাটো সহজ নহয় কিয়নো ভাৰতৰ বিভিন্ন সংবাদ সূত্ৰৰ পৰাহে আমি তথ্যসমূহ লাভ কৰি আহিছো ৷ আনহাতে, কিছুলোকে ছেটেলাইটৰ আলোকচিত্ৰ চাবলৈ সক্ষম হৈছে ৷ এই সম্পৰ্কত জটিলতা বৃদ্ধি পোৱাৰ কাৰণ হৈছে যে, ভাৰতৰ ভূখণ্ডত চীনে প্ৰৱেশ কৰিছে অথবা চীনে ভাবে যে ভাৰতে চীনৰ ভূখণ্ডত অনুপ্ৰৱেশ কৰিছে ৷ পাংগং হ্ৰদ অঞ্চলত Finger 4 আৰু Finger 8 ক লৈ অধিক অস্পষ্টতা আছে ৷ ভাৰতে যদি নিয়ন্ত্ৰণ ৰেখাক Finger 8 ৰ দৃষ্টিৰে চাই তেন্তে চীনে Finger 4 ৰ দৃষ্টিৰে ৷ গালৱান উপত্যকাত ই আৰু জটিল হৈ পৰিছে ৷ ভাৰতে ভাৱে যে, নিয়ন্ত্ৰণ ৰেখা ভাঁজ লোৱা স্থানৰ পৰা দক্ষিণ পূৱত অৱস্থিত আৰু চীনে ভাৱে যে, এই ভাঁজৰ মাজতে নিয়ন্ত্ৰণ ৰেখা আছে ৷ এই অঞ্চলত চীনে অনুপ্ৰৱেশ কৰিছে বুলি ভাৰতে ভাৱে ৷

প্ৰশ্ন : গালৱানত সাৰ্বভৌমত্ব দাবী কৰা চীনৰ সম্পৰ্কত আপোনাৰ দৃষ্টিকোণ কি ? চীনৰ প্ৰাকৃতিক সম্পত্তি মন্ত্ৰণালয়ৰ অধীনত National Platform for Common Geospatial Information Services ৰ পৰা লাভ কৰা মেপ সম্পৰ্কত আপুনি কি ভাৱে ?

উত্তৰ : গালৱান উপত্যকা সম্পৰ্কত চীনে এখন শেহতীয়া মেপ প্ৰকাশ কৰিছে আৰু মই সেইখন চিনাক্ত কৰি উলিয়াইছো ৷ ইয়াৰ ওপৰত ভিত্তি কৰিয়ে চীনে গালৱানৰ দাবী কৰিছে ৷ গালৱান নদীৰ ভাঁজলৈকে প্ৰায় সকলো অঞ্চল চীনে দাবী কৰি আহিছে ৷ গালৱানৰ পূৱৰ পৰা পশ্চিমলৈ পাঁচ কিল'মিটাৰ পথত শিয়ক নদী পোৱা যায় ৷ কিন্তু, চীনে ইয়াৰ উপৰিও সমগ্ৰ গালৱান অঞ্চল দাবী কৰিছে ৷ বৰ্তমানৰ সংঘৰ্ষ হোৱা স্থানৰ পৰা 40 কিল'মিটাৰ দূৰত্বত আছে গালৱানৰ বিভিন্ন অংশ ৷ সেই অঞ্চলতে 1962 চনৰ যুদ্ধৰ সূত্ৰপাত হৈছিল ৷ আৰু আপুনি যদি চাই ধৰিব পাৰিব যে, চীনৰ বিবৃতিত এই নদীৰ মোহনাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে ৷ সেয়েহে যেতিয়াই চীন আৰু ভাৰতে গালৱান উপত্যকাৰ নাম উচ্চাৰণ কৰে মই নিশ্চিত হ'ব নোৱাৰো তেওঁলোকে একে অঞ্চলৰে নাম লৈছে নে ই এক বিভ্ৰান্তিৰ সৃষ্টি কৰে ৷

প্ৰশ্ন : আপুনি ক'ব বিচাৰে নেকি যে, গালৱানক লৈ এয়া চীনৰ নতুন দাবী নহয় আৰু কিছু পৰিমাণে সামৰিক পৰিৱৰ্তন ?

উত্তৰ : চীনৰ দাবীত একো নতুন নাই ৷ তেওঁলোকে এই নদীৰ ভাঁজ পৰ্যন্তই দাবী কৰি আহিছে ৷ কিন্তু, এই অঞ্চলত চীনৰ উপস্থিতিয়ে এক পৃথক প্ৰশ্নৰ উত্থাপন কৰিছে ৷ মই নিশ্চিত হ'ব পৰা নাই যে, চীনে কিমান সঘনে এই দাবী কৰি আহিছে ৷ বহুকেইটা ভাৰতীয় সংবাদ এজেন্সীয়ে এই কথা প্ৰকাশ কৰিছে যে, চীনৰ উপস্থিতি নতুন আৰু চিন্তনীয় ৷ সেয়েহে এই দাবীৰ মাজত প্ৰভেদ উলিয়াব লাগিব যিহেতু এয়া মেপত আঁকি ৰখা হৈছে আৰু ইয়াৰ পৰা এয়া জানিব পাৰি যে, তেওঁলোকৰ দৃষ্টিভংগীত গালৱান উপত্যকা নদীৰ ভাঁজ হোৱা অঞ্চলত শেষ হয় আৰু ইয়াতকৈ বেছি তেওঁলোকে দাবী নকৰে ৷ 6 জুনত প্ৰকাশ কৰা বিবৃতি অনুসৰি, চীনে কয় যে মোহনাৰ দুয়ো পক্ষত দুয়ো দেশে আউটপোষ্ট নিৰ্মাণ কৰিবলৈ সন্মত হৈছে ৷

প্ৰশ্ন : গালৱান সংঘৰ্ষ সম্পৰ্কত সকলো দলৰে আলোচনাৰ পাচত প্ৰধানমন্ত্ৰীৰ মন্তব্য আৰু চীনে ইয়াক নিজৰ স্থিতিক প্ৰমাণ কৰা বুলি ক'বলৈ চেষ্টা কৰাৰ ফলত কিছু অপকাৰ হ'ল নেকি ?

উত্তৰ : নিয়ন্ত্ৰণ ৰেখাত সংঘাত সৃষ্টি হ'লেও আমি ইয়াৰ প্ৰকৃত কাৰণ সন্দৰ্ভত বৰ্তমানেও থিৰাং কৰিব পৰা নাই ৷ ভূখণ্ডৰ সীমা উলংঘা কৰা হৈছে নে নাই সেই সম্পৰ্কতো আপুনি একো ক'ব নোৱাৰে ৷ এই সম্পৰ্কত ৰায় দিবলৈ আপুনি জানিব লাগিব ৰেখাডাল ক'ত আছে ৷ কিন্তু চীনে কেতিয়াও নৈৰ ভাঁজৰ পৰা বেছিকৈ দাবী কৰা নাই ৷ প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পৰা এই সম্পৰ্কত কিছু আভাষ ল'ব পাৰি ৷ Today’s Focus নামৰ এক অনুষ্ঠানত CCTN ত দুদিন পূৰ্বে এক আধা ঘন্টাৰ বাবে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ প্ৰকাশ পাইছিল ৷ তাত তেওঁলোকে বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কত এক ক্লিপ শ্বেয়াৰ কৰিছিল আৰু প্ৰধানমন্ত্ৰী মোডীৰ দৃষ্টিভংগী প্ৰকাশ কৰিছিল ৷ চীনে দাবী কৰাৰ বাহিৰে অন্য স্থানত প্ৰৱেশ কৰা নাই ৷

প্ৰশ্ন : Buffer zone সম্পৰ্কত কিছু বিভ্ৰান্তি আছে - সেয়া সলনি কৰি দিলে ভাৰতে হাৰ মানিবলৈ বাধ্য হ'ব নেকি ?

উত্তৰ : বাতৰিৰ পৰা মই এই কথা জানিব পাৰিছো যে, দুয়ো পক্ষই প্ৰায় 1.5 কিল'মিটাৰ পৰ্যন্ত পিছ হুহুকি যাবলৈ সন্মত হৈছে ৷ কিন্তু কঠিন প্ৰশ্নটো হ'ল যে, তেওঁলোকে ক'ৰ পৰা আঁতৰি গৈছে ৷ তেওঁলোকে ভাৰতৰ দৃষ্টিৰ নিয়ন্ত্ৰণ ৰেখা নে চীনৰ দৃষ্টিৰ নিয়ন্ত্ৰণ ৰেখাৰ পৰা আঁতৰি গৈছে ৷ নিয়ন্ত্ৰণ ৰেখাৰ পৰা ভাৰত আগবাঢ়ি গৈছিল যদি আঁতৰি গৈ ভাল কৰিলে বুলি ভাৰতে ভাবিব পাৰে ৷ কিন্তু buffer zone এক ভাল উপায় ৷ যিহেতু দুয়োপক্ষৰ সৈন্য অধিক কাষ চাপিলে সেয়েহে পূৰ্বে গ্ৰহণ কৰা কিছু সিদ্ধান্তৰ কাৰ্যকৰীকৰণত প্ৰভাৱ পৰিল ৷ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল যে, কোন ক'ত থাকিব ৷ সঠিক তথ্য জানিবলৈ বহু কষ্টকৰ ৷ যিহেতু 3 কিল'মিটাৰ পৰ্যন্ত দুয়ো পক্ষৰে পেট্ৰলিং কৰাত বাধা আৰোপ কৰাৰ ফলত দুয়ো পক্ষৰে কূটনৈতিক আৰু ৰাজনৈতিক পৰ্যায়ত সমস্যাসমূহ সমাধান কৰাৰ অৱকাশ আছে ৷

প্ৰশ্ন : দুয়ো দেশৰ বিশেষ প্ৰতিনিধিয়ে কথা পাতিলেও চীনৰ স্থিতি ভাৰতে তীক্ষ্মভাৱে লক্ষ্য কৰি থাকিব বুলি কোৱাৰ বিপৰীতে চীনে নিজৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰাৰ লগতে গালৱান সংঘৰ্ষৰ বাবে ভাৰতীয় সৈন্যক দোষ জাপি দিয়ে ৷ প্ৰাক্তন ৰাষ্ট্ৰীয় সুৰক্ষা এজেন্সীৰ বিষয়া এছ. এছ. মেননে কয় যে, বিবৃতি সমূহত স্থিতাৱস্থাৰ পুনৰুদ্ধাৰ সম্পৰ্কত কোনো উল্লেখ নাই ৷ এয়া এক চিন্তনীয় বিষয় নেকি আৰু কেনেকৈ এপ্ৰিলৰ পৰা বৰ্তমান পৰ্যন্ত এই সম্পৰ্কত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ?

উত্তৰ : এই স্থিতাৱস্থা কোনোবা দিনো পুনৰুদ্ধাৰ কৰা হ'ব বুলি মোৰ সন্দেহ আছে ৷ এয়া কি আছিল সেই সম্পৰ্কতো আজিলৈকে কোনো শুদ্ধ তথ্য প্ৰদান কৰা হোৱা নাই ৷ পাংগঙত এই কথা প্ৰতিপন্ন হৈছে যে, চীনে Finger 4 স্থায়ীভাৱে হস্তগত কৰিব বিচাৰিছে আৰু আন্তঃগাঁথনি স্থাপন কৰিব বিচাৰিছে ৷ তেন্তে, আন্তঃগাঁথনি আৰু চীনৰ উপস্থিতিয়ে স্থিতাৱস্থা নাইকিয়া কৰিব ৷ চীনে বিবৃতিত শুদ্ধ আৰু ভুল পৰিস্থিতি সম্পৰ্কত উল্লেখ কৰিছে ৷ উন্নয়নৰ বাবে যুটীয়াভাৱে কাম কৰাটো আভুৱা আছিল কিন্তু ইয়াৰ পৰা এই কথা জানিব পাৰি যে, চীনে ভাৰতৰ সৈতে বিবাদক আৰু দীঘলীয়া কৰিব বিচৰা নাই যিহেতু তেওঁলোকৰ সম্পৰ্ক আমেৰিকাৰ সৈতে অতি বেয়াৰ ফালে ঢাল খাইছে ৷

প্ৰশ্ন : আমেৰিকাৰ ৰাজ্যিক সচিব মাইক পম্পিঅ'ই বহুবাৰ ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰৰ সৈতে বাৰ্তালাপ কৰিছে ৷ আমেৰিকাৰ বিবৃতিৰ পৰাও চীনৰ সৈতে বিঘ্নিত সম্পৰ্কৰ বিষয়ে জানিব পাৰি ৷ কিন্তু পৰিস্থিতি আৰু গুৰুতৰ হৈ পৰিলে চীনে কিমান পৰ্যায়লৈ ভাৰতৰ সৈতে থিয় দিব ?

উত্তৰ : চীনৰ সৈতে বিঘ্নিত সম্পৰ্কৰ ফলত ভাৰতক পম্পিঅ'ই সমৰ্থন কৰাত আচৰিত হ'বলগা একো নাই ৷ আচল প্ৰশ্নটো হ'ল ভাৰতৰ সৈতে চীনৰ পৰিস্থিতি আৰু গুৰুতৰ হৈ পৰিলে আমেৰিকাই ভাৰতক সহায় কৰিব নে আমেৰিকাৰ ব্যৱহাৰত পৰিৱৰ্তন হয় এয়া লক্ষণীয় হ'ব ৷ সেই সম্পৰ্কে মই নিশ্চিত নহয়, কিন্তু ভাৰতেই হওঁক বা অন্য দেশেই হওঁক চীনৰ আক্ৰমণাত্মক মনোভাৱ সম্পৰ্কত মন্তব্য আগবঢ়াবলৈ পম্পিঅ'ৰ বাবে সহজ ৷ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰি আমেৰিকাৰ সমৰ্থন সম্পৰ্কত মাপ কৰা হ'ব ৷ প্ৰথমে, সীমান্তত সংঘটিত সংঘৰ্ষৰ পৰিমাণ বৃদ্ধিৰ ওপৰত লক্ষ্য কৰা হ'ব ৷ দ্বিতীয়তে, আমেৰিকাই হস্তক্ষেপ কৰাতো ভাৰতে বিচাৰে নে নাই ? এই ক্ষেত্ৰত ভাৰতে এক কঠিন বিকল্পৰ সন্মুখীন হৈছে ৷ যিহেতু ট্ৰাম্পৰ প্ৰশাসনত আমেৰিকা-চীনৰ সম্পৰ্ক অতি বিঘ্নিত হৈ পৰিছে ৷ সেয়েহে ভাৰতে নিজকে প্ৰশ্ন কৰিব লাগিব যে, চীনৰ বিৰুদ্ধে এনে দৃষ্টিভংগী ৰখা আমেৰিকাৰ অংশীদাৰ হ'ব বিচাৰে নে ভাৰত ? এয়া তেতিয়াহে সম্ভৱপৰ হৈ পৰিব যেতিয়া আমেৰিকাই ভাৰতক অধিক সমৰ্থন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিব ৷ ভাৰতে কি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সম্পৰ্কত বৰ্তমান কোনো সহজ উত্তৰ নাই ৷ কিন্তু এই কথা নিশ্চিত যে, এই সুযোগতে ভাৰত আৰু আমেৰিকাই সম্পৰ্ক অধিক উন্নত কৰি তুলিবলৈ সুবিধা পাব ৷ যিহেতু চীনে এই দুয়োখন দেশলৈ ভাবুকি কঢ়িয়াই আনে সেয়েহে দুয়ো দেশে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ কিছু পৰিমাণে একে ৷

প্ৰশ্ন : Victory Day Parade ত অংশ ল'বৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৰাছিয়ালৈ গৈছিল ৷ ৰাছিয়াৰ পৰা ভাৰতে নতুন অস্ত্ৰ-শস্ত্ৰৰ কাৰণে অনুৰোধ কৰিছে৷ চীনৰ সৈতে ৰাছিয়াৰ উন্নত সম্পৰ্ক থকা বাবে ভাৰত-চীন সংঘৰ্ষকলৈ ৰাছিয়াই কেনে স্থিতি গ্ৰহণ কৰিব সেই সম্পৰ্কত আপুনি কি ভাবে ? ভাৰতৰ S400 ক্ৰয়ৰ ক্ষেত্ৰত CAATSA ৰ অধীনত আমেৰিকাই মঞ্জুৰী দিব নে নাই সেই সম্পৰ্কত সন্দেহ আছে নেকি ?

উত্তৰ : প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়া ভাৰতৰ গুৰুত্বপূৰ্ণ অংশীদাৰ ৷ যিহেতু ভাৰতৰ অধিক সংখ্যক উন্নত আৰু প্ৰযুক্তিবিদ্যা সম্পন্ন যুদ্ধ সামগ্ৰী ৰাছিয়াৰ পৰাই ক্ৰয় কৰা হৈছে ৷ এয়া বায়ু সেনাৰ বাবেই হওঁক অথবা ফাইটাৰ এয়াৰক্ৰাফ্টেই হওঁক ৷ ইয়াৰোপৰি, ভাৰত-চীন সীমান্তৰ বাবেও বহু উপযোগী সামগ্ৰী ৰাছিয়াৰ পৰাই ভাৰতে লাভ কৰিছে ৷ কিন্তু এই ক্ষেত্ৰত ৰাছিয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ ৰাছিয়াত ভাৰতৰ সৈতে চীন আৰু ৰাছিয়াৰ ত্ৰিদেশীয় বৈঠক অনুষ্ঠিত হৈছিল আৰু ৰাছিয়াই এই কথা স্পষ্ট কৰি দিছিল যে, ভাৰত-চীন বিবাদ সম্পৰ্কত ৰাছিয়াই হস্তক্ষেপ কৰিব নিবিচাৰে ৷ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ক চহকী কৰিবৰ বাবে কেৱল ৰাছিয়ান যুদ্ধ সামগ্ৰী ভাৰতক বিক্ৰী কৰিব বিচাৰে দেশখনে ৷ আনহাতে, ৰাছিয়া আৰু চীনে এক গভীৰ সম্পৰ্ক অব্যাহত ৰাখিছে কিয়নো আমেৰিকাক নিয়ন্ত্ৰণ কৰি ৰাখিবৰ বাবে দুই দেশৰ মতৰ মিল আছে ৷ ভাৰত-চীন বিবাদ সম্পৰ্কত ৰাছিয়াৰ কোনো গুৰুত্ব নাই সেয়েহে তেওঁলোকে কোনো ভূমিকা গ্ৰহণ নকৰে ৷ কিন্তু 1962 চনৰ যুদ্ধত চীনে ৰাছিয়াৰ বিৰুদ্ধে আৰোপ লগাইছিল যে, ভাৰতৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়াই চীনক সমৰ্থন কৰিব বিচৰা নাই ৷ ৰাছিয়াই সেই সময়তো নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিছিল ৷ ইতিহাসৰ পৰা এই কথা জানিব পাৰি যে, এছিয়াৰ দুই শক্তিশালী দেশৰ মাজৰ বিবাদ সম্পৰ্কত ৰাছিয়াৰ কোনো গুৰুত্ব নাই যিহেতু দুয়ো দেশৰ সৈতে ৰাছিয়াৰ সম্পৰ্ক বহু ভাল ৷

প্ৰশ্ন : কিন্তু ৰাছিয়াৰ পৰা আৰু অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰিলে আমেৰিকাৰ খং উঠিব নেকি ?

উত্তৰ : প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা কাৰ পৰা লাভ কৰিছে সেয়া অতি গুৰুত্বপূৰ্ণ ৷ ৰাছিয়াৰ পৰা যুদ্ধ সামগ্ৰী ক্ৰয় কৰিলে আমেৰিকাৰ সৈতে ভাৰতৰ গভীৰ সম্পৰ্ক বেয়া হ'ব বুলি মই নাভাবো ৷ কিন্তু এয়া এক জটিল সম্পৰ্ক আৰু আমেৰিকা-ৰাছিয়াৰ সম্পৰ্ক বিঘ্নিত হোৱা বাবে ভাৰতৰ সৈতে সম্পৰ্কতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে৷ আনহাতে, যিসমূহ বিষয়ত ৰাছিয়াই বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই সেই সমূহতহে আমেৰিকা-ভাৰতে সম্পৰ্ক উন্নত কৰিছে ৷ কিন্তু, ভাৰতে বায়ু প্ৰতিৰক্ষা ব্যৱস্থা উন্নত কৰিবলৈ চেষ্টা কৰিলে ৰাছিয়াৰ কাষ চাপিব লাগিব যিহেতু আমেৰিকাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা নাই ৷ আমেৰিকাই প্ৰাকৃতিক ভৌগোলিক অৱস্থিতিৰ বাবে নিজৰ আকাশমাৰ্গ সুৰক্ষিত কৰাৰ কথা চিন্তা কৰিবলগা নহয় ৷ দেশখনৰ দুয়ো দিশত আছে দুখনকৈ সাগৰ আৰু সীমান্তত আমেৰিকাৰ তুলনাত প্ৰতিৰক্ষাৰ দিশত দূৰ্বল দেশ আছে ৷ যেতিয়ালৈকে আমেৰিকাই বুজি পাই যে, ৰাছিয়াৰ পৰা যুদ্ধ সামগ্ৰী ক্ৰয়ৰ জৰিয়তে ভাৰতে চীনৰ বিৰুদ্ধে শক্তিশালী স্থিতিত থাকিব পাৰিব তেতিয়ালৈকে ভাৰতৰ সৈতে আমেৰিকাৰ সম্পৰ্কত কোনো বাধা নাহে ৷

প্ৰশ্ন : বিভিন্ন ব্যাখ্যা আগবঢ়াই এখন ছেটেলাইট আলোকচিত্ৰ ভিত্তিক যুদ্ধ চলি আছে ৷ দুয়ো পক্ষৰ সৈন্য নিয়ন্ত্ৰণ ৰেখাত বাহাল থকা সময়ত এই চিত্ৰসমূহ কিমান চিন্তনীয় বুলি আপুনি ভাৱে ? আনহাতে, চীনে ভাৰতৰ সীমান্তৱৰ্তী অন্য দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক বিঘ্নিত কৰাৰ চেষ্টা চলাইছে ৷ উদাহৰণস্বৰূপে ভূটানৰ পূৱত থকা চেতকাং বনাঞ্চল দাবী কৰা বুলি প্ৰচাৰ চলাইছিল যদিও এয়া ভুৱা বুলি পাচত নিশ্চিত কৰা হ'ল ৷ পৰৱৰ্তী পৰ্যায়ত ভাৰতে চীনৰ বিৰুদ্ধে আৰু সজাগ হোৱা প্ৰয়োজন নেকি ?

উত্তৰ : 1980 চনতে আলোচনা কৰা চেতকাং বনাঞ্চলক লৈ আমেৰিকাই ভাৰত-ভূটানৰ মাজত চীনে সংঘৰ্ষ সৃষ্টি কৰাৰ প্ৰয়াস কৰা যেন নালাগে৷ কিন্তু ব্যাপক ৰণনৈতিক দৃষ্টিকোণৰ পৰা চালে দেখা যায় যে, চীনৰ চিন্তাৰ বিষয় ভাৰত নহয়, আমেৰিকাহে ৷ চীনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত চীন-আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কই বহু অৰিহণা যোগায় ৷ ঐতিহাসিকভাৱে ভাৰতৰ সৈতে চীনৰ সম্পৰ্ক গুৰুত্বপূৰ্ণ যদিও আমেৰিকাতকৈ অধিক নহয় ৷ ইয়াৰ অৰ্থ হৈছে ভাৰতক পশ্চিমীয়া দেশসমূহৰ সৈতে সম্পৰ্ক উন্নত কৰি প্ৰভাৱশালী হোৱাৰ পৰা বাধা দিব বিচাৰে চীনে ৷ চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে এক দীঘলীয়া বক্তব্য দি কৈছিল যে, ইয়াৰ জৰিয়তে চীনে কূটনৈতিক আৰু ৰণনৈতিক দিশত গুৰুত্ব আৰোপ কৰিছে ৷

-স্মিতা শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.