ETV Bharat / international

বিদেনৰ জয়ৰ 90 শতাংশ সুযোগ আছে: কমলা হেৰিছৰ আত্মীয় - ডাঃ জি বালাচন্দ্ৰণ

আমেৰিকাই দেশখনৰ প্ৰথমগৰাকী উপ-মহিলা ৰাষ্ট্ৰপতি হিচাপে কমলা হেৰিছক নিৰ্বাচিত কৰিব নেকি তাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে ৷ চাৰিবছৰ পূৰ্বে আমেৰিকাই হিলাৰী ক্লিণ্টনক নাকচ কৰিছিল যদিও এইবাৰৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছ নিৰ্বাচিত হোৱাৰ বহুখিনি সম্ভাৱনা আছে ৷ কমলা হেৰিছৰ মোমায়েক ডাঃ জি বালাচন্দ্ৰণে ইটিভি ভাৰতৰ আগত কয় যে, বিদেন জয়ী হোৱাৰ 90 শতাংশ সম্ভাৱনা আছে ৷

bidden has 90 percent change of winning kamala harris's uncle etv bharat news
কমলা হেৰিছ
author img

By

Published : Nov 5, 2020, 4:59 PM IST

Updated : Nov 5, 2020, 8:53 PM IST

নিউজ ডেস্ক,5 নৱেম্বৰ: আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে বিদেনৰ জয়ৰ সম্ভাৱনা 90 শতাংশই আছে বুলি দাবী কৰিছে এগৰাকী প্ৰাক্তন সাংবাদিক, শিক্ষক, গৱেষক ডাঃ বালাচন্দ্ৰণে ৷ ডাঃ বালাচন্দ্ৰণ হৈছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি পদৰ মহিলা প্ৰাৰ্থী কমলা হেৰিছৰ মোমায়েক ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চলিত নিৰ্বাচনক লৈ বহুকেইটা কথাই প্ৰকাশ কৰে তেওঁ ৷ 2016ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন বহুকেইটা কাৰণত এক পৃথক নিৰ্বাচন আছিল ৷ ট্ৰাম্পক বহুতেই চিনিকেই নাপাইছিল যদিও দলৰ সমৰ্থনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে তেনে কোনো বিশেষ কাম কৰা নাই আৰু ক’ভিড-19 ৰ বিফলতা ইয়াৰ এক অন্যতম উদাহৰণ ৷

কমলা হেৰিছৰ মোমায়েকৰ পৰিয়ালটো বিশ্বৰ বিভিন্ন প্ৰান্তত আছে যদিও তেওঁলোক সকলোৱে হেৰিছৰ জয়ৰ বাবে প্ৰাৰ্থনা জনাইছে ৷ চেন্নাইস্থিত কমলা হেৰিছৰ মাতৃৰ গাঁওতো স্থানীয়ই কমলা হেৰিছৰ জয়ৰ বাবে বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰিছে ৷ কমলা হেৰিছক এগৰাকী শক্তিশালী ৰাজহুৱা ব্যক্তি বুলি কৈ ডাঃ বালাকৃষ্ণণে কয় যে, হেৰিছ এগৰাকী শক্তিশালী ৰাজনৈতিক নেতা আৰু আমেৰিকাৰ কেলিফৰ্ণিয়া প্ৰদেশৰ এটৰ্ণিং জেনেৰেল আৰু এগৰাকী ছিনেটৰ হিচাপে এই কথাৰ প্ৰমাণ পাব পাৰি ৷ অসামৰিক অধিকাৰ আৰু এফ্ৰো-আমেৰিকান আন্দোলনক লৈ হেৰিছ অধিক সক্ৰিয় আৰু দুবছৰ বয়সৰ পৰাই এই বিষয়ত জ্ঞান লাভ কৰিছিল ৷ সেই সময়ত ভাৰতীয়সকলৰ বাবে এগৰাকী সামাজিক অধিকাৰ কৰ্মী হোৱাটো দুৰুহ কাম আছিল ৷

বালাচন্দ্ৰণৰ কন্যা তথা মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক শ্বাৰদা বালাচন্দ্ৰণ অৰিহুৱেলাক হেৰিছৰ সৈতে তেওঁৰ নিৰ্বাচনী প্ৰচাৰত দেখা পোৱা গৈছিল ৷ ডেম'ক্ৰেটিক দলৰ সমৰ্থন কৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ বালাকৃষ্ণণে কৈছিল যে, তেওঁলোকে মোডী আৰু ট্ৰাম্পক বন্ধু বুলি ভাৱে ৷ তেওঁলোকৰ বহুতেই ট্ৰাম্পক সমৰ্থন কৰিব পাৰে কিন্তু 60-70 শতাংশ এছিয়ান আৰু ইণ্ডিয়ান আমেৰিকানে এতিয়াও ডেম'ক্ৰেটছ দলক সমৰ্থন কৰে ৷

নিজৰ ভতিজীক নিৰ্বাচনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি 90ৰ দশকত যেতিয়া কমলা হেৰিছে জিলা এটৰ্নী হিচাপে নিৰ্বাচিত হৈছিল তাৰ কথা সোঁৱৰে ৷ আজিৰ দিনত আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে হেৰিছে ইতিহাস গঢ়িব বুলি তেওঁ আশাবাদী ৷

লগতে চাওকঃ পেৰিছ জৈৱ বৈচিত্ৰ্য চুক্তিৰ পৰা অব্যাহতি ল'লে আমেৰিকাই

Last Updated : Nov 5, 2020, 8:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.