ETV Bharat / international

এতিয়াৰে পৰা আমাজানত উপলব্ধ ক’ভিড টেষ্ট কিট্​ - US Food and Drug Administration's approval

ই-কমাৰ্চ প্ৰতিষ্ঠান আমাজনে আৰম্ভ কৰিলে ঘৰতে ব্যৱহাৰ কৰিব পৰা ক’ভিড-19 পৰীক্ষা কিট্ ৷ 39.99 ডলাৰ মূল্য সাপেক্ষে আমাজনত উপলব্ধ হৈছে এই পৰীক্ষা কিটটো ৷

Amazon Covid test kit now available online
এতিয়াৰে পৰা ঘৰতে কৰক ক’ভিড পৰীক্ষা
author img

By

Published : Jun 17, 2021, 11:18 AM IST

নেছনেল ডেস্ক, 17 জুন : আগশাৰীৰ ই-কমাৰ্চ প্ৰতিষ্ঠান আমাজনে(leading ecomerce platform amazon) ক’ভিড-19 পৰীক্ষা কিটৰ বিক্ৰী আৰম্ভ কৰিছে । ই-কমাৰ্চ প্লেটফৰ্মটোত পৰীক্ষা কিটটো 39.99 ডলাৰ মূল্য সাপেক্ষে উপলব্ধ হৈছে ৷ দ্য ভাৰ্জ কাকতখনৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছুমান এলেকাত আমাজন প্ৰাইম গ্ৰাহকসকলৰ(amazon prime members) বাবে এদিনীয়া শ্বিপিঙৰ ব্যৱস্থা আছে । পৰীক্ষাটোৰ ফলাফলবোৰ আমাজন ডায়গ্ন’ষ্টিকছ নামৰ এটা ৱেবছাইটত প্ৰদৰ্শিত হ'ব ৷ এই ৱেবচাইটটো মূলতঃ আমাজন কৰ্মচাৰীসকলৰ ব্যৱহাৰৰ বাবে ডিজাইন কৰা হৈছে ।

আমাজনৰ এই ক’ভিড পৰীক্ষাৰ সুবিধা ব্যৱহাৰ কৰিবলৈ কোনো এজন ব্যক্তিয়ে ঘৰতে থাকি নাকৰ পৰা স্বাৱ (swab) ল'ব লাগিব আৰু ইয়াক প্ৰিপেইড শ্বিপিং ৰিটাৰ্ণ লেবেল(prepaid shipping label ) থকা এটা বাকচত ৰাখিব লাগিব আৰু পৰৱৰ্তী সময়ত স্বাববোৰ কেন্দ্ৰীভূত পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ’ব ৷ আমাজনে বিগত মাৰ্চ মাহত ক’ভিড-19 পৰীক্ষা কিটৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনৰ অনুমোদন(US Food and Drug Administration's approval) লাভ কৰিছিল আৰু ইয়াক অনচাইট কৰ্মচাৰী পৰীক্ষা কাৰ্যসূচীৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল।

আমাজনে জিন’মিক্স কোম্পানী(genomics company) ডিএক্সটেৰিটিৰ (DxTerity) দ্বাৰা তৈয়াৰ কৰা এটা ক’ভিড-19 পৰীক্ষা কিট আৰু কুইডেলৰ দ্বাৰা প্ৰস্তুত কৰা এটা 10 মিনিটৰ ৰেপিড পৰীক্ষা কিট (rapid test kit) ক্ৰমে 99 ডলাৰ আৰু 24.95 ত বিক্ৰী কৰে বুলি প্ৰতিবেদনত প্ৰকাশ হৈছে ৷

ঘৰতে ব্যৱহাৰ কৰিব পৰা এই ক’ভিড-19 পৰীক্ষা কিটটো(covid-19 test kit) হৈছে স্বাস্থ্যসেৱা খণ্ডত আমাজনৰ শেহতীয়া সম্প্ৰসাৰণ । মাৰ্চ মাহত কোম্পানীটোৱে ইয়াৰ টেলি হেলথ কাৰ্যসূচীৰ যোগেদি ঘৰতে স্বাস্থ্যসেৱা কাৰ্যসূচী আগবঢ়োৱা আৰম্ভ কৰিছিল ।

ইয়াৰ লগতে আমাজনে ফাৰ্মাচী কাৰ্যসূচীৰ জৰিয়তে ছয় মাহৰ প্ৰেছক্ৰিপশ্বন আগবঢ়াইছে ৷

লগতে পঢ়ক : জন্মদিন পালনৰ ধন সাহায্য পুঁজিলৈ আগবঢ়ালে কণমাণি জাহ্নৱীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.