নিউজ ডেস্ক, 28 এপ্ৰিলঃ এক তথ্যমতে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ সময়চোৱাত বিশ্বব্যাপী 50.8 মিলিয়ন লোক সংঘৰ্ষ বা আন বিপদৰ বাবে স্থানান্তৰিত হৈছে ।
জেনেভাস্থিত সংস্থা IDMC য়ে প্ৰকাশ কৰা বাৰ্ষিক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে । 45 মিলিয়ন লোক হিংসাৰ বাবেই নিজৰ ঘৰ এৰি আন ঠাইলৈ যাবলগীয়া হৈছে । আনহাতে প্ৰায় 5 মিলিয়ন লোক প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিকম্প বা বানপানীৰ বাবে স্থানান্তৰিত হ'বলগীয়া হৈছে ।
নতুন হিংসাৰ ঘটনা 2019 চনত 33.4 মিলিয়ন পোহৰলৈ আহিছে । এই সংখ্যা 2012 ৰ পাচত সৰ্বাধিক । উল্লেখ্য যে,কৰ'ণা ভাইৰাছ সংক্ৰমণৰ পাচতো এনেধৰণে লোকসকল স্থানন্তৰিত হ'ব লগীয়া হোৱাটো এক বৃহৎ বিফলতা বুলি প্ৰতিবেদন খনত উল্লেখ কৰা হৈছে । ICMC য়ে চিৰিয়াত গৃহযুদ্ধৰ বিষয়টোক গুৰত্ব দিবলৈ পৰামৰ্শ দিছে । আনহাতে কংগো গণৰাজ্য,য়েমেন আৰু আফগানিস্থানৰ বিবাদৰ কথা উল্লেখ কৰা হৈছে প্ৰতিবেদনত ।
আনহাতে প্ৰতিবেদন খনত জলবায়ু পৰিবৰ্তনৰ ওপৰতো সকলোৰে যথেষ্ট কৰণীয় আছে বুলি পৰামৰ্শ প্ৰকাশ পাইছে ।