নিউজ ডেস্ক, 4 আগষ্ট: ৱালমাৰ্ট গণহত্যাৰ 24 ঘন্টা পাৰ নৌহওতেই অহায়োত সংঘটিত হৈছে পুনৰ গুলীবৰ্ষণৰ ঘটনা ৷ দুৰ্বৃত্তৰ গুলীত এই পৰ্যন্ত 9 জন লোকৰ মৃত্যু হোৱাৰ উপৰিও আহত হয় 16 জনকৈ লোক ৷
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু এফ বি আয় দল উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, অনুৰূপ ঘটনা শনিবাৰেও ৱালমাৰ্টত সংঘটিত হৈছিল য'ত 20 জন লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল ৷